ঘৃণা বিয়পোৱা প্ৰৰোচনামূলক ভাষণসমূহ ভাৰতীয় সংবিধানবিৰুদ্ধ। ঘৃণা বিয়পোৱা হিংসাত্মক ভাষণ দিয়া নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব উচ্চতম ন্যায়ালয়ে দেশৰ ৰাজনৈতিক নেতাসকলে হিংসাৰ প্ৰতি উদ্গনি যোগোৱা প্ৰৰোচনামূলক ভাষণসমূহৰ বিৰুদ্ধে দাখিল কৰা এখন আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ ভাষ্য আগবঢ়াইছে।
উচ্চতম ন্যায়ালয়ে কয় যে এইসমূহ ভাৰতীয় সংবিধান অৱমাননা কৰিছে। এইসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো অতি আৱশ্যক। আবেদনখনত অভিযোগকাৰীয়ে হিংসাত্মক উচটনি যোগোৱা নেতাসকলৰ প্ৰতি কোনো আইনী ব্যৱস্থা লোৱা নহয় বুলি উল্লেখ কৰিছিল। কোৱা হৈছিল যে ভাৰতীয় সংবিধানত এইসমূহৰ বিৰুদ্ধে কেইবাটাও ধাৰা আছে যদিও এইসমূহ কাৰ্যকৰী কৰা হোৱা নাই।
উচ্চতম ন্যায়ালয়ে আবেদনখনৰ শুনানিত কয় যে এতিয়া একৈশ শতিকা। এই একৈশ শতিকাতো ধৰ্মৰ নামত হিংসা চলি আছে। ধৰ্মনিৰপক্ষেক্ষ এখন দেশৰ বাবে ই অত্যন্ত আশ্বৰ্যজনক। এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে দেশৰ সংবিধানক সুৱৰি কয় যে সংবিধানে ভাৰতক এখন কল্যাণকামী ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে সকলোকে স্বাধীনতা প্ৰদান কৰিছে। দেশৰ অখণ্ডতাকো সংবিধানে এইদৰেই ব্যাখ্যা কৰিছে। তদুপৰি, শুনানিত ন্যায়ালয়ে ঘৃণা বিয়পোৱা নেতা তথা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ’ব বুলি ঘোষণা কৰে। ইয়াৰ দ্বাৰা দেশৰ সংবিধানক সুৰক্ষিত কৰিব পৰা যাব।
অৱশ্যে উচ্চতম ন্যায়ালয়ৰ এনে শুনানিয়ে যে হিংসাত্মক ভাষণেৰে সমাজ অস্তিৰ কৰা ৰাজনৈতিক নেতাসকলৰ মূখত লেকাম লাগিল, সেয়া নিশ্চিত।
No comments:
Post a Comment