সামাজিক মাধ্যমত ষ্টেটাছ দি নিৰুদ্দেশ টীয়কৰ দুই ছাত্ৰী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 13, 2022

সামাজিক মাধ্যমত ষ্টেটাছ দি নিৰুদ্দেশ টীয়কৰ দুই ছাত্ৰী

‘বহু দূৰ যাব মন যায়, অকলে জীয়াই থাকিব মন  যায়, মা-পাপাৰ বোজা হৈ থাকিব নোৱাৰো, কাকো কষ্ট নিদিওঁ, মা পাপাহঁত সদায় সুখী হওক, মই আৰু নাথাকো, বহুত দূৰ গুচি যাম, বহুত মনত পৰিব সকলোকে কিন্তু আহিব নোৱাৰিম! নিজৰ মতে জীয়াই থাকিব শিকিম, নিজে কাম কৰিম কাকো আমনি নিদিম৷’----



 সামাজিক মাধ্যমত এনেদৰে ষ্টেটাছ দি নিৰুদ্দেশ টীয়কৰ দুই শিক্ষাৰ্থী৷ টীয়কৰ মুদৈজান ভৰলুৱা গাঁওৰ কিশোৰী সুস্মিতা বৰা আৰু ৰশ্মি শইকীয়াই শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই টীয়কত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সুস্মিতা বৰাই এই বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱৰ্তীন হোৱাৰ পৰিবৰ্তে ৰশ্মি শইকীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। জানিব পৰা মতে শনিবাৰে দিনৰ ভাগত বিদ্যালয়লৈ যাওঁ বুলি ওলাই আহিছিল দুই কিশোৰী৷ তাৰপিছত ঘৰলৈ ঘূৰি নোযোৱাত পৰিয়ালৰ লোকে বিচাৰ কৰি কোনো শুং সুত্ৰ নোপোৱাত ইতিমধ্যে টীয়ক থানাত এজাহাৰ দাখিল কৰিছে। ঘটনা অনুসৰি নিৰুদেশ হোৱা ছাত্ৰী দুগৰাকীয়ে নিজৰ ফোনৰ পৰা সামাজিক মাধ্যমত এনেদৰে ষ্টেটাছ আপলোক কৰে৷ এনেদৰে অন্তৰ্ধ্যান হোৱাৰ ঘটনাই অধিক ৰহস্য সৃষ্টি কৰিছে।


 টিয়কৰ পৰা স্মৃতি প্ৰিয়া লাহনৰ ৰিপোৰ্ট

No comments:

Post a Comment

SPONSORED