বেজেৰা মিনি ষ্টেডিয়ামত প্ৰীতি ফুটবল খেল | Football in Bezera Mini Stadium - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 12, 2022

বেজেৰা মিনি ষ্টেডিয়ামত প্ৰীতি ফুটবল খেল | Football in Bezera Mini Stadium


হৰদত্ত - বীৰদত্ত ক্ৰিড়া সংঘৰ উদ্যোগত বেজেৰা কেন্দ্ৰীয় যুৱক সংঘৰ সহযোগত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় মিনি ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হল পঞ্চম বার্ষিক চি. এম. চেম্পিয়নচীপ ট্ৰফী ৷ আমন্ত্রণমূলক প্রাইজমানি ফুটবল প্রতিযোগিতাৰ চতুর্থ কোৱাটাৰ ফাইনেল ৷ এই খেলখন উদ্ধোধন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে লগতে উপস্থিত থাকে তেওঁৰ ব্যক্তিগত সহায়ক প্রাণজিৎ ডেকা ৷ লগতে এই খেলখনত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ৷ এই খেলখন ফেৰেংগা ফুটবল ক্লাব (চিৰাং)আৰু বর্ণিহাত ফুটবল ক্লাৱ (মেঘালয়) ৰ মাজত অনুষ্ঠিত হয় ৷ এই খেল পৰিচালনাৰ মুখ্য সভাপতি দিলীপ ডেকা আৰু পৰিচালনাৰ সম্পাদক ধ্রুৱ জ্যোতি বৰুৱা ৷ এই প্রাইজমানি ফুটবল খেলখন ফেৰেংগা ফুটবল ক্লাব ( চিৰাঙে ) 4-1 গলত জয়ী হয়।

বাইহাটা চাৰিআলিৰ পৰা দুলাল ডেকাৰ ৰিপোৰ্ট, সংবাদ প্ৰহৰী ।

No comments:

Post a Comment

SPONSORED