বিজয়া দশমী- অন্ত পৰিল উছাহ-উদ্দীপনা | Vijaya Dashami | Assam | Durga Puja - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 5, 2022

বিজয়া দশমী- অন্ত পৰিল উছাহ-উদ্দীপনা | Vijaya Dashami | Assam | Durga Puja


আজি দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো বিসৰ্জন দিয়া হয় দেৱী দুৰ্গাৰ প্ৰতিমা। ভক্তগণে অশ্ৰুসিক্ত নয়ণেৰে বিদায় দিয়ে মা দুৰ্গাক। সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে প্ৰতিমা বিসৰ্জন দি এবছৰলৈ মা দুৰ্গাক বিদায় দিয়া হয়।

ধুবুৰী জিলাৰ চাপৰতো ষষ্ঠীৰ বেদীত দেৱী দূর্গাক প্ৰতিষ্ঠা কৰাৰ পাছত যোৱা চাৰিদিন ধৰি দেৱী বন্দনাৰে মুখৰিত হৈ আছিল সমগ্ৰ চাপৰ, বহলপুৰ অঞ্চল। বিজয়া দশমী উপলক্ষে চাপৰত এইবাৰ প্ৰশাসনৰ নীতি নিৰ্দেশনা অনুসৰি প্ৰতিবাৰৰ দৰে এইবাৰো বহলপুৰৰ চম্পাৱতী নদীত নৌকাত মাৰ প্ৰতিমূৰ্তি উঠাই সাত পাক প্ৰদক্ষিণ কৰি বিৰ্সজন দিয়ে মা দেৱী দুৰ্গাক। যত সমাগম হয় হাজাৰ হাজাৰ লোকৰ।

ইপিনে বাক্সাৰ কালপানীতো হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত মা দুৰ্গা দেৱীক দিয় হয় বিসৰ্জন। সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা অনুসৰি বিসৰ্জন দিয়া হ'ল মা দেৱী দুৰ্গাক। হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিত প্ৰায় দুই কিলোমিটাৰ পদযাত্ৰাৰ শেষত কালপানী নদীত প্ৰসাশনৰ সহযোগত শান্তিপূৰ্ণ ভাবে মা দুৰ্গাক বিসৰ্জন দিয়া হয়।

চাপৰৰ পৰা দিলৰুবা আহমেদ আৰু বৰপেটাৰোডৰ পৰা নজৰুল আলী আহমেদৰ সকহযোগত ব্যুৰ ৰিপৰ্ট, সংবাদ প্ৰহৰী।

No comments:

Post a Comment

SPONSORED