এনড্ৰইড ম’বাইল হাতত লৈ ৰে’ল ভ্ৰমণৰ আনন্দ লওক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 5, 2018

এনড্ৰইড ম’বাইল হাতত লৈ ৰে’ল ভ্ৰমণৰ আনন্দ লওক

ৱেব সংবাদ : ৰে’লযাত্ৰীৰ বাবে এনড্ৰইড এপ্লিকেচনত সংযােজন ঘটোৱা হৈছে, ক্রিজ শ্বেয়াৰ (ভ্ৰমণৰ অভিজ্ঞতাৰ বর্ণনা) বৈশিষ্ট্য। ইয়াৰ জৰিয়তে ৰে’লযাত্ৰীসকলে ভ্ৰমণৰ সময়ত তেওঁলােকৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে লাইভ লােকেচন শ্বেয়াৰ কৰিব পাৰিব। মাত্র দুটা ক্লিকতেই আপুনি আপােনাৰ যাত্ৰাৰ সমস্ত বর্ণনা বন্ধুসকলক অৱগত কৰিব পাৰিব। তেতিয়া তেওঁলােকে চলন্ত ৰেলত আপােনাৰ যাত্ৰাৰ বিষয়ে সৱিশেষ তথ্য লাভ কৰিব পাৰিব। এই সেৱাৰ আকর্ষণীয় দিশটো হ'ল এয়ে যে যদিহে কোনাে কাৰণত যাত্ৰাৰ সময়ত চার্জ নথকাৰ বাবে আপােনাৰ ম'বাইল ফোনটো বন্ধও হৈ যায়, তেতিয়াও আপােনাৰ প্রিয়জনে আপােনাৰ ভ্ৰমণৰ সৱিশেষ তথ্য লাভ কৰিব পাৰিব। যাৰ ফলত আপােনাৰ যাত্ৰাৰ তথ্য লাভ কৰি তেওঁলােকে আপােনাক স্বাগতম জনােৱাৰ বাবে ষ্টেচনলৈ আহিব পাৰিব। বন্ধু বৰ্গক যাত্ৰাৰ বিষয়ে অৱগত কৰাৰ লগতে মাত্র দুটা ক্লিকতেই আপুনি আপােনাৰ যাত্ৰাৰ সবিশেষ তথ্য হােৱাটছ এপৰ দৰে জনপ্রিয় মেছেঞ্জাৰ এপ্লিকেচনতাে আপলােড কৰিব পাৰে। 
ইয়াৰ জৰিয়তে আপােনাৰ পৰিয়ালৰ সদস্যসকলে আপােনাৰ লােকেচনৰ সহায়ত এই যাত্ৰাৰ বিষয়ে সবিশেষ জানিব পাৰিব। এই এপ্লিকেচনে আপােনাৰ লােকেচনৰ সহায়ত ৰে'লৰ অৱস্থিতিৰ বিষয়ে বুজ লৈ এই বিষয়ে সঠিক তথ্য উপস্থাপন কৰিব। এনেবােৰ সুবিধা প্রদান কৰা এই এপ্লিকেচনৰ সৈতে সুৰক্ষাৰ দিশটোও জড়িত হৈ আছে। সেয়েহে প্রতিষ্ঠানটোৱে অকল বিশ্বাসযােগ্য ব্যক্তিসকলৰ সৈতেহে ভ্ৰমণৰ অভিজ্ঞতা বর্ণনা কৰাৰ বাবে যাত্ৰীসকলক পৰামর্শ দিছে। 
এই এপ্লিকেচনত ব্যৱহাৰকাৰীসকলে তেওঁলােকৰ গােপনীয়তাক লৈ শংকিত হােৱাৰ প্ৰয়ােজন নাই। কিয়নাে নির্দিষ্ট ৰে’লখন গন্তব্যস্থানত উপনীত হােৱাৰ লগে লগে লােকেচন শ্বেয়াৰিং বন্ধ হৈ যায়। ছাত্র-ছাত্ৰীসকলৰ বাবে এই সেৱা বিশেষভাৱে উপযােগী বিবেচিত হ’ব পাৰে, কিয়নাে তেওঁলােকে অকলে ৰে'লত ভ্ৰমণ কৰাৰ সময়ত পৰিয়ালৰ লােকসকল উদ্বিগ্ন হৈ থাকে। একেলগে কেইবাটাও পৰিয়ালে কৰা যাত্ৰা আৰু বয়সস্থ যাত্ৰীসকলেও এই এপ্লিকেচনৰ জৰিয়তে তেওঁলােকৰ পৰিয়ালৰ সৈতে যাত্ৰাৰ সময়তাে সংযােজিত হৈ থাকিব পাৰে। পৰিয়াল তথা বন্ধু-বান্ধৱীৰ সৈতে তথ্য আদান-প্রদান কৰিব পৰাৰ বাবে মহিলা যাত্রীসকলৰ বাবেও এই এপ্লিকেচন বিশেষ ভাৱে উপযােগী হিচাপে বিবেচিত হ'ব। এই এপছে ৰেলখনৰ নির্দিষ্ট ষ্টেচনত উপস্থিত হােৱাৰ আনুমানিক সময়ৰ লগতে কোনাে কাৰণত হােৱা দেৰি বা যাত্রাপথৰ দূৰত্বৰ বিষয়েও অৱগত কৰে। ইয়ে ব্যৱহাৰকাৰী এজনক দবা, আসনৰ সংখ্যা আৰু নির্ধাৰিত প্লেটফৰ্মৰ তথ্যও প্রদান কৰে। লগতে ষ্টেচনৰ সঠিক দিক নির্দেশনাও ইয়াৰ জৰিয়তে লাভ কৰিব পাৰিব গ্ৰহণকাৰী ব্যক্তি এগৰাকীৰ ম'বাইল ফোনত। 
ৰে’লযাত্রী এপ্লিকেচন নাথাকিলেও ব্রাউজাৰৰ জৰিয়তে তেওঁ প্ৰেৰণকাৰীৰ ভ্ৰমণৰ সৱিশেষ তথ্য লাভ কৰিব পাৰিব। আপােনাৰ এনড্ৰইড ম'বাইল নাথাকিলেও প্রায় সকলাে ধৰণৰ ব্ৰাউজাৰ আৰু প্লেটফৰ্মতেই শ্বেয়াৰিং পদ্ধতি সমর্থন কৰিব। অৱশেষত ক'ব পাৰি যে ৰে’লযাত্রীসকলৰ বাবে বর্তমান ‘ত্রিপ শ্বেয়াৰিং এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। ৰেলযাত্রী এপ্লিকেচন গুগল প্লে ষ্টোৰৰ পৰা ডাউনলােড কৰিব পাৰি৷

No comments:

Post a Comment

SPONSORED