জামুগুৰিহাট, নৱজিৎ ভুঞাঃ উত্তৰ জামুগুৰি পুষ্পাঞ্জলী যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ ব্যতিক্ৰমী প্ৰদক্ষেপ। অহা ইং ২১ জুন তাৰিখে আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস। যোগ দিৱসৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে শোণিতপুৰৰ উত্তৰ জামুগুৰি পুষ্পাঞ্জলী যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ মহিলাসকল। ৩০ ৰ পৰা ৪৫ বছৰৰ মহিলাও অংশগ্ৰহণ কৰা দেখা যায় উক্ত যোগাসনৰ প্ৰশিক্ষণত। ধলাইবিল নিবাসী প্ৰশিক্ষক লিপিকা বৰঠাকুৰে কয় যে - "যোগাসনৰ জৰিয়তে নিজৰ শৰীৰৰ ৰোগ নিৰাময় কৰাৰ লগতে সুষ্ঠ মানসিকতাৰে প্ৰটিতো দিশত আগুৱাই যাব পাৰিম।" প্ৰশিক্ষক লিপিকাৰ নেতৃত্বত প্ৰায় অৰ্ধশতাধিক মহিলাই এই ব্যতিক্ৰমী যোগ প্ৰশিক্ষণত অংশগ্ৰহণ কৰা দেখা যায়।
Responsive Ads Here
Monday, June 13, 2022

উত্তৰ জামুগুৰিত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে অনুশীলনত ব্যস্ত মহিলা
Tags
# অসম
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment