👉 নামখলালৈ গৌৰৱ কঢ়িয়াই আনিলে ডিম্পি বৰুৱাই৷
👉দৰং আৰু ওদালগুৰি জিলাৰ সিমান্তৱৰ্তী গাওঁ বাহমোলা৷
👉অতি পিচপৰা তথা অনগ্ৰসৰতা গাওঁখনত নেথাকে মোবাইলৰ নেট৷
👉 বাহমোল্লা গাওত যেন গাওবাসীৰ বিশেষ দিপাৱলী উদযাপন৷
👉 আজি ঘোষণা কৰা অসম লোকসেৱা আয়োগৰ অন্তৰ্গত অসম আৰক্ষী সেৱাৰ ৫৭ সংখ্যক স্থানত উৰ্ত্তীৰ্ণ হৈ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে ডিম্পিয়ে৷
👉 ওদালগুৰি জিলাৰ বাহমোল্লা গাৱৰ ধীৰেন বৰুৱা আৰু জিতুমণি বৰুৱাৰ একমাত্ৰ কন্যা ডিম্পি৷
👉তেওঁৰ এই সাফল্যত গাওঁবাসী আজি উৎফুল্লিত৷
👉 এই সাফল্যত পামুৱেইপাৰা যুৱমঞ্চ,নহৰুজ্যোতি সংঘ,নামখলা আদৰ্শ জাতীয় বিদ্যালয়, নামখলা প্ৰেছ ক্লাৱ, নামখলা আঞ্চলিক ছাত্ৰ সন্থা,ৰামধেনু সাহিত্য চক্ৰ, নামখলা চ’ক ব্যৱসায়ী সন্থাকে ধৰি স্থানীয় বিভিন্ন দল সংগঠনে ডিম্পি বৰুৱাক শুভেচ্ছা জ্ঞাপন কৰে৷
👉 উল্লেখনীয় যে একে গাওৰে কাৰ্তিক কলিতাই ২০১৩ চনত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ গাওবাসীক গৌৰৱাম্বিত কৰিছিল৷
দৰঙৰ পৰা যীচু নন্দন কলিতাৰ ৰিপৰ্ট, সংবাদ প্ৰহৰী।
No comments:
Post a Comment