দাৰুল উলুম সূৰ্যগিৰি মাদ্ৰাছাৰ ২৪ তম বাৰ্ষিক ধৰ্মসভা সম্পন্ন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 19, 2023

দাৰুল উলুম সূৰ্যগিৰি মাদ্ৰাছাৰ ২৪ তম বাৰ্ষিক ধৰ্মসভা সম্পন্ন


গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য্যগিৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত দাৰুল উলুম সূৰ্যগিৰি মাদ্ৰাছাৰ উন্নতি কল্পে যোৱা ১৭ ডিচেম্বৰত ২৪ তম বাৰ্ষিক ধৰ্ম সভা অনুষ্ঠিত হৈ যায়। মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ কাৰ্য্যকৰী সভাপতি ফজৰ আলীৰ পৌৰহিত্যত অনুষ্ঠিত ধৰ্মসভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া চমুকৈ আৰ পি আই আথাৱালেৰ অসম ৰাজ্যিক সংখ্যালঘু কোষৰ সভাপতি ৰেজাউল কৰিমে। 

আগন্তুক লোকসভা নিৰ্বাচনৰ আৰ পি আই আথাৱালে দলৰ পৰা ধুবুৰী লোকসভা সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী ৰেজাউল কৰিমে উক্ত ধৰ্মসভাত অংশগ্ৰহণ কৰি ধৰ্মপৰায়ণতা আৰু সমাজ সংস্কাৰ সন্দৰ্ভত সাৰুৱা বক্তব্য আগবঢ়ায়। সহস্ৰাধিক স্থানীয় লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত ধৰ্মসভাত মুখ্য বক্তা হিচাপে ধুবুৰী জিলা ইছলামপুৰ জমিৰউদ্দিন হাফিজীয়া ইছলামীয়া মাদ্ৰাছাৰ প্ৰাক্তন মুহতামিম মৌলানা মোঃ ৰফিকুল ইছলাম বুলবুলি, বিশিষ্ট অতিথি হিচাপে উপস্থিত শ্ৰী সূৰ্য্যগিৰি গাওঁ পঞ্চয়তৰ সভাপতি আইনুল হক চৌধুৰী, শ্ৰী শ্ৰী সূৰ্য্যগিৰি সমবায় সমিতিৰ সভাপতি ছফিয়ৰ ৰহমান, মৰনৈ গাওঁ পঞ্চয়তৰ সভাপতি মজৰ আলীয়েও অংশগ্ৰহণ কৰে। 

উল্লেখ্য যে সমাগত লোকসভা নিৰ্বাচনক লক্ষ্য কৰিয়েই আৰ পি আই আথাৱালে দলৰ পৰা ধুবুৰী লোকসভা সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী হিচাপে্ দলটোৰ অসম ৰাজ্যিক সংখ্যালঘু কোষৰ সভাপতি ৰেজাউল কৰিমে সমষ্টিটোৰ বিভিন্ন সভা-সমিতি, অনুষ্ঠান আদিত অংশগ্ৰহণ কৰি এতিয়াৰে পৰাই নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰাখিছে।

No comments:

Post a Comment

SPONSORED