ৰাজ্যত পুনৰ গুপ্তহত্যাকাৰী সক্রিয় হােৱাৰ সন্দেহ কংগ্ৰেছৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 5, 2018

ৰাজ্যত পুনৰ গুপ্তহত্যাকাৰী সক্রিয় হােৱাৰ সন্দেহ কংগ্ৰেছৰ

গুৱাহাটী : ৰাজ্যখনত পুনৰ গুপ্তহত্যাকাৰী চক্র সক্রিয় হােৱাৰ সন্দেহ প্রকাশ কৰিছে কংগ্ৰেছে। আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ লগত নিকট সম্পর্ক থকা ৰেৱতী ফুকন গুৱাহাটীৰ মাজমজিয়াৰ পৰাই সন্ধানহীন হৈ পৰা আৰু আজিলৈ চৰকাৰে তেওঁৰ সন্ধান উলিয়াবলৈ সমর্থ নােহােৱাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে তেনে সন্দেহ কৰে। প্রদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা মিডিয়া বিভাগৰ অধ্যক্ষ প্রদ্যুৎ বৰদলৈয়ে দলৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত আয়ােজিত এখন সংবাদ মেলত ৰেৱতী ফুকনক সুস্থ শৰীৰে উদ্ধাৰ কৰাৰ দাবী জনােৱাৰ লগতে পৰেশ বৰুৱাৰ লগত সম্পর্ক থকা জ্যেষ্ঠ সাংবাদিক, অধিবক্তা, ব্যৱসায়ীসকলৰাে সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনায়। সংবাদ মেলত বৰদলৈয়ে কয় যে অগপ-বিজেপি যুগলবন্দী হলেই ৰাজ্যখনত এই অপশক্তিয়ে গা কৰি উঠে। ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ কেন্দ্ৰত যেতিয়া লালকৃষ্ণ আদবানি উপ-প্রধানমন্ত্রী আৰু গৃহমন্ত্ৰীৰ দায়িত্বত আছিল, প্রফুল্ল কুমাৰ মহন্ত ৰাজ্যৰ মুখ্যমন্ত্রী আৰু গৃহমন্ত্ৰীৰ দায়িত্বত আছিল, সেই সময়ছােৱাত আলফাৰ পৰিয়ালৰ সদস্যক অতি নির্মমভাৱে হত্যা কৰা হৈছিল। আলফাৰে শান্তি আলােচনাৰ প্রক্রিয়া আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মাজে-সময়ে চৰকাৰৰ হৈও কাম কৰা পৰেশ বৰুৱাৰে নিকট সম্পর্ক থকা ৰেৱতী ফুকন গুৱাহাটী মহানগৰীৰ পৰাই সন্ধানহীন হৈ পৰা আৰু আৰক্ষী প্রশাসনে এতিয়ালৈ সন্ধান উলিয়াবলৈ সমৰ্থ নােহােৱাৰ বাবেই পুনৰ গুপ্তহত্যাকাৰীৰ চক্ৰটো সক্রিয় হৈছে নেকি বুলি বৰদলৈয়ে সন্দেহ প্রকাশ কৰে। এই সম্পর্কত বৰদলৈয়ে চৰকাৰ-প্রশাসন তৎকালে ৰেৱতী ফুকনৰ সুস্থ শৰীৰে সন্ধান উলিওৱাৰ লগতে পৰেশ বৰুৱাৰ সৈতে সময়ে সময়ে কথা পতা ঘনিষ্ঠ সম্পর্ক থকা জ্যেষ্ঠ সাংবাদিক, অধিবক্তা, ব্যৱসায়ীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনায়। সংবাদ মেলত বৰদলৈয়ে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালকো তীব্র সমালােচনা কৰি কয় যে মুখ্যমন্ত্ৰীৰ কথা এতিয়া কোনেও নুশুনে। মুখ্যমন্ত্রী বিভিন্ন সময়ত বিষয়াসকলক মাতি আনি ডেডলাইন দিয়ে। বিষয়াসকলে মুখ্যমন্ত্ৰীৰ নির্দেশ শুনেহে, সেই নির্দেশ ৰূপায়ণ নকৰে। ফলত মুখ্যমন্ত্ৰীৰ অৱস্থা ট্রেজিক হিৰ’ৰ দৰে হৈছে। অগপয়াে ক্ষমতাৰ লােভত জাতীয়তাবাদ পাহৰাৰ অভিযােগ কৰি বৰদলৈয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে দেশবাসীক প্ৰতাৰণা কৰাৰ দৰে অগপ-বিজেপিয়ে মিলি অসমবাসীক প্ৰতাৰণা কৰিলে। আনহাতে, অসমৰ ঐতিহ্য-কীৰ্তিচিহ্ন ব্যক্তিগতকৰণৰ পর্যায়লৈ নিয়াৰ বাবে চৰকাৰে যি ষড়যন্ত্র আৰম্ভ কৰিছে সেয়া সফল হ’বলৈ নিদিয়াৰ উল্লেখ কৰি বৰদলৈয়ে কয় যে কংগ্ৰেছে ইয়াৰ বিৰুদ্ধাচৰণ কৰি যাব। অসমৰ স্থাপত্য অসমৰ শৌর্য-বীর্যৰ প্রতীক। সেইদৰে অসমত গ্রাম্য বৈদ্যুতিকীকৰণ ১০০ শতাংশ সম্পূর্ণ হােৱা বুলি কৈ প্রধানমন্ত্রী মােদীয়ে চৰম মিথ্যাচাৰৰ আশ্রয় লােৱা বুলিও বৰদলৈয়ে গুৰুতৰ অভিযােগ কৰে।

No comments:

Post a Comment

SPONSORED