দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও যে হেঙাৰ হ'ব নোৱাৰে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, June 08, 2022

দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও যে হেঙাৰ হ'ব নোৱাৰে

দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও যে হেঙাৰ হ'ব নোৱাৰে 


 

 সেই কথা পুণৰবাৰ প্ৰমাণ কৰি দেখুৱালে টীয়কৰ কাকজান দ-কুকুৰাচ'ৰা গাঁৱৰ অতি দাৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী হৰিপ্ৰিয়া বৰাই। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জৱাহৰলাল নেহৰু হাইস্কুল পৰা ৫ টা বিষয়ত লেটাৰ নম্বৰ সহ মুঠ ৪৮৪ নম্বৰ লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে হৰিপ্ৰিয়া বৰাই। অসুস্থ পিতৃ মাতৃয়ে দিন হাজিৰা কৰি এই গৰাকী ছাত্রীক অতি কষ্টৰে পঢ়াইছিল। কোনোমতে দুবেলা দুসাজ যোগাৰ কৰাৰ বাদে পঢ়াৰ যাৱতীয় সামগ্ৰী কেইপদো পৰিয়ালে যোগাৰ কৰি দিব পৰা নাছিল ছাত্ৰী গৰাকীক। দৰিদ্ৰ পিতৃ-মাতৃয়ে ছাত্ৰী গৰাকীৰ সফলতাত যেন পাহৰি পেলাইছে সেই সকলো দুখ-কষ্ট। 

ইফালে এই সফলতাৰ পিছত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ বাবে প্ৰয়োজনীয় ধন কেনেকৈ যোগাৰ কৰিব সেইলৈ পুনৰ চিন্তিত হৈ পৰিছে পৰিয়ালটো৷ সেয়ে কোনো সদাশয় দল সংগঠন তথা ব্যক্তি বিশেষৰ লগতে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ সহায়ৰ হাত বিচাৰিছে মেধাবী ছাত্ৰীগৰাকীয়ে।

টীয়কৰ পৰা স্মৃতি প্ৰিয়া লাহনৰ ৰিপোৰ্ট

No comments:

Post a Comment

SPONSORED