কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ অন্তৰ্গত বেজেৰাত সদৌ অসম ভিত্তিত তৃতীয় আন্ত: মহাবিদ্যালয় তর্ক প্রতিযোগিতা আয়োজন কৰা হৈছে। এখন সমাজৰ সঠিক বৌদ্ধিক চিন্তা-চর্চা জাতি এটাৰ প্ৰগতিৰ মাপকাঠি৷ সীমাৰ পৰিধি ভাঙি অসমীয়া সমাজ, ভাষা , সাহিত্য, সংস্কৃতি আজি বিশ্বৰ জনমানসত এক সোনোৱালী দিশত আগবাঢ়ি যাওক এনে এক লক্ষ্য আৰু উদ্দেশ্যৰে 'ৰামধেনু' গোষ্ঠীৰ উদ্যোগত এইবেলি শনিবাৰে বেজেৰাত বৰবংশৰ ৰাজহুৱা পেক্ষাগৃহত বিশিষ্ট সাহিত্যিক, অনুবাদক, গীতিকাৰ প্রয়াত কৈলাশ নাথ শৰ্মাৰ পৱিত্র সোৱৰণত সদৌ অসম ভিত্তিত তৃতীয় আন্ত: মহাবিদ্যালয় এই তর্ক প্রতিযোগিতাখন আয়োজিত কৰা হৈছে। এই অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ সভানেত্ৰী তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱী উপস্থিত থাকি এই তর্ক প্রতিযোগিতাখনৰ শুভাৰম্ভণি কৰে৷ লগতে এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্রাণজিৎ ডেকা আৰু বেজেৰা মণ্ডল সভাপতি দিলীপ ডেকা আৰু সমাজসেৱিকা উর্বশী চৌধুৰী।
বাইহাটা চাৰিআলিৰ পৰা দুলাল ডেকাৰ ৰিপৰ্ট, সংবাদ প্ৰহৰী।
No comments:
Post a Comment