শ্ৰী বৃন্দাবন আশ্ৰমৰ বটগছত বান্ধি থোৱা গামোছা বজাৰত বিক্ৰী কৰাক লৈ ভক্ত আৰু চোৱাচিতা কৰা ব্যক্তিৰ মাজত বাকবিতণ্ডা৷
সৰভোগৰ
গৰখীয়া দৌললৈ যোৱাৰ সময়ত ভক্তসকলে উক্ত শ্ৰী বৃন্দাবন নামৰ আশ্ৰমৰ বটগছজোপাত
মনৰ আশা পূৰণৰ বাবে প্ৰাৰ্থনা কৰি শ্ৰদ্ধা
ভক্তিৰে
গামোছা বান্ধি থয়৷ পিছত সেই গামোছা পুনৰায় দোকান এখনত বিক্ৰী
কৰে বয়োজেষ্ঠ লোকজনে৷ আশ্ৰমখনৰ সম্পাদক শংখ দাস নামৰ লোকজনৰ নিৰ্দেশত এনেদৰে ভক্তৰ
গামোছা বিক্ৰী কৰা বুলি উল্লেখ কৰে লোকজনে৷ ফলত এনেদৰে বাক বিতণ্ডাৰ সৃষ্টি হোৱা দেখা
যায়৷
উল্লেখ্য যে কালি বাইহাটা চাৰিআলিৰ পৰা সৰভোগৰ গৰখীয়া দৌললৈ যোৱা দহজন ভক্তই শ্ৰী বৃন্দাবন নামৰ আশ্ৰমৰ বটগছজোপাত মনৰ আশা পূৰণৰ বাবে গামোছা বান্ধিছিল৷ তাৰ পাছতে হল এটা নহবলগীয়া কাণ্ড৷
অধিক জানিবলৈ Subscribe কৰক আমাৰ ইউটিউব চেনেল
Click here : Sangbad Prahari Youtube
বাইহাটা
চাৰিআলিৰ পৰা দুলাল ডেকাৰ Report
No comments:
Post a Comment