যৌন কেলেংকাৰিৰ মেৰপাকত বিশ্ববিশ্ৰুত নােবেল বঁটা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 5, 2018

যৌন কেলেংকাৰিৰ মেৰপাকত বিশ্ববিশ্ৰুত নােবেল বঁটা

ৱেব সংবাদ : এইবছৰ সাহিত্যৰ নােবেল বঁটা দিয়া নহয়। নােবেল বঁটাৰ ১১৭ বছৰীয়া ইতিহাসত অষ্টম বাৰলৈ এইবাৰ এই বঁটা দিয়া নহয়। অৱশ্যে ২০১৮ চনৰ সাহিত্যৰ নােবেল বঁটা বিজয়ীৰ নাম অহা বছৰ ঘােষণা কৰা হ’ব। নােবেল বঁটাৰ বিজয়ী বাছনি কৰা ছুইডিছ অকাদেমিয়ে এই কথা ঘােষণা কৰে। শুকুৰবাৰে ইয়াত অনুষ্ঠিত অকাদেমিৰ বৈঠকত এই সিদ্ধান্ত লােৱা হয়।
এটা বিবৃতিত অকাদেমিয়ে কয় যে যৌন কেলেংকাৰিৰ অভিযােগে ইয়াৰ ভাবমূর্তি ম্লান কৰাৰ লগতে জনসাধাৰণৰ আস্থাও হ্রাস পাইছে। উল্লেখযােগ্য যে ছুইডিছ অকাদেমিৰ এগৰাকী সদস্যৰ ঘনিষ্ঠৰ বিৰুদ্ধে উঠা এই অভিযােগে সম্পূর্ণ বিচাৰক মণ্ডলীকে লজ্জিত কৰিছে। বিশ্বৰ ভিতৰত আটাইতকৈ সন্মান আৰু আদৰৰ দৃষ্টিৰে চোৱা অকাদেমি প্রথম বাৰৰ বাবে এনেধৰণৰ অভিযােগৰ সন্মুখীন হয়। ইয়াৰ পাছত অকাদেমিয়ে কয়,‘যৌন আতিশয্যৰ অভিযােগ আৰু বিত্তীয় কেলেংকাৰিৰ পাছত অকাদেমি এতিয়া সাহিত্যৰ নােবেল বঁটা বিজয়ীক বাছনি কৰিব পৰা অৱস্থাত নাই। বিগত ৭০ বছৰৰ ভিতৰত দ্বিতীয় বাৰলৈ নােবেল বঁটাৰ বিজয়ী নাম ঘােষণা স্থগিত ৰখা হয়। অকাদেমিৰ সচিব এণ্ডাৰ্ছ অলছনে কয়, “আমি পৰৱৰ্তী বঁটা বিজয়ীৰ নাম ঘােষণা কৰাৰ আগতে জনসাধাৰণৰ আস্থা জয় কৰিব লাগিব। ইয়াৰ বাবে আমাক কিছু সময়ৰ প্রয়ােজন। উল্লেখযােগ্য যে ফ্রান্সৰ ফটোগ্রাফাৰ জিন-ক্লাউড আর্নল্টৰ বিৰুদ্ধে ১৮গৰাকী মহিলাই যৌন আতিশয্যৰ অভিযােগ কৰি ছ'চিয়েল মিডিয়াত এই অভিযান চলাইছিল। তেওঁৰ পত্নী তথা কবি আৰু লেখিকা কাটাৰিনা ফ্রষ্টেনছন ছুইডিছ অকাদেমিৰ বিচাৰক মণ্ডলীৰ সদস্য। অৱশ্যে আর্নল্টে এই অভিযােগ অস্বীকাৰ কৰিছে। স্বামীৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযােগ উঠাৰ পাছত অকাদেমিয়ে তেওঁৰ সৈতে সম্পর্ক ছেদ কৰে। বিচাৰক মণ্ডলীৰ স্থায়ী সদস্য ছাৰা ডেনিয়াছে কয় যে উক্ত অভিযােগৰ পাছত অকাদেমিয়ে সদস্যগৰাকীৰ লগতে তেওঁৰ স্বামীৰ সৈতে সম্পর্ক ছেদ কৰে। ডেনিয়াছৰ উপৰি অকাদেমিৰ ছগৰাকী সদস্যই পদত্যাগ কৰিছে। উল্লেখযােগ্য যে ছুইডিছ অকাদেমিয়ে প্রথমবাৰ ১৯০১ চনৰ ১০ ডিচেম্বৰত নােবেল বঁটা প্ৰদান কৰিছিল। এতিয়ালৈকে মুঠ আঠবাৰ সাহিত্যৰ নােবেল বঁটা দিয়া হােৱা নাই। ১৯১৪ আৰু ১৯১৮ চনত প্রথম বিশ্ব যুদ্ধৰ বাবে নােবেল বঁটা ঘােষণা কৰা হােৱা নাছিল। ১৯৩৫ চনত উপযুক্ত প্রার্থী নােপােৱাৰ বাবে সাহিত্যৰ নােবেল বঁটা দিয়া হােৱা নাছিল। ইয়াৰ উপৰি দ্বিতীয় বিশ্ব যুদ্ধৰ বাবে ১৯৪০, ১৯৪১, ১৯৪২ আৰু ১৯৪৩ চনত সাহিত্যৰ নােবেল বঁটা দিয়া হােৱা নাছিল। অৱশ্যে এই বছৰৰ সাহিত্যৰ নােবেল বঁটা অহা বছৰ দিয়া হ'ব।

No comments:

Post a Comment

SPONSORED