আজিৰ ৰাশিফল : ৩০ জেঠ (মঙলবাৰ), ১৪ জুন, ২০২২ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 14, 2022

আজিৰ ৰাশিফল : ৩০ জেঠ (মঙলবাৰ), ১৪ জুন, ২০২২

আজিৰ ৰাশিফল : ৩০ জেঠ (মঙলবাৰ), ১৪ জুন, ২০২২
সূর্যোদয় ঘঃ ৪-৩৪-৫৪, সূর্যাস্ত ঘঃ ৬-১০-৩৯ । তির্থি-পূর্ণিমা, দং ৩১-৪৯৩৮ আঘঃ ৫-১৮-৪৫ । নক্ষত্র— জ্যেষ্ঠা, দং ৩৬-৬-১৪ ৰাঘঃ ৭-১-২৪ । জন্ম- বৃশ্চিক ৰাশি, বিপ্লবর্ণ, দেৱাৰিগণ, হৰিণৰ অস্থি, বক্তণযোগ, অ শনি | বিং বুধৰ দশা, ৰাঘঃ ৭-১-২৪ যোৱাত ধনু ৰাশি, ক্ষত্রিয়বর্ণ, মতান্তৰে বৈশ্যবর্ণ, গন্ধর্ব অস্থি, বিং কেতুৰ দশা। ভক্ষাভক্ষ্য— মাছ-মাংস, আঘ ৫| ১৮-৪৫ যোৱাত কোমোৰা খোৱা নিষেধ। হালখতি। পূর্ণিমাৰ উপবাস। শ্রীশ্রীজগন্নাথ দেৱৰ স্নানযাত্রা। (গণনা মতে)


মেষ : মনলৈ আহিলেও যিকোনো কথা নকব। শাৰীৰিক দিশলৈ চকু ৰাখক। শুভ ৰং কমলা। নিশা বগলা মন্দিৰ দৰ্শন কৰক। খং কমাওক। ব্যয়। শুভ সংখ্যা ছয়।

বৃষ : ক্ষোভ-খং-হতাশা কমিব। নিজক বিশ্বাসত লওক। শুভ ৰং গোলাপী। ৰক্তচাপ বাঢ়িব পাৰে। সমাজহিতৈষী চিতা বৃদ্ধি। সম্পদ লাভ। শুভ সংখ্যা পাঁচ।

মিথুন : দায়িত্বপূর্ণ কামত ব্যস্ত থাকি ভাল পাব। শাৰীৰিক আহুকাল দূৰ হ'ব। শুভ ৰং আকাশীনীলা। দাম্পত্যত শুভ। বিজ্ঞানী, শিল্পীৰ সুনাম। শুভ সংখ্যা দুই।

কর্কট : কৰ্মত উৎকন্ঠা কমিব। আনৰ আস্থা লাভ কৰিব। শুভ ৰং কমলা। পৰচর্চা নকৰিব। যান-বাহনত সাৱধান। গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগ। শুভ সংখ্যা আঠ।

সিংহ : বন্ধুৰ সংখ্যা বৃদ্ধি পাব। ধর্মীয় সংযোগ বৃদ্ধি। শুভ ৰং সোণালী। তাত্বিক দৃষ্টিকোণ উন্নত। পৰিৱেশ চম্ভালিব পাৰিব। গুৰু দর্শন। ব্যয়। শুভ সংখ্যা দুই।

কন্যা : কর্মত যোগ্যতা থাকিব। ৰাজনীতিত বিসম্বাদ নকৰিব। শুভ ৰং আকাশী নীলা। যুদ্ধংদেহি মনোভাব পৰিহাৰ কৰক। আলহীৰ আগমন। ভ্ৰমণত কষ্ট। শুভ সংখ্যা পাঁচ।

তুলা : নভাৱে ব্যৱহাৰ প্রৱণতা থাকিব। দুষ্ট লোকক প্রশ্রয় নিদিব। শুভ ৰং গোলাপী। বগলা পূজা কৰিলে সুফল পাব। চুটি ভ্ৰমণৰ যোগ। শুভ সংখ্যা ছয়।

বৃশ্চিক : সাহিত্য-সংস্কৃতি-ক্রীড়াত দক্ষতা বৃদ্ধি। আনৰ সমালোচনালৈ কর্ণপাত নকৰিব। শুভ ৰং কমলা। বজৰংগবলীক স্মৰণ কৰক। চুটি ভ্রমণ। শুভ সংখ্যা দুই।

ধনু : লেখক, গৱেষকৰ উত্তম দিন। আনৰ প্রিয়ভাজন হ'ব পাৰিব। শুভ ৰং মুগা। উৎকণ্ঠা কমাওক শাস্তি পাব। যোগাযোগত উন্নতি। সম্পদ লাভ। শুভ সংখ্যা পাঁচ।

মকৰ : মনলৈ আহিলেও যিকোনো কথা নক’ব। দুর্গম ঠাইত বিস্ক নলব। শুভ ৰং গোলাপী। দৰিদ্ৰক ভোজন দান কৰক। চুটি ভ্রমণ। ব্যয়। শুভ সংখ্যা ছয়।

কুম্ভ : মনৰপৰা অস্থিৰতা আঁতৰিব। আৱেগ বর্জন কৰক। শুভ ৰং আকাশীনীলা। জ্যেষ্ঠ ভাতৃক লৈ চিন্তা। কৃষকৰ যোগাত্মক চিন্তা। অর্থ লাভৰ যোগ। শুভ সংখ্যা পাঁচ। 

মীন : মন প্রফুল্ল। দৃঢ়তাৰে আগুৱাব পাৰিব। শুভ ৰং কমলা। বজৰংগবলীক পূজা কৰক সংকট দূৰ হ'ব। সন্তানক লৈ চিন্তা। মদ নাখাব। ব্যয়। শুভ সংখ্যা দুই।

No comments:

Post a Comment

SPONSORED