টি-২০ বিশ্বকাপত জয়ৰে আভিযান আৰম্ভ ভাৰতৰ || India vs Pakistan world cup 2022 - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 23, 2022

টি-২০ বিশ্বকাপত জয়ৰে আভিযান আৰম্ভ ভাৰতৰ || India vs Pakistan world cup 2022


আজি মেলবৰ্ণত অনুষ্ঠিত আই চি চি টি-২০ বিশ্বকাপৰ চুপাৰ-১২-ৰ এক উত্তেজনাপূৰ্ণ মেচত ভাৰতে পাকিস্তানক ৪ উইকেটত পৰাস্ত কৰি এক ৰোমাঞ্চকৰ জয়লাভ কৰে। ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে টছত জয়লাভ কৰি পাকিস্তানক প্ৰথমে বেট ধৰিবলৈ দিয়াত বাবৰ আজম নেতৃত্বাধীন পাকিস্তানৰ দলটোৱে ৮ টা উইকেটৰ বিনিময়ত ১৫৯ ৰাণ সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ শ্বাহ মাচুদ আৰু ইফটিখাৰ আহমেদে অৰ্ধ শতক অৰ্জন কৰে। ১৬০ ৰাণৰ লক্ষ্য লৈ বেটিঙত নমা ভাৰতীয় দলটোৱে মাত্ৰ ৭ অভাৰতে ৩৩ ৰাণ সংগ্ৰহ কৰি ৪ টা গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই চাপৰ সন্মুখীন হৈছিল যদিও বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়াৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বলত ভাৰতে পাকিস্তানৰ বলাৰক এক প্ৰকাৰ ধৰাশায়ী কৰি তোলে। ইয়াৰ লগে লগে দলটোৱে যোৱা বছৰ বিশ্বকাপত ১০ টা উইকেট হেৰুৱাৰ প্ৰতিশোধো ল'বলৈ সক্ষম হয়।

উল্লেখযোগ্য যে পাকিস্তানে প্ৰথম ইনিংছত বান্ধি দিয়া ১৬০ ৰাণৰ লক্ষ্য লৈ ভাৰতে প্রথমৰে পৰা উজুটি খাব ধৰিছিল। ৬ অভাৰত মাত্ৰ ৩১ ৰাণতে হেৰুৱাইছিল ৪ টাকৈ উইকেট। ব্যৰ্থ হয় অধিনায়ক ৰোহিত, কেএল ৰাহুল, অক্ষৰ পেটেল। আশানুৰূপ প্ৰদৰ্শন আগবঢ়োৱা নোৱাৰিলে সূৰ্যকুমাৰ যাদৱেও।

কিন্তু তাচপাতৰ দৰে খহি পৰা ভাৰতৰ বেটিং ক্ৰমক ভাৰসাম্য অৱস্থালৈ আনে বিৰাট কোহলীয়ে। প্ৰথমে ধীৰে-সুস্থিৰে নিজৰ ইনিংছ আৰম্ভ কৰা কোহলীয়ে অৰ্ধশতকৰ ওচৰ চপাৰ লগে লগে মাৰমুখী ৰূপ লয়। মেচখনত বিৰাট কোহলীয়ে ৫৩ টা বলত ৮২ ৰাণ কৰে। ভাৰতৰ ইনিংছক ভাৰসাম্য দিয়াৰ ক্ষেত্ৰত কোহলীক সহযোগ আগবঢ়ায় হাৰ্ডিক পাণ্ডিয়াই। পাণ্ডিয়াই ৩৭টা বলত ৪০ ৰাণ কৰে। কিন্তু ডেথ অভাৰ কেইটাত মাৰমুখি বেটিং শৈলী প্ৰদৰ্শন কৰিবলৈ সম্যৰ্থ নহ’ল পাণ্ডিয়া। শেষৰ অভাৰত ভাৰতক প্ৰয়োজন হয় ১৫ ৰাণৰ। কিন্তু মেহমুদ নাৱাজে দিয়া ডে’থ অভাৰটোৰ প্ৰথম বলতে পাণ্ডিয়া আউট হয়।

ক্ৰমশঃ শ্বাহৰুদ্ধকৰ হৈ পৰা মেচখনত পাণ্ডিয়াৰ পাছত আহে দীনেশ কাৰ্তিক। কিন্তু দীনেশ কাৰ্তিকেও নাৱাজৰ বলত ডাঙৰ শ্বট খেলিবলৈ সক্ষম নহ’ল। কিন্তু অভাৰটোৰ ৩ নম্বৰ বলটোৰ পৰা খেলখন ভাৰতৰ পক্ষলৈ আহে। ৩ নম্বৰ বলটো ন ব’ল হয়। ন ব’লটোত কোহলীয়ে এটা তীব্ৰ ছিক্স মাৰে। ফলত শেষৰ অভাৰৰ তিনিটা বলত ভাৰতক প্ৰয়োজন হয় ছয় ৰাণৰ। তদুপৰি কোহলীয়ে পায় এটা ফ্ৰী হিট। ফ্ৰী হিট বলটোত নাৱাজে কোহলীক ক্লীন ব’ল্ড কৰে কিন্তু ফ্ৰী হিট বাবে কোহলী আউট নহ’ল। ষ্টাম্প ভাঙি বলটো থাৰ্ড মেনৰ ফালে যায়। হতভম্ব হৈ পৰে পাকিস্তানৰ ফিল্ডাৰসকল। সুযোগতে ৩ ৰাণ সংগ্ৰহ কৰে দীনেশ কাৰ্তিক আৰু কোহলীয়ে। শেষৰ দুটা বলত ভাৰতক প্ৰয়োজন হয় দুই ৰাণৰ। কিন্তু পঞ্চমটো বলত দীনেশ কাৰ্তিকক পাকিস্তানৰ উইকেট কীপাৰ মহম্মদ ৰিঝৱানে ৰাণ আউট কৰে। ফলত মেচখন অধিক শ্বাহৰুদ্ধকৰ হৈ পৰে। এটা বলত প্ৰয়োজন হয় দুই ৰাণৰ। দীনেশ কাৰ্তিকৰ পাছত ক্ৰিজলৈ আহে অশ্বিন। সকলোৱে ভাবিছিল যে হয় অশ্বিনে ডাঙৰ শ্বট খেলিব অন্যথা এক ৰাণ লৈ মেচখনক ছুপাৰ অভাৰৰ পৰ্যায়লৈ নিব। কিন্তু পুনৰ নাৱাজে এটা ৱাইড ব’ল দিয়ে। ফলত মেচখন ড্ৰ হয়। এটা বলত প্ৰয়োজন হয় এক ৰাণৰ। ক্ৰিজত অশ্বিন। নিৰাশ নকৰিলে অশ্বিনে। শেষৰটো বলত অশ্বিনে মিড অফৰ ফালে বলটো পঠাই এক ৰাণ লোৱাৰ লগে লগে চাৰি উইকেটত বিজয় সাব্যস্ত কৰে ভাৰতে।

উল্লেখ্য যে মেলব’ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত হোৱা মেচখনত প্ৰথম ইনিংছত পাকিস্তানে আঠ উইকেটত সংগ্ৰহ কৰিছিল ১৬০ ৰাণ। আৰম্ভণিৰে পৰা বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱা পাকিস্তানৰ বেটাৰৰ ওপৰত ত্ৰাসৰ সৃষ্টি কৰে ভাৰতৰ ফাষ্ট বলাৰ অৰ্শদ্বীপ সিং আৰু হাৰ্দিক পাণ্ডিয়া। দুয়ো তিনিটাকৈ উইকেট লাভ কৰে। ভুৱনেশ্বৰ কুমাৰ আৰু মহম্মদ ছামীয়েও সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়।

পাকিস্তানৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে ছান মাছুদ আৰু ইফটিকাৰ আহমেদে। মিডল অৰ্ডাৰত সুন্দৰ পাৰ্টনাৰশ্বিপ গঢ়ি তোলা বেটাৰদ্বয়ে তৃতীয় উইকেটৰ যুটিত সংগ্ৰহ কৰে ৭৬ ৰাণ। ছান মাছুদে ৪২ টা বলত কৰে ৫২ ৰাণ আৰু ইফটিকাৰ আহমেদে ৩৪টা বলত কৰে ৫১ ৰাণ। এওঁলোকৰ বাদে শীৰ্ষক্ৰমৰ সকলো বেটছমেন ব্যৰ্থ হয়। বাবৰ আজমে প্ৰথম বলটোতে আউট হয়। ব্যৰ্থ হয় ৰিঝৱান, আছিফ আলি। শেহৰফালে শ্বাহিন শ্বাহ আফ্ৰিডিয়ে ৮টা বলত ১৬ ৰাণ সংগ্ৰহ কৰে।

মেচখনত বিজয় সাব্যস্ত কৰাৰ পাছতে টীম ইণ্ডিয়াৰ সমূহ খেলুৱৈয়ে বিৰাট কোহলীক অভিবাদন জনায়। কেৰিয়াৰৰ অন্যতম সৰ্বোৎকৃষ্ট ইনিংছ খেলা কোহলীক প্ৰদান কৰা মেন অৱ দ্যা মেচ। মেচৰ শেষত কোহলী আৱেগিক হৈ পৰে। কয় যে তেওঁ ভাষাহীন হৈ পৰিছে। দুৰ্দমনীয় প্ৰদৰ্শনেৰে দলক বিজয়ী কৰোৱাৰ মুহূৰ্তটোক কোহলীয়ে তেওঁৰ জীৱনৰ বিশেষ মুহূৰ্ত বুলি অভিহিত কৰে।
ইপিনে পাকিস্তানৰ বিৰুদ্ধে জয়ৰ নায়ক বিৰাট কোহলীৰ বাবে আৱেগিক হৈ পৰিল তেওঁৰ পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মাই। ইনষ্টাগ্ৰামত টিভিৰ পৰ্দাত কোহলীয়ে বিজয়োল্লাস কৰি থকাৰ এখনি ফটো প’ষ্ট কৰি অনুষ্কাই এটা দীঘল কেপচন লিখিছে। অনুষ্কাই লিখে যে দিৱালীৰ প্ৰাকক্ষণত কোহলীয়ে দেশবাসীলৈ ব্যাপক আনন্দ কঢ়িয়াই আনিলে। “মই এইমাত্ৰ মোৰ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ খেলখন উপভোগ কৰিলো।”- এইক্ষেত্ৰত তেওঁ শেহতীয়াকৈ কোহলীয়ে কেৰিয়াৰৰ সংকটৰ সন্মুখীন হোৱা দিনবোৰো মনত পেলায়। অনুষ্কাই কয় যে কেৰিয়াৰৰ বেয়া দিনবোৰ পাৰ কৰি কোহলী এতিয়া অধিক শক্তিশালী আৰু পুৰঠ হৈ পৰিছে। এইক্ষেত্ৰত তেওঁ কোহলীৰ উৎসাহ-মনোবল-আত্মবিশ্বাসক প্ৰশংসা কৰে।

অন্যহাতে দেশৰ আন আন প্ৰান্তৰ লগতে টি ২০ বিশ্বকাপ ক্ৰিকেটত ভাৰতে পাকিস্তানক ৪ উইকেটত পৰাস্ত কৰাৰ পিছতেই আৱতৰীয়া দিপাৱলী দেখিবলৈ পোৱা গ'ল ধুবুৰীৰ চাপৰত। ক্ৰিকেট প্ৰেমী সকলে আনন্দত আত্মহাৰা হৈ ফুটকা ফুটাই এনেদৰে আনন্দ উৎল্লাস কৰা দেখা গ'ল।

No comments:

Post a Comment

SPONSORED