আশ্চৰ্যকৰ : ঘোচ নোখোৱাৰ বাবেই হত্যাৰ বলি হ’ল চৰকাৰী বিষয়া - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 5, 2018

আশ্চৰ্যকৰ : ঘোচ নোখোৱাৰ বাবেই হত্যাৰ বলি হ’ল চৰকাৰী বিষয়া

নতুন দিল্লী : উৎকোচ-কাণ্ডৰ বাবে দেশৰ প্ৰশাসনীয় খণ্ডৰ বদনামৰ বিষয়ে কোনেনাে নাজানে ? বিগত কেইবাবছৰৰ পৰা উৎকোচ লােৱাৰ অপৰাধত আইনী জালত আবদ্ধ হ’বলগীয়া হৈছে পুঠি খলিহনাৰ পৰা ৰৌ-বৰালিকে ধৰি একাংশ শীর্ষ পদবীধাৰী বিষয়া। উৎকোচ কাণ্ডৰ জালৰ পৰা সাৰি যাব পৰা নাই আনকি একাংশ ৰাজনৈতিক নেতাও। পিছে, এইখন দেশতেই এইবাৰ সংঘটিত হ’ল ইয়াৰ বিপৰীত ঘটনা। উৎকোচ গ্রহণত অস্বীকাৰ কৰাৰ বাবেই চৰকাৰী বিষয়া এজন হত্যাৰ বলি হ'বলগীয়া হ'ল। হিমাচল প্রদেশৰ ছিমলাৰ কৌশালী অঞ্চলত দুদিন পূর্বে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। অবৈধভাৱে নির্মিত এখন হােটেল ভাঙিবলৈ যােৱাৰ বাবেই ছিমলাৰ সহকাৰী টাউন প্লেনাৰ শৈলবালা শর্মা নামৰ বিষয়াগৰাকীক বিজয় সিং নামৰ লােক এজনে গুলীয়াই হত্যা কৰে। এই ঘটনাক কেন্দ্র কৰি সমগ্ৰ দেশজুৰি এতিয়া সৃষ্টি হৈছে তীব্র চাঞ্চল্যৰ। উল্লেখ্য, চাকৰি সূত্রে বিজয় সিং নামৰ এই লােকজন হিমাচল প্রদেশ বিদ্যুৎ বিভাগৰ এজন কর্মচাৰী। আনহাতে, ছিমলাৰ কৌশলী অঞ্চলত তেওঁৰ আছে নাৰায়ণী হােটেল এণ্ড গেষ্ট হাউছ নামৰ এটা ব্যৱসায়িক প্রতিষ্ঠান। পিছে, চৰকাৰী বিধি উলংঘা কৰি সিঙে এই হােটেল আৰু গেষ্ট হাউথ নির্মাণ কৰিছিল। যাৰ ফলত হােটেলখনৰ অবৈধভাৱে নির্মিত অংশ ভাঙি পেলােৱাৰ বাবে কর্তৃপক্ষই তেওঁলৈ কেইবাবাৰাে জাননী প্রেৰণ কৰে। পিছে, এই জাননীক সঁহাৰি নিদি ব্যৱসায়ীজনে সংশ্লিষ্ট কর্তৃপক্ষ দায়িত্বৰত বিষয়াক মেনেজৰ বাবে চেষ্টা চলায়। বিজয় সিং নামৰ ব্যৱসায়ীজনে এইক্ষেত্ৰত আনকি কেইবাবাৰাে শৈলবালা শৰ্মাক সাক্ষাৎ কৰি তেওঁৰ হােটেলখন উচ্ছেদ অভিযানৰ পৰা ৰেহাই দিবলৈ অনুনয় বিনয় কৰে। ইয়াৰ বাবে একাধিকাৰ ব্যৱসায়ীজনে শকত অংক উৎকোচ ল’বলৈও বিষয়াগৰাকীক প্ৰস্তাৱ আগবঢ়ায়। পিছে, নিজৰ নীতি আৰু আদৰ্শত দৃঢ় বিষয়া শৈলবালা শৰ্মাই এই প্রস্তাৱ বাৰে বাৰে প্রত্যাখ্যান কৰে। যােৱা মঙলবাৰে হােটেলখনত চলি থকা উচ্ছেদ অভিযান পৰিদৰ্শন কৰিবলৈ যায় ছিমলাৰ সহকাৰী টাউন প্লেনাৰ শৈলবালা শৰ্মাই। ইপিনে, বিষয়াজন উচ্ছেদস্থলীত উপস্থিত হােৱাৰ পিছতে হােটেলখনৰ গৰাকী বিজয় সিঙে লগত থকা ৰিভলভাৰটোৰে কোনাে কথাৰ অৱতাৰণা নকৰাকৈ তেওঁক গুলীয়ায়। এই ঘটনাৰ ফলত ছিমলাৰ টাউন প্লেনাৰ শৈলবালা শৰ্মাৰ লগে লগে মৃত্যু হয়। ইপিনে, হত্যাকাণ্ডটো সংঘটিত কৰিয়েই পলায়ন কৰে বিজয় সিঙে। বিগত দুদিন ধৰি আৰক্ষীয়ে চলােৱা অভিযানৰ অন্তত কালি নিশা হত্যাকাৰীজন উত্তৰপ্ৰদেশৰ মথুৰাত গ্রেপ্তাৰ হয়। আৰক্ষীৰ আগত দিয়া স্বীকাৰােক্তিত উৎকোচ গ্রহণ নকৰাৰ বাবেই শৈলবালা শৰ্মাক হত্যা কৰা বুলি বিজয় সিংহই প্ৰকাশ কৰিছে। আৰক্ষীয়ে তেওঁক আদালতত হাজিৰ কৰােৱাত আদালতে পাঁচ দিনৰ বাবে হত্যাকাৰীজনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। উল্লেখ্য, ছিমলাৰ কৌশলী অঞ্চলৰ আন এখন হােটেলকো অবৈধভাৱে নির্মাণ ভাঙি পেলাবলৈ জাননী জাৰি কৰিছিল
টাউন প্লেনিং বিভাগে। উৎকোচ-কাণ্ডৰ বাবে একপ্রকাৰ বদনামী হৈ পৰা ভাৰতবৰ্ষত এইবাৰ উৎকোচ নােলােৱাৰ বাবে এজন বিষয়াই প্রাণ আহুতি দিব লগা হােৱা ঘটনাই স্বাভাৱিকতে দেশজুৰি খলকনিৰ সৃষ্টি কৰিছে।

No comments:

Post a Comment

SPONSORED