পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক হেল্পলাইন নম্বৰ মুকলি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, June 11, 2022

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক হেল্পলাইন নম্বৰ মুকলি


পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনিৰ সুবিধাৰ বিষয়ে জানিবলৈ আৰু এই সন্দৰ্ভত ৰাইজৰ কিবা অভিযোগ থাকিলে সেই বিষয়ে জনাবলৈ ৰাইজে বিভাগৰ ৰাজ্যিক হেল্পলাইন নম্বৰ (১৮০০-১২৩-২৩৫৬০০) ত যোগাযোগ কৰিব পাৰিব।

এই হেল্পলাইন নম্বৰটোৱে নিম্নলিখিত সেৱা সমূহ আপোনাক প্ৰদান কৰেঃ

✍️ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়িত প্ৰতিখন আঁচনিৰ বিষয়ে তথ্য লাভ কৰিব পাৰিব।
✍️ আঁচনি সমূহৰ সম্পৰ্কত আপোনাৰ অভিযোগ জনাব পাৰিব আৰু বিভাগে ইয়াৰ দ্ৰুত নিষ্পত্তিকৰণৰ ব্যৱস্থা ল'ব ।
✍️ সুবিধা প্ৰদানৰ ক্ষেত্ৰত কোনো বিষয়া-কৰ্মচাৰীয়ে ধন দাবী কৰিলে, তেনে বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰিব।
✍️ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সৈতে জড়িত আন যিকোনো বিষয় বা অভিযোগ আদি এই হেল্পলাইন নম্বৰৰ যোগে জনাব পাৰিব।

No comments:

Post a Comment

SPONSORED