সতীদাহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 15, 2022

সতীদাহ


✍ ওঁমপ্ৰকাশ নাথ অসমীয়া, হোজাই

তিল ফুল এজোপাৰ বগা পাপৰিয়ে পাহি মেলা নাই ইয়াত
বগা কাপোৰৰ চালি এখনো নাই,
তথাপি চাৰি বেৰৰ মাজৰ বতাহত বিয়পিছে
পোৰা পোৰা এক গোন্ধ
ভঙা নাই টেকেলি
তথাপি কামিহাড় ভঙা মৌন কোলাহল
কাণে কণে বিয়পিছে ………
কাৰ কাণ ?
ইয়াতচোন সকলো শুই আছে সমাধিত !
এটা সপোনৰ সতী হোৱা
আটাইবোৰ উশাহ শুই পৰিছে
একেখন সাঙীত কোনেও নেদেখাকৈ
মুখাগ্নি কৰিছে এখন অদৃশ্য হাতে
হাতখনৰ এটি শব্দ আছে,
টিক্‌ টিক্‌ টিক্‌ টিক্...
-----------------

প্ৰিয় পাঠক-পাঠিকা, লেখক-লেখিকাবৃন্দ। এই লেখাটো পঢ়ি কেনে পালে তলৰ Comment Boxত নিজৰ মন্তব্য প্ৰদান কৰিবলৈ নাপাহৰিব। আপুনিও আমাৰ এই মুক্তকণ্ঠ শিতানত প্ৰেৰণ কৰিব পাৰে আপোনাৰ মূল্যৱান লেখনি-অনুভৱ। আমি সংবাদ প্ৰহৰীয়ে প্ৰকাশ কৰিম আপোনাৰ লেখনি-অনুভৱ। লেখনি-অনুভৱ আপোনাৰ, প্ৰকাশ কৰাৰ মঞ্চ আমাৰ।

সংবাদ প্ৰহৰীৰ সৈতে সংযুক্ত হৈ থাকিবলৈ Like, Follow আৰু Subscribe কৰক-
👉 Follow us on Website- https://www.sangbadprahari.com
👉 Subscribe on YouTube- https://www.youtube.com/sangbadpraharitv
👉 Like & Follow us on Facebook- https://www.facebook.com/sangbadprahari
👉 Follow us on Twitter- https://twitter.com/sangbadprahari
👉 Follow us on Linkedin- https://www.linkedin.com/in/sangbadprahari

E-mail- sangbadprahari@gmail.com
Mobile- +91 7578801008





No comments:

Post a Comment

SPONSORED