মুকালমুৱাৰ বৰতলাত লক্ষ্মী পূজা উপলক্ষে নিশা পৰম্পৰাগত পুতলা নাচ প্ৰদৰ্শন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, October 12, 2022

মুকালমুৱাৰ বৰতলাত লক্ষ্মী পূজা উপলক্ষে নিশা পৰম্পৰাগত পুতলা নাচ প্ৰদৰ্শন


মুকালমুৱাৰ বৰতলাত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল লক্ষ্মী পূজাৰ। এইবেলি ৮০ তম বৰ্ষত ভৰি দিয়া বৰতলাৰ লক্ষ্মী পূজাৰ তৃতীয় দিনাৰ নিশা প্ৰদৰ্শন কৰে পৰম্পৰাগত পুতলা নাচ। বৰতলাৰ লক্ষ্মী পূজা উপলক্ষে আয়োজন কৰে নটৰাজ পুতলা থিয়েটাৰৰ পুতলা নাচ প্ৰদৰ্শন। নিশা পুতলা নাচ চাবলৈ অঞ্চলটোৰ অসংখ্য দৰ্শকৰ সমাগম হয়। উল্লেখযোগ্য যে অসমীয়া সংস্কৃতি তথা শংকৰী যুগৰো আগৰ প্ৰথম নাট্য সাহিত্য পুতলা নাচ আধুনিকতাৰ প্ৰকোপত ক্ৰমাত হেৰাই যোৱাৰ উপক্ৰম হৈছে। সেয়েহে বৰতলা লক্ষ্মী পূজা উদযাপন সমিতিয়ে পুতলা নাচক জীয়াই ৰখাৰ স্বাৰ্থত লক্ষ্মী পূজা উপলক্ষে তৃতীয় দিনাৰ নিশা পুতলা নাচ প্ৰদৰ্শন কৰে।

মুকালমুৱাৰ পৰা ছাদিকুৰ ৰহমানৰ ৰিপোৰ্ট, সংবাদ প্ৰহৰী

No comments:

Post a Comment

SPONSORED