কিহৰ এই সংঘাত… পুষ্পা প্ৰেম নে ৰাজনৈতিক সমীকৰণ! - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, March 01, 2025

কিহৰ এই সংঘাত… পুষ্পা প্ৰেম নে ৰাজনৈতিক সমীকৰণ!


- মহিবুল মণ্ডল

পুষ্পা-২ মুভি'ৰ কথা চাগে সকলো জানেই। পুষ্পা ৰঙা চন্দনৰ ছিণ্ডিকেটৰ সভাপতি। বিধায়ক মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে..। সকলোকে ছিণ্ডিকেটৰ টকা দিয়ে পুষ্পাই। কিন্তু পুষ্পাই কোনোদিন মুখ্যমন্ত্ৰীক লগ পোৱা নাই। এদিন এজন মন্ত্ৰীয়ে পুষ্পাক লগ ধৰিলে মুখ্যমন্ত্ৰীৰ ওচৰলৈ। পুষ্পাৰ আনন্দৰ সীমা নাই। মুখ্যমন্ত্ৰীক লগ পাব!আনন্দতে পুষ্পাৰ পত্নীয়ে ক'লে,মুখ্যমন্ত্ৰীৰ লগত আপুনি এখন ফটো উঠি আহিব, সেইখন ঘৰত ডাঙৰকৈ বন্ধাই থ'ম।

মানুহক ক'ম,চা মোৰ মানুহটো কিমান ডাঙৰ মানুহ,মুখ্যমন্ত্ৰীৰ লগত ফটো। কথামতেই মন্ত্ৰীৰ লগত পুষ্পা গৈ মুখ্যমন্ত্ৰীৰ অফিচ পালেগৈ। কথা বাৰ্তা সকলো হোৱাৰ পিচত, পুষ্পাই ক'লে, ছাৰ মই আপোনাৰ লগত এখন ফটো উঠো। মুখ্যমন্ত্ৰী জাঙুৰ খাই উঠিল। কি কথা ক'ব আহিছ, ছিণ্ডিকেটৰ সভাপতি-স্মাগলাৰ এটাৰ লগত মই ফটো উঠিম নেকি! মানুহে দেখিলে মোৰ সন্মান ক'ত থাকিব!

কথাটো পুষ্পাৰ গাত লাগিল, মনত বৰ বেয়াকৈ আঘাত দিলে। চাল্লা পুষ্পাৰ পৰা ছিণ্ডিকেটৰ টকা লওতে সন্মান নাযায়, ফটো উঠিলে সন্মান যায়। কথাতো চেলেঞ্জত ল'লে পুষ্পাই। যিজন মন্ত্ৰীয়ে পুষ্পাক মুখ্যমন্ত্ৰীৰ ওচৰলৈ লৈ গৈছিল,সেইজনক ক'লে, তই মুখ্যমন্ত্ৰী হ'ব লাগিব। মন্ত্ৰী উচপ খাই উঠিল। প্ৰথমে ধেমালী বুলি ভাবিলে। কিন্তু পুষ্পাই ক'লে, ধেমালী নহয়।

সঁচাকৈ কৈছো, তই মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব লাগিব। তোক মুখ্যমন্ত্ৰী পাতি তোৰ লগত ফটো উঠি মই সেইখন মোৰ মানুহজনীক উপহাৰ দিম।মুখ্যমন্ত্ৰী হ'বলৈ কিমান টকা লাগিব ক।মন্ত্ৰীৰো মন ঘুৰিল! ক'লে, মুখ্যমন্ত্ৰী হ'বলৈ ৫০০ কোটি টকা লাগিব। পুষ্পাই ক'লে,মই তোক ৫ হাজাৰ কোটি দিম। মুখ্যমন্ত্ৰী হ'বলৈ বাকী কি কৰিব লাগিব,তই সেইবোৰ কৰ। ছিণ্ডিকেটৰ পৰিসৰ বঢ়াই পুষ্পাই যথাসময়ত মন্ত্ৰীক ৫ হাজাৰ কোটি টকা দিলে। মুখ্যমন্ত্ৰী হ'বলৈ যিমানজন বিধায়কৰ দৰকাৰ সিমানজনক কোটি কোটি টকা দি মন্ত্ৰীজন মুখ্যমন্ত্ৰী হ'ল।

মুখ্যমন্ত্ৰীৰ শপত লৈয়ে তেওঁ পুষ্পাৰ ঘৰ পালেগৈ আৰু পুষ্পাৰ পৰিয়ালৰ লগত একেলগে খানা খাই, কেৱল পুষ্পাৰ লগতেই নহয়, পুষ্পাৰ গোটেই পৰিয়ালটোৰ লগত ফটো উঠিলে। পুষ্পাৰ পত্নীৰ বাৰ্থ ডে'ৰ দিনা মুখ্যমন্ত্ৰীয়ে পুষ্পাৰ ঘৰলৈ আহি পৰিয়ালৰ লগত উঠা ফটোখন, পত্নীক বাৰ্থডে উপহাৰ হিচাপে দিলে পুষ্পাই। এয়া আছিল পুষ্পা মুভি'ৰ আখ্যান। ঝুকেগা নেহি 

উল্লেখ্য যে, অসমৰ মামা গৰাকীৰ হেনো পুষ্পা-২ মুভিৰ পুষ্পা দৰেই হেনো পত্নী প্ৰেম। এই কথা সচেতন ৰাইজৰ মুখে মুখে। পুষ্পাৰ প্ৰেমৰ প্ৰসংগটোলৈ অহাৰ আগতে মূল বিষয় লৈ আহিছোঁ। যোৱা ২২ নৱেম্বৰ/২০২৫ তাৰিখ শনিবাৰে নিশা প্ৰায় ২ বজাত অসম আৰক্ষীৰ এটা দলে মেঘালয়স্থিত এউ এছ টি এম'ৰ চ্যান্সেলৰ মাহবুবুল হকক আটক কৰে। সম্প্ৰতি এউ এছ টি এম'ক লৈ মেঘালয়ৰ কনৰাড চাংমাৰ আৰু অসমৰ ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীদ্বয় অৱস্থান দুই মেৰুত। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মতে ইউ এছ টি এম-এ ভুৱা ডিগ্ৰী বিতৰণ কৰে।

আনহাতে হিমন্ত বিশ্ব শৰ্মাই কৰা অভিযোগ সমূহ তীব্ৰভাৱে অস্বীকাৰ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। লগতে বিশ্ববিদ্যালয়খন সম্পূৰ্ণ বৈধ বুলি দাবী কৰিছে। উল্লেখ্য যে, ২০০৮ চনত প্ৰতিষ্ঠা কৰা এউ এছ টি এম' বিশ্ববিদ্যালয়খনে হেনো মেঘালয় ৰাজ্য চৰকাৰৰ বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি) আৰু শিক্ষাৰ ক্ষেত্ৰত ভাল কাম কৰাৰ বাবে কেন্দ্ৰৰ পৰা প্ৰমাণ পত্ৰ লাভ কৰিছে।

তথা অসমৰ মুখ্যমন্ত্ৰীৰ ধাৰাবাহিক অভিযোগৰ সন্মুখত বিশ্ববিদ্যালয়খনে কেতিয়াও কোনো অন্যায় কৰা নাই বুলি স্পষ্ট কৰি দিছে মেঘালয় চৰকাৰ আৰু ইউ এছ টি এম কৰ্তৃপক্ষই। মেঘালয়ৰ মুখ্য সচিব ড’নাল্ড পি ৱাহলাঙে নিশ্চিত কৰিছে, ইউএছটিএম কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত ইউজিচিৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। বিশ্ববিদ্যালয়খনে মেঘালয় প্ৰাইভেট ইউনিভাৰ্চিটি ৰেগুলেটৰী ব’ৰ্ডৰ নিৰ্দেশনা মানি চলে।

মুখ্য সচিবগৰাকীয়ে এবাৰ কৈছিল যে ইউ এছ টি এমৰ দ্বাৰা প্ৰদান কৰা সকলো ডিগ্ৰী ইউ জি চিৰ স্বীকৃতিপ্ৰাপ্ত। গতিকে ভুৱা ডিগ্ৰী দিয়াৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন।বিশ্ববিদ্যালয়খনে ২০২১ চনত ইউজিচিৰ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ পৰাও সৰ্বোচ্চ ‘এ গ্ৰেড’ হেনো লাভ কৰিছে।

ইউ এছ টি এম'ৰ চ্যান্সেলৰ মাহবুবুল হকক আটক কৰাৰ অভিযোগ!
অসমৰ পাথাৰকান্দিত ইউ এছ টি এম গোটৰ মালিকানাধীন এখন বিদ্যালয়। নাম চেণ্ট্ৰেল পাব্লিক স্কুল। মাহবুবুল হকক গ্ৰেপ্তাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰোনাজ পেগুৱে ছ’চিয়েল মিডিয়াত লিখিছে যে শিক্ষানুষ্ঠান কৰ্তৃপক্ষই এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰশ্নৰ উত্তৰ লিখাত সহায় কৰিবলৈ আশ্বাস দিছিল। সেই উদ্দেশ্যে তেওঁলোকেও কাম-কাজ চলায়। বাহ্যিক নিৰীক্ষকসকলে ইয়াৰ বিৰোধিতা কৰে। তাৰ পিছত বিশৃংখলতাৰ সৃষ্টি হয়। ফলত আৰক্ষীয়ে হস্তক্ষেপ কৰিবলৈ বাধ্য হয়।

মাহবুবুল হকে ইউ এছ টি এমৰ অন্তৰ্গত পাথাৰকান্দিত শিক্ষা আৰু গৱেষণা উন্নয়ন নামৰ এটা সংস্থা চলাই আহিছে। আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি ইণ্ডিয়ান এক্সপ্ৰেছে উল্লেখ কৰিছে যে, কেন্দ্ৰটোত উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ২৭৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২১৪ গৰাকীয়ে ইয়াত বিশেষ প্ৰশিক্ষণ লৈছিল।

অভিযোগ অনুসৰি পৰীক্ষাৰ সময়ত তেওঁলোকক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰা হ’ব বুলি আশ্বাস দিছিল ইউ এছ টি এম কৰ্তৃপক্ষই। এই অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে মাহবুবুল হকক। যিয়েই নহওক সেয়া যিহেতু আইন-আদালতৰ বিষয় সেয়া সময়ত ওলাই আহিব প্ৰকৃত সত্য।

যোৱা দুদিন ধৰি এগৰাকী অভিভাৱকৰ বিশেষ ফেচবুক পোষ্টে ৰাজ্যত খলকনিৰ সৃষ্টি কৰাৰ লগতে বহুত প্ৰশ্ন উত্থাপন কৰিছে। অভিভাৱকৰ নাম দেৱান মোজাম্মেল হুছেইন। তেওঁ হ'ল USTMৰ শাখা Vision 50ৰ দ্বাদশ শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ পিতৃ ৷তেওঁৰ জীয়ৰী পাথাৰকান্দিৰ চেণ্ট্ৰেল পাবলিক স্কুলৰ পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষাৰ্থী ৷

উল্লেখ্য যে, যোৱা ২৫/২/২০২৫ সোমবাৰে কলগাছিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই হেনো পৰীক্ষাৰ্থীৰ পিতৃ দেৱান মোজাম্মেল হুছেইনক আৰক্ষী চকীলৈ মাতি পঠিয়াইছিল ৷ ভাৰপ্ৰাপ্ত বিষয়াৰ কাৰ্যালয়ত বৰ্মন উপাধিৰ এগৰাকী উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াই হেনো পাথাৰকান্দিৰ পৰীক্ষাৰ বিতৰ্ক সংক্ৰান্তত পিতৃ গৰাকীৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছিল ৷

অভিভাৱক গৰাকীৰ হেনো স্পষ্ট উত্তৰ আছিল USTMৰ কোনো শিক্ষকে অবৈধ উপায়ে সহায় কৰাৰ কোনো ইংগিত দিয়া নাছিল ৷ আনহাতে আৰক্ষী বিষয়াজনে হেনো গোচৰ ৰুজু কৰিবলৈ পিতৃ গৰাকীক পৰামৰ্শ দিছিল বুলি পোষ্টত উল্লেখ কৰিছে। লগতে অভিভাৱক গৰাকীৰ পোষ্ট কৰা মন্তব্যৰ উত্তৰত তেওঁ উল্লেখ কৰিছে পৰীক্ষাৰ্থী সকলক পাথাৰকান্দিলৈ হঠাৎ লৈ যোৱা নাছিল ৷ প্ৰথম বৰ্ষত নামভৰ্তিৰ সময়তে তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰ পাথাৰকান্দিৰ CPS বুলি জনাইছিল ৷

আমাৰ হাতত খবৰ অনুসৰি নামনি অসমৰ বিভিন্ন অঞ্চলত আৰক্ষীৰ দ্বাৰা বহু অভিভাৱকক গোচৰ ৰুজু কৰাবলৈ কোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। এতিয়া প্ৰশ্ন আহিছে অবৈধ সহায় বিচাৰি আন্দোলন কৰা তথা tvৰ সন্মুখত অহা পৰীক্ষাৰ্থীৰ পিতৃ মাতৃ মেনেজ হৈছিল নেকি ? লগতে নকলবীৰক ছাত্ৰ কেইজনক হেনো মাৰ্ক বেছি দিব বুলি কৈ বৰাকলৈ লৈ যোৱা হৈছিল বুলি মুকলি ভাষণ দিছে! তেন্তেহ'লে কোন সচাঁ কোন মিছা(?)

হিমন্ত বিশ্ব শৰ্মাৰ পৰা অতীতত ইউ এছ টি এম-এ পাইছিল সমৰ্থন
২০২১ চনত অসমৰ মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই ইউ এছ টি এমত “শ্ৰীমন্ত শংকৰদেৱ ব্লক” উদ্বোধন কৰে, যিটো গঠনৰ আধাৰশিলা অসমৰ ৰাজ্যপালে স্থাপন কৰিছিল। ইউ এছ টি এমৰ সৈতে জড়িত শিক্ষানুষ্ঠান উদয়চলৰ একাদশ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় প্ৰেক্ষাগৃহত ইউ এছ টি এম পৰিয়ালে সম্বৰ্ধনা জনায়।

তেন্তেহ'লে কিয় খং উঠিছে বিশ্ব শৰ্মা?
অসমৰ মুখ্যমন্ত্ৰীৰ ক্ষোভৰ বাবে এতিয়া বিশ্ববিদ্যালয়খন বন্ধ হোৱাৰ উপক্ৰম হৈছে। আৰু অৱশেষত আচাৰ্য মাহবুবুল হকক গ্ৰেপ্তাৰ কৰা হ’ল। কাৰণ ব্যাখ্যা কৰি ইণ্ডিয়ান এক্সপ্ৰেছে লিখিছে, যোৱা বৰ্ষৰ আগষ্টত ‘বন্যা জেহাদ’ৰ অভিযোগ উত্থাপন কৰাৰ এসপ্তাহৰ পাছত বিশ্ব শৰ্মাই পুনৰ বিশ্ববিদ্যালয়খনক আক্ৰমণ কৰে। বিশ্ববিদ্যালয়খনৰ শীৰ্ষত আছে তিনিটা গম্বুজ। ইয়াৰ বাবেই বিশ্ব শৰ্মাই ধৰ্মীয় দৃষ্টিকোণৰ পৰা বিভিন্ন মন্তব্য আগবঢ়ায়। তেওঁ ক’লে, এই বিশ্ববিদ্যালয়লৈ যোৱাটো বৰ অস্বস্তিকৰ।

বিশ্ব শৰ্মাক ‘জিহাদ’ শব্দৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল। তাৰ পাছত তেওঁ ক’লে, ইউএছটিএম-এ যি কৰি আছে সেয়া এটা ডাঙৰ জেহাদ৷ তেওঁ অতি মৃদুভাৱে ইয়াক জেহাদ বুলি কয়। ই শিক্ষা ব্যৱস্থা ধ্বংস কৰি আছে। যাৰ দ্বাৰা সভ্যতা আৰু সংস্কৃতিক আক্ৰমণ কৰা হয়, সেয়া হ’ল জেহাদ।

এটি বহল ৰাজনৈতিক প্ৰসংগ
পৰ্যবেক্ষকসকলে লক্ষ্য কৰিছে যে ইউ এছ টি এম আৰু ইয়াৰ অধ্যক্ষক অহৰহ লক্ষ্য কৰি লোৱাটো অসমৰ মুছলমান মালিকানাধীন প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে ৰাজনৈতিক বাক্যবাণৰ বহল ধাৰাটোৰ সৈতে মিল আছে। বিশেষকৈ শিক্ষা আৰু ভূমিৰ অধিকাৰৰ প্ৰেক্ষাপটত কিছুমান সম্প্ৰদায়ক প্ৰান্তীয়কৰণৰ বাবে সাম্প্ৰদায়িক আখ্যান ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ খনৰ বিৰুদ্ধে।

পৰ্যবেক্ষকসকলৰ মতে , “বানপানী জেহাদ” আৰু “ভুৱা ডিগ্ৰী”ৰ অভিযোগ ৰাজ্যখনৰ সংখ্যালঘু পৰিচালিত প্ৰতিষ্ঠানসমূহক ভেঙুচালি কৰাৰ লক্ষ্যৰে বৃহত্তৰ কৌশলৰ অংশ বুলি উল্লেখ কৰে। মাহবুবুল হোকক গ্ৰেপ্তাৰ কৰা ঘটনাই ব্যাপক চৰ্চা লাভ কৰাত, বহুতে এই কাৰ্য্যৰ উদ্দেশ্য আৰু সময়ক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

এতিয়াও যিহেতু ইয়াৰ ভিত্তি স্পষ্ট হোৱা নাই যদিও সমালোচকসকলে যুক্তি আগবঢ়ায় যে বিশেষকৈ তেওঁৰ আৰু ইউ এছ টি এমৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ইতিহাসৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত হ’ব পাৰে। সেয়েই ইউ এছ টি এম'ৰ বিষয়টোৰ স্বচ্ছ আৰু ন্যায্য তদন্তৰ দাবী বাঢ়িছে, কিয়নো ইউ এছ টি এম'ৰ অংশীদাৰসকলে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আক্ৰমণৰ বিৰুদ্ধে শিক্ষানুষ্ঠানসমূহৰ অখণ্ডতা বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই আটকতাই কোনো গুৰুত্বপূৰ্ণ আইনী ব্যৱস্থা গ্ৰহণ কৰে নে কেৱল ৰাজনৈতিক প্ৰতিশোধ আৰু ব্যক্তিগত স্বাৰ্থৰ এক অব্যাহত থকা আৰ্হিৰ অংশহে সেয়া লক্ষ্যণীয়।

হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে এখন বিশ্ববিদ্যালয় নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

ইণ্ডিয়ান এক্সপ্ৰেছে লিখিছে, সূত্ৰ অনুসৰি মুখ্যমন্ত্ৰীৰ পত্নীয়ে এখন ব্যক্তিগত বিদ্যালয় চলাই বিশ্ববিদ্যালয় নিৰ্মাণৰ পৰিকল্পনা কৰিছে, ইউ এছ টি এমৰ ওপৰত মুখ্যমন্ত্ৰী শৰ্মাৰ আক্ৰমণ ডেম পটভূমিত দেখা গৈছে। মুছলিম মিৰ’ৰ নামৰ ইংৰাজী কাকতে প্ৰকাশ কৰা অনুসৰি অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ভৱিষ্যতে এখন বিশ্ববিদ্যালয় নিৰ্মাণৰ পৰিকল্পনা কৰিছে। বৰ্তমান তেওঁ এখন ব্যক্তিগত বিদ্যালয় চলাই আছে। এই পৰিপ্ৰেক্ষিতত বিশ্ব শৰ্মাই স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধ্যক্ষৰ ওপৰত কৰা আক্ৰমণৰ ওপৰত চকু ৰখা উচিত। যদি এই বাতৰি বোৰ সচাকৈয়ে সঁচা হয় তেন্তেহ'লে এয়া হিমন্ত বিশ্ব শৰ্মাৰ পত্নী প্ৰেম ফুটি উঠা নাই নে ? তেন্তে আমি কব নোৱাৰো নে পুষ্পা মুভিত যি দৰে পত্নী প্ৰতি প্ৰেম তুলি ধৰিছে , ঠিক একেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিস্ব শৰ্মাৰ ক্ষেত্ৰতো প্ৰশ্ন 'উত্থাপন কৰিব নোৱাৰি নে ঝুকেগা নেহি … ??

No comments:

Post a Comment

SPONSORED