বাইহাটা চাৰিআলিৰ অন্তৰ্গত পাতিদৰং মহাজানপাৰা পলাশৰতল, শ্রীমন্ত শংকদেব সঙঘৰ ৭৭ তম বার্ষিক অবিবেশনৰ লগতে হীৰক জয়ন্তী উদযাপন কৰা হয়৷ শ্ৰীমন্ত শংকৰদেৱ আবির্ভাব মহোৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন কার্য্যসুচী ৰূপায়ন কৰাৰ লগতে ভাগৱত শোভাযাত্রা ৰূপায়ন কৰে। এই শোভাযাত্রাত বিভিন্ন জাতি-ধর্মৰ লোকে অংশগ্ৰহণ কৰি কৃর্তন ঘোষা, নাম, জিকিৰ জাৰী পৰিবেশন কৰে। শোভাযাত্রাত সময়ত নামঘৰ প্ৰাংগনত শংকৰদেৱ-মাধৱদেৱৰ নাম ঘোষাৰে মূখৰিত হৈ পৰে। সভাপতি শান্ত ৰাজবংশী আৰু উপ সভাপতি নৰেন ৰাজবংশীৰ তত্ত্বাবধানত এই অনুষ্ঠান আয়োজিত কৰা হৈছে। এই অনুষ্ঠানৰ মূখ্য পৃষ্ঠ পোষকদ্বয় কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া বুলি জনায় সভাপতিয়ে৷
বাইহাটা চাৰিআলিৰ পৰা দুলাল ডেকাৰ ৰিপোৰ্ট , সংবাদ প্ৰহৰী
No comments:
Post a Comment