যাৰ পিতৃ নাই, তেওঁহে বুজে পিতৃ নোহোৱাৰ বেদনা | Shahin Sultana - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, March 01, 2025

যাৰ পিতৃ নাই, তেওঁহে বুজে পিতৃ নোহোৱাৰ বেদনা | Shahin Sultana


- চাহিন চুলতানা

এটা কল ৰেকৰ্ডিং.. য’ত নিজৰ পিতৃয়ে পুত্ৰক ফোন কৰি নিজৰ নাম উচ্চাৰণ কৰি পৰিচয় দিব লগা হৈছিল যে- "মই তোমাৰ পাপা"।

জন্ম দিয়েই পুত্ৰক এৰি দিয়া নাছিল। কোলাই- বোকোচাই ডাঙৰ-দীঘল কৰি, দেহাৰ তেজক পানী কৰি ডাক্তৰ বনালে, সমাজে চিনি পোৱাকৈ মানুহ কৰিলে! তাৰ বিনিময়ত শেষ পৰিণতিত কুলাংগাৰ পুত্ৰই পিতৃক দিয়া পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপহাৰ!

এতিয়া কথা হল, সেই পিতৃজনৰ যিয়েই ভুল নাথাকক কিয়! সেই পিতৃজনে ইমান বছৰৰ পাছত পুত্ৰক ফোন কৰি জীৱনৰ অন্তিম সময়ছোৱাত মুখখন চাবলৈ বিচাৰোতে পুত্ৰজনৰ হৃদয়ত থকা শিলটো এবাৰো গলি নগল নে...?

কিবা ঘৰুৱা সংঘাতত হয়তো আতৰি থাকিব লগীয়া হৈছিল, সেইবুলি এজন পিতৃৰ জীৱনৰ শেষ মূহুৰ্তখিনিত পুত্ৰক এবাৰ মুখখন চাই মৰিব পাৰিলে শান্তি পাম বুলি চাবলৈ বিচাৰিছিল। তথাপিও পুত্ৰ নাহিল। কিমান হৃদয়বিহীন হব লাগিব সেইজন পুত্ৰ, যত ইমান বছৰৰ পাছতো পিতৃৰ মাতষাৰেও তেওঁক পিতৃৰ কাষত নিবলৈ নোৱাৰিলে এবাৰ ভাবক। মই ভাবো হাজাৰ ভুল হলেও এনেকৈ মৃত্যুৰ সময়ছোৱাত দেউতাকক অকলে এৰি দিয়াটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়।

মই নিজেই এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ বাবে কথাখিনি লিখিলোঁ। মোৰ মা/আব্বাৰ লগত নহয়, কিন্তু মোৰ আত্মিয়ৰ লগতেই হৈছিল এনেকুৱা। মোৰ জীৱনটোৱেই এটা দিশত যেন বৰ্বাদ হৈ গ’ল সেই মানুহগৰাকীৰ বাবে। তথাপিও তেওঁৰ মৃত্যুৰ আগমূহুৰ্তত মোক এবাৰ বিচাৰিছিল। মইও আহিছিলো তেওঁৰ কাষত। দুই বছৰে তেওঁক মই মোৰ হাতেৰে শুশ্ৰূষা কৰিছিলোঁ। মই তেওঁৰ কষ্ট দেখি মোক দিয়া কষ্টবোৰ সকলো পাহৰি তেওঁক মাফ কৰি মই নিজেও বহুত শান্তি পাইছিলো আৰু তেখেতেও মোক বহুত মাফ খুজি মোক দোৱা দি বুকুত লৈ শেষ নিশ্বাস ত্যাগ কৰিছিল বহুত শান্তিত। আজিও তেখেতৰ বাবে দোৱা কৰো, যতেই আছে আল্লাহ ভালে ৰাখক।

অথচ মোৰ জন্ম দিয়া পিতৃ-মাতৃও নাছিল তেখেত বা মই ইমান উচ্চ শিক্ষাৰেও শিক্ষিত নাছিলো বা মই বয়স হিচাপেও বহুত সৰু আছিলো। তেওঁ মোৰ জন্ম দিয়া মাতৃ নাছিল যদিও সেই সময়খিনিত মনত এনেকুৱা ভাৱ আহিছিল তেওঁ কাৰোবাৰ মাতৃ আছিল।

ছোৱালী হিচাপে মোৰ একপ্ৰকাৰে জীৱনটোত দেখা সকলো সপোন শেষ কৰিছিল সেই ব্যক্তিজনেই। তথাপিও জীৱনৰ অন্তিম ক্ষণত যেন তেওঁক মাফ কৰি মই শান্তি পাইছিলো। কথা খিনি আজি মনত পৰিল বাবেই লিখিব মন গল।

শেষত এটাই দোৱা কৰো- "হে আল্লাহ পৃথিৱীৰ কোনো মাতৃৰ গৰ্ভত যাতে এনে নীচ মানসিকতাৰ সন্তানে স্থান নাপায়"!

"মই লিখা কথা খিনি মোৰ নিজৰ জীৱনৰ লগত ঘটি যোৱা এটা ঘটনা। মোৰ আত্মীয় সকলেও মোৰ এই পোষ্টটো নিশ্চয় পঢ়িব কাৰণ মোৰ প্ৰতিটো পোষ্টয়েই তেওঁলোকে পঢ়ে। তেওঁলোকক কৈছোঁ, যদি কিবা ইয়াত ভুল বা মিছা আছে তেন্তে মোৰ কমেণ্ট বক্স খোলা আছে"

No comments:

Post a Comment

SPONSORED