Rashifal | আপোনাৰ আজিৰ দিনটো | The Horoscope - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 19, 2024

Rashifal | আপোনাৰ আজিৰ দিনটো | The Horoscope

মঙলবাৰ, ১৯ নৱেম্বৰ, ৩ আঘোণ, ১৫ জমা আউ।। শ্ৰীশ্ৰীশংকৰাব্দ ৫৭৬, শকাব্দ ১৯৪৬, খ্রীষ্টাব্দ ২০২৪। আজি শুভ কৰ্মৰ বাবে প্রশস্ত সময় দিনৰ ৮/৩৫ৰ পৰা ১০/৪৫লৈ। সূর্যোদয় ৫/৪৭, সূর্যাস্ত ৪/৩০ গুৱাহাটীত।


মেষ: ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং বগা। আপোনাৰ অনন্য ব্যক্তিত্বৰ সান্নিধ্যত শত্রু-মিত্ৰ, সৰু-বৰ সকলো মুগ্ধ হ'ব। কৰ্মত আপোনাৰ বলিষ্ঠ পদক্ষেপ দেখি শত্রুও সেও মানিব।

বৃষ: ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং নীলা। পিছবেলাৰ কিছু পৰিৱৰ্তন অনুভৱ কৰিব। শৰীৰ প্ৰায় ভালেই। হঠাৎ ভ্ৰমণৰ যো-জা। আশা কৰা মতেই কাম বিলাক হৈ উঠিব। প্রেম-প্রীতিত শুভাশুভ মিশ্রিত।

মিথুন: ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক গ্রহ বুধ, ৰবি। শুভ সংখ্যা ১, ৫। শুভ ৰং সেউজীয়া। শৰীৰ প্ৰায় ভালেই। ব্যৱসায়ত কিছু নতুন সমস্যাই দেখা দিলেও আর্থিক দিশত শুভ। খৰচৰ নতুন বাট ওলাব।

কর্কট: ৰাশিৰ আদ্যাক্ষৰ ড, হ। শুভ কাৰক গ্রহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২, ৩। ৰাজনীতিত জড়িতসকলে বুদ্ধি চাতুর্যৰ বলত সম্ভাব্য বিপদৰ পৰা ৰক্ষা পাব। কামত আগভাগ লৈ ভাল পাব।

সিংহ: ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং বাদামী। নতুন সা-সম্পত্তি লোৱাৰ চিন্তা কৰিব। বিদ্যার্থীৰ বহুমুখী প্রতিভা। চাকৰি প্ৰাৰ্থীসকলে সম্ভৱস্থলত কর্ম সংস্থাপনৰ সুখবৰ পাব পাৰে।

কন্যা: ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্রহ বুধ, শনি। শুভ সংখ্যা ৫, ৭। শুভ ৰং বগা। হাতত লোৱা কামবিলাক আগুৱাই নিয়াত বাধা নাপাব। সকলোৰে লগত সম্ভাৱ-সম্প্রীতি বজাই ৰাখিব। দিনটো ভাল ধৰণেই পাৰ হ'ব।

তুলা: ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং নীলা। শৰীৰ কিছু দুর্বল। ঘৰুৱা পৰিৱেশ উন্নত কৰাৰ চেষ্টা কৰক। আপোনাৰ হেমাহিৰ বাবে কিছুমান জৰুৰী কাম সময়ত হৈ নুঠিব পাৰে।

বৃশ্চিক: ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ বং গুলপীয়া। অস্থিৰ চিন্তাক লাই নিদিব। স্বাস্থ্য মজলীয়া। সামাজিক কামৰ মাজেদি সুখ্যাতি লাভ। কলা-সংস্কৃতিৰ প্ৰতি ধাউতি বাঢ়িব।

ধনুঃ ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং মাখন। ঘৰুৱা জীৱন গতানুগতিক। কোনোৱে কিবা ৰহস্যমূলক কথাৰ পাক চক্রত পৰি চিন্তিত হ'ব।

মকৰ : ৰাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং ৰঙা। কথা বার্তাত সাৱধান হ'ব। কথাত পিছল খাই অপ্রস্তুত হ'ব পাৰে। আর্থিক উন্নতিৰ যোগ। প্রাপ্যাদিত শুভ।

কুম্ভ: ৰাশিৰ আদ্যাক্ষৰ গ, শ, স। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং ক'লা। শত্ৰুৰ প্ৰভাৱ দেখায়। ঘৰ বিভীষণৰ পৰা সাৱধান থাকক। সন্তানৰ কৃতিত্বই সুখী কৰিব। সাহিত্য, সংগীত আদি কলাত যোগ্যতা প্রকাশ।

মীন: ৰাশিৰ আদ্যাক্ষৰ দ, চ। শুভ কাৰক গ্রহ চন্দ্ৰ, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং মুগা। আপোনাৰ গাত সুপ্ত হৈ থকা পাণ্ডিত্য প্রতিভাৰ স্ফুৰণ ঘটিব। শৰীৰ মোটামুটি ভালেই। বিদ্যার্থীৰ একাগ্রতা বৃদ্ধি। পাৰিবাৰিক জীৱন গতানুগতিক। খৰচত হাত ধৰা টান হ'ব। ব্যৱসায়- বাণিজ্যত জড়িতসকলে ব্যৱসায় প্ৰসাৰৰ নতুন পথ বিচাৰি পাব পাৰে।



No comments:

Post a Comment

SPONSORED