তাজমহলত আছিল নেকি শিৱৰ মন্দিৰ? Tajmahal Vs Shiv Mandir || Supreme Court of India - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 21, 2022

তাজমহলত আছিল নেকি শিৱৰ মন্দিৰ? Tajmahal Vs Shiv Mandir || Supreme Court of India


- তাজমহলত আছিল নেকি শিৱৰ মন্দিৰ?
- উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে বিজেপি নেতাৰ আবেদন

তাজমহলৰ বিষয়ে আদালতত উত্থাপন কৰা এখনি চৰ্চিত আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে৷ শুকুৰবাৰে ন্যায়ালয়ে আবেদনখনক পাব্লিচিটি ইণ্টাৰেষ্টৰ বাবে কৰা বুলি আখ্যা দিয়ে৷ আবেদনখনি আছিল তাজমহলৰ ইতিহাস সম্পৰ্কীয়৷ আবেদনখত তাজমহলত নোখোলাকৈ ৰখা ২২টাকৈ কোঠালিৰ সম্ভেদ বিচৰা হৈছিল৷

উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টিৰ অযোধ্যা শাখাৰ মিডিয়া-ইন-চাৰ্জ ৰাজনীশ সিঙে এলাহাবাদ উচ্চ ন্যায়ালয়ত উক্ত আবেদনখনি দাখিল কৰিছিল৷ যোৱা ১২ মে’ত এলাহাবাদ উচ্চ ন্যায়ালয়েও আবেদনখনি খাৰিজ কৰে৷ তাৰ পাছতে বিষয়টো গৈ উচ্চতম ন্যায়ালয় পায়গৈ৷ ন্যায়াধীশ এম আৰ শ্বাহ আৰু এম এম চুন্দ্ৰেশৰ গঠিত এখন বিচাৰপীঠে আবেদনখনি খাৰিজ কৰিছে৷ আবেদনখনক পাব্লিচিটি ইন্টাৰেষ্ট জনিত বুলি কৈ বিচাৰপীঠখনে কয় যে ইয়াক খাৰিজ কৰাত উচ্চতম ন্যায়ালয়ৰ কোনো ভ্ৰান্তি হোৱা নাই৷

উল্লেখ্য যে ভাৰত চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ দ্বাৰা সুৰক্ষিত তাজমহলক কেন্দ্ৰ কৰি যোৱা কিছুদিন ধৰি সোঁপন্থী হিন্দু সংগঠনসমূহে বিতৰ্কৰ সূত্ৰপাত কৰি আহিছে৷ তেওঁলোকে দাবী কৰে যে মোগলে তাজমহল নিৰ্মাণ কৰাৰ আগলৈকে উক্ত ঠাইখিনিত এটা শিৱ মন্দিৰ আছিল৷ মন কৰিবলগীয়া যে সোঁপন্থী হিন্দু সংগঠনসমূহেৰ এনে নাভুত নাস্ৰুত কাণ্ডক লৈ দেশৰ সচেতন মহলক চিন্তিত কৰি তুলিছে।

No comments:

Post a Comment

SPONSORED