বাক্সা জিলাৰ চূণবাৰীত UPPL ৰ উদ্যোগত শিক্ষা সজাগতা সভা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 13, 2022

বাক্সা জিলাৰ চূণবাৰীত UPPL ৰ উদ্যোগত শিক্ষা সজাগতা সভা

আজি বাক্সা জিলাৰ চূণবাৰীত UPPL ৰ উদ্যোগত এখন শিক্ষা সজাগতা সভা অনুষ্ঠিত হয়৷ 



সজাগতা সভাখনৰ লগত সংগতি ৰাখি ৩০ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ VCDC খনৰ চিয়াৰমেন শাহিনুৰ ইছলামে আঁতধৰা  উক্ত  সম্বৰ্ধনা অনুষ্ঠানটিত সভাপতিত্ব কৰে  উত্তৰ অঞ্চলটোৰ বিশিষ্ট শিক্ষাবিদ ইয়াদ আলী চৰকাৰে৷ সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক তাইজুদ্দিন আহামেদ, শাৰবাৰীৰ TLCC ৰ সভাপতি বিনোদ মুচাহাৰী, ইউ পি এলৰ নেতা হানিফ আলী আহমেদ, সদাগৰ বাদশ্বা, শালবাৰী জিলা UPPL ৰ সভাপতি বিকন গয়াৰী আৰু এবিএমছুৰ নেতা মাইন উদ্দিনকে আদি কৰি অঞ্চলটোৰ বিশিষ্ট লোকসকলে উপস্থিত থাকে৷ উল্লেখ্য যে প্ৰথমবাৰৰ বাবে চূণবাৰীৰ পৰা ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত  সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত গাওঁখনৰ ৰাইজৰ মাজত আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰিছে৷ 


বৰপেটাৰোডৰ পৰা নজৰুল আলী আহমেদৰ ৰিপোৰ্ট

No comments:

Post a Comment

SPONSORED