ভাবী পত্নীৰ নির্যাতন সহিব নােৱাৰি মেধাৱী যুৱকৰ আত্মহত্যা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, May 05, 2018

ভাবী পত্নীৰ নির্যাতন সহিব নােৱাৰি মেধাৱী যুৱকৰ আত্মহত্যা

গুৱাহাটী : ভাবী পত্নীৰ নির্যাতন সহিব নােৱাৰি এজন অভিযান্ত্রিক ডিগ্রীধাৰী যুৱকে চিপ লৈ আত্মহত্যা কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। এই হৃদয়বিদাৰক ঘটনাটো সংঘটিত হয় গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত গীতামন্দিৰৰ মডার্ন হায়াৰ ছেকেণ্ডাৰী স্কুলৰ সমীপত। আৰক্ষীৰ সূত্ৰই জনােৱা মতে, গীতামন্দিৰ মডার্ন হায়াৰ ছেকেণ্ডাৰী স্কুলৰ সমীপৰ বাসিন্দা তথা শ্রমিক নেতা বীৰেন কলিতাৰ অভিযান্ত্রিক ডিগ্ৰীধাৰী পুত্র বিশাল কলিতাই (২৫) ৮ বছৰ ধৰি ভৰলুমুখৰ শান্তিপুৰৰ এগৰাকী যুৱতীৰ লগত প্ৰেমৰ সম্পর্ক বজাই চলিছিল। অলপতে দুয়ােটা পৰিয়ালে বিয়াৰ সন্মতি প্রকাশ কৰি যুৱক-যুৱতীহালক আঙঠি পিন্ধায়। বৃহস্পতিবাৰে বিশালে বৰপেটাত এক বিবাহ অনুষ্ঠানৰ পৰা পিতৃৰ সৈতে গুৱাহাটীৰ ঘৰলৈ উভতি আহে। উভতি অহাৰ বাটত পুত্র বিশালে তেওঁৰ ভাবী পত্নীয়ে দীর্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক নির্যাতন চলাই আহিছে বুলি পিতৃ বীৰেন কলিতাক অৱগত কৰায়। ঘৰলৈ আহি পিতৃ বীৰেন কলিতা নুনমাটিৰ এখন সভালৈ ওলাই যায়। ঘৰত কোনাে নথকাৰ সুযােগ লৈ বিশালে নিজৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে। নিশা ৮ বজাত ঘৰলৈ উভতি আহি বীৰেন কলিতাই পুত্র বিশালৰ মৃতদেহ ওলমি থকা অৱস্থাত দেখা পাই শােকত ভাগি পৰে। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ লােক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণােত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে। যুৱতীগৰাকীৰ নিৰ্যাতনৰ বাবেই পুত্র বিশালে আত্মহত্যা কৰা বুলি পিতৃ কলিতাই অভিযােগ কৰে।

No comments:

Post a Comment

SPONSORED