কাছাৰৰ এটা স্বাস্থ্য কেন্দ্ৰৰ এক অদ্ভুত দৃশ্য - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 20, 2023

কাছাৰৰ এটা স্বাস্থ্য কেন্দ্ৰৰ এক অদ্ভুত দৃশ্য

প্রায় ১৫ বছৰ আগতে নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল যদিও, এতিয়াও স্বাস্থ্য সেৱা আৰম্ভ হোৱা নাই


বাবুল হুছেইন লস্কৰ, কাছাৰঃ
বড়খলা সমষ্টিৰ প্রাক্তন বিধায়িকা ডাঃ ৰুমী নাথৰ সময়তে কাছাৰৰ বৰখলা সমষ্টিৰ চন্দ্ৰনাথপুৰ অঞ্চলত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত এটা স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰা হৈছিল। কিন্তু আজিলৈকে স্বাস্থ্য সেৱা আৰম্ভ হোৱা নাই। ফলত সমগ্ৰ স্বাস্থ্য কেন্দ্ৰটো ভূত বাংলালৈ ৰূপান্তৰিত হৈছে। লাখ লাখ টকাৰে চৰকাৰে গঢ়ি তোলা স্বাস্থ্য সেৱা ভূত বাংলালৈ পৰিণত হৈছে। অঞ্চলটোৰ ৰাইজে বাৰে বাৰে জনপ্ৰতিনিধিৰ ওচৰত গৈ অভিযোগ জনাইছিল যদিও তাৰ পিছতো আজিলৈকে কোনেও গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। 

বৰখলাৰ প্ৰাক্তন বিধায়ক ডাঃ ৰুমী নাথৰ সময়ত চন্দ্ৰনাথপুৰৰ শ্ৰী সুসাংক কুৰ্মী নামৰ এগৰাকী ব্যক্তিয়ে ভূমি দান কৰিছিল।‌ য’ত বৃহত্তৰ বৰখলা গোটৰ পাহাৰীয়া অঞ্চলৰ ৰাইজে যাতে স্বাস্থ্যসেৱা লাভ কৰিব পাৰে, তাৰ বাবে এই ঠাই়ডোখৰ দান কৰে। কিন্তু মাটিখিনি দান কৰাৰ পিছত তেওঁ দাবী কৰিছিল, তেওঁৰ পুত্ৰ প্ৰশেনজিত কুৰ্মীক চাকৰি দিয়া হব। চাকৰিৰ কথা বাদেই, এতিয়াও স্বাস্থ্য সেৱা আৰম্ভ হোৱা নাই। দীৰ্ঘদিন ধৰি পৰিত্যক্ত হৈ থকা এই স্বাস্থ্য কেন্দ্ৰটো হৈ পৰিছে হিংস্ৰ জংঘলৰ জীৱ-জন্তুৰ গুহা। ইফালে চোৰেও স্বাস্থ্য কেন্দ্ৰৰ ভিতৰত ফেন, বাল্ব সহ বিভিন্ন সামগ্ৰী চুৰি কৰি লৈ যায়। ফলত অঞ্চলটোৰ ৰাইজে স্বাস্থ্য সেৱা আৰম্ভ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ সহায় বিচাৰিছে

No comments:

Post a Comment

SPONSORED