যি সময় দেশে স্বাধীনতাৰ অমৃত মহোৎসব উদযাপন কৰিবলৈ লৈছে তেনে সময়ত এইখন অসমৰে এখন গাঁৱৰ দৃশ্য দেকিলে আপোনাকো ভাবিবলৈ বাধ্য কৰাব। যেন গাঁওখন কোনো স্বাধীন দেশৰ গাঁও নহয়, এক পৰাধীন দেশত বসবাস কৰিছে গাঁওবাসীয়ে।
হয়, ঠিকেই শুনিছে, কাছাৰৰ বৰখলা সমষ্টিৰ মাছুঘাট গাঁও পঞ্চায়তৰ দূধপাতিল লেঞ্জৰটিলা গাঁৱৰ দৃশ্য এয়া। ৰাস্তাঘাট, খোৱাপানী, স্বাস্থ্য পৰিসেৱাসহ কোনো চৰকাৰী সুযোগ সুবিধা নথকাৰ বাবে যেন মৰণ যন্ত্ৰনাত ভূগীবলগীয়া হৈছে গাঁওবাসীয়ে।
খাল, বিলৰ পানী ব্যাৱহাৰ কৰিয়েই জীয়াই থাকিবলগীয়া হৈছে গাঁওবাসী। জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰি দিয়া কুৱাতো বাহ পাতি লৈছে পোক-ভেকুলীয়ে।
চাৰিফালে খাল-বিল আৰু জংঘলেৰে আৱৰি ধৰিছে এই গাঁওখন। নাই কোনো সুচল ৰাস্তা-ঘাট। তাৰে মাজতে পকী দলং এখনৰ নিৰ্মাণৰ কাম আজিও অৰ্ধনিৰ্মিত অবস্হাতে পৰি আছে। বাৰিষা আহিলেই বাহৰ দলং আৰু বোকা পানী গচকি গাওৰ ৰাইজ আৰু ছাত্র-ছাত্রীয়ে হাটবাজাৰ, হাস্পালত আৰু স্কুলত যোৱাৰ বাবে গাওৰ পৰা উলাব লগীয়া হয়।
একেদৰে স্বাস্থ্য বিভাগৰ ফালৰ পৰা এখন প্ৰাইমাৰী হেলথ কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছে যদিও সেয়া সম্প্ৰতি ভূত বাংলাত হে পৰিণত হৈছে।
গাঁওবাসীৰ এনে দুৰ্দশাৰ প্ৰতি যেন কাণসাৰ নাই জনপ্ৰতিনিধি আৰু চৰকাৰৰ। ভাষণতেই উন্নয়নৰ ডাক-ঢোল বজাই থকা এই গাঁওখনৰ প্ৰতি চৰকাৰ- বাহদুৰৰ কেতিয়াবা সুদৃষ্টি পৰিবনে
কাছাৰৰ পৰা বাবুল হুছেইন লস্কৰৰ ৰিপৰ্ট, সংবাদ প্ৰহৰী
No comments:
Post a Comment