গুৱাহাটী : এন আৰ চি উন্নীতকৰণৰ প্রক্রিয়া প্রায় চমু চাপি অহাৰ সময়তে বৰাক উপত্যকাৰ কাছাৰ জিলাৰ ধলাইত এগৰাকী অৱসৰপ্ৰাপ্ত চিকিৎসকে অবৈধভাৱে ৭,১০০ খন জন্মৰ প্রমাণপত্র জাৰি কৰাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। ধলাই প্রাথমিক চিকিৎসালয়ৰ অৱসৰপ্ৰাপ্ত চিকিৎসক ৰমেন্দু চৌধুৰীয়ে অৱসৰৰ পিচত একেখন চিকিৎসালয়ত অ’ এছ ডিৰ পদ লৈ দুটা বছৰৰ ভিতৰত অতি অস্বাভাৱিক হাৰত জন্মৰ প্রমাণপত্র বিতৰণৰ আঁৰত এন আৰ চিত নাম অন্তর্ভুক্তি কৰাৰ ষড়যন্ত্র নিহিত থকাৰ গুৰুতৰ অভিযােগ উঠিছে। ২০১৪ চনৰ এপ্রিলৰ পৰা ২০১৬ চনৰ মাৰ্চলৈকে উক্ত চিকিৎসকজনে ধলাই প্রাথমিক চিকিৎসা কেন্দ্ৰৰ পৰা দৈনিক হিচাপ নােহােৱাকৈ জন্মৰ প্রমাণপত্র জাৰি কৰিছিল। উক্ত প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা চিকিৎসকগৰাকীয়ে প্রতি মাহে অস্বাভাৱিক হাৰত জন্মৰ প্রমাণপত্র বিতৰণ কৰা বিষয়টো কাছাৰৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ দৃষ্টিগােচৰ হােৱাৰ পিচতাে কিন্তু এইক্ষেত্ৰত কোনাে ব্যৱস্থা লােৱা হােৱা নাছিল। তদুপৰি প্রতি মাহে অৱসৰপ্ৰাপ্ত চিকিৎসকগৰাকীয়ে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কার্যালয়লৈ পত্ৰ প্ৰেৰণ কৰি পাঁচশ কপিকৈ উকা জন্মৰ প্রমাণপত্র বিচাৰিছিল আৰু সেইমর্মে যুটীয়া স্বাস্থ্য সঞ্চালকে তেওঁক জন্মৰ প্রমাণপত্র যােগান ধৰি আহিছিল। এন আৰ চিত নাম অন্তর্ভুক্ত কৰাৰ বাবে জন্মৰ প্রমাণপত্রক ‘লিংকেজ’ নথি হিচাপে গণ্য কৰাৰ ফলতেই উক্ত প্রাথমিক চিকিৎসা কেন্দ্ৰটোৰ পৰা অৱসৰপ্ৰাপ্ত চিকিৎসকগৰাকীয়ে এনেদৰে জন্মৰ প্রমাণপত্র জাৰি কৰাৰ নামত একপ্রকাৰ ব্যৱসায় চলাইছিল। এন আৰ চি উন্নীতকৰণৰ প্রক্রিয়া চলি থকাৰ সময়তে কাছাৰ জিলাত জন্মৰ প্রমাণপত্রক লৈ চলা এই অনিয়মৰ তথ্য দাঙি ধৰি অসমীয়া যুৱ মঞ্চই আজি এখন সংবাদমেলত বিষয়টোৰ উচ্চ পর্যায়ৰ তদন্ত দাবী কৰে। যুৱ মঞ্চৰ সচিবপ্রধান জিতুল ডেকাই কয় যে কাছাৰৰ ধলাইত জন্মৰ প্রমাণপত্ৰক লৈ চলা এই অনিয়মৰ বিষয়ে এন আৰ চি কর্তৃপক্ষ অৱগত। এই সন্দৰ্ভত এন আৰ চি কর্তৃপক্ষই কাছাৰ জিলাৰ উপায়ুক্তক তদন্তৰ নির্দেশ দিছিল। কিন্তু আজিপর্যন্ত এনে স্পর্শকাতৰ বিষয় এটাক লৈ চৰকাৰ তথা প্রশাসনে কোনাে ব্যৱস্থা লােৱা পৰিলক্ষিত নহ'ল। ডাঃ ৰমেন্দু চৌধুৰীয়ে জাৰি কৰা প্রমাণপত্ৰ আৰু তেওঁৰ চাকৰিৰ বৈধতা সন্দৰ্ভত কাছাৰৰ যুটীয়া স্বাস্থ্য সঞ্চালকে সেই সময়ত স্বাস্থ্য সচিবলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ উদ্ধৃতি দি কয় যে যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে স্পষ্টভাৱে লিখিছে যে ২০১৪ চনৰ ২৪ এপ্রিলত অৱসৰ লােৱাৰ পিচত ডাঃ ৰমেন্দু চৌধুৰীক ধলাই প্রাথমিক স্বাস্থ্য কেন্দ্ৰত অ’ এছ। ডি হিচাপে নিযুক্তি দিয়াৰ এখন পত্র লাভ কৰিছিল। কিন্তু তেওঁ পূর্বৰ পদৰ দায়িত্বভাৰ অৰ্পণ নকৰিলে আৰু অ’ এছ ডি হিচাপে যােগদান কৰা বুলি বিভাগক লিখিতভাৱে একো তথ্য নজনালে। ইয়াৰ পিচতাে তেওঁ বিভাগীয় ছীল-মােহৰ ব্যৱহাৰ কৰি জন্মৰ প্রমাণপত্র জাৰি কৰি থাকে। অৱসৰৰ পূর্বে ডাঃ ৰমেন্দু চৌধুৰীৰ পদমর্যাদা আছিল মহকুমা স্বাস্থ্য বিষয়া। অৱসৰৰ পিচত তেওঁক অ’ এছ ডিৰ দায়িত্ব দিয়া হৈছিল যদিও জন্ম-মৃত্যুৰ পঞ্জীয়ন বিষয়া হ'বলৈ হ'লে তেওঁ স্থায়ী চৰকাৰী বিষয়া হ’ব লাগে। ইয়াৰ পিচতাে কিন্তু বেআইনীভাৱে অৱসৰপ্ৰাপ্ত চিকিৎসকজনে প্রতি মাহে কেইবাশ জন্মৰ প্রমাণপত্র জাৰি কৰিছিল। এনেদৰে জন্মৰ প্রমাণপত্র জাৰি কৰাৰ আঁৰত বৃহৎ ধনৰ লেনদেন হােৱাৰ অভিযােগ কৰি যুৱ মঞ্চৰ নেতাগৰাকীয়ে ডাঃ ৰমেন্দু চৌধুৰীয়ে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ পৰা কিদৰে জন্মৰ প্রমাণপত্ৰৰ বহী সংগ্রহ কৰিছিল, তাৰ এক পৰিসংখ্যাও দাঙি ধৰে। ২০১৪ চনৰ ৩ ছেপ্টেম্বৰত তেওঁ পাঁচশখন, একেটা বছৰৰ ১৫ অক্টোবৰত চাৰিশখন, একেটা বছৰৰ ২৬ ডিচেম্বৰত পাঁচশখন, ২০১৫ চনৰ ৫ ফেব্ৰুৱাৰীত দুশখন, ২০১৫ চনৰ ৩ মার্চত পাঁচশখন, ২০১৫ চনৰ ২০ এপ্রিলত দুশখন, ২০১৫ চনৰ ১২ মে'ত এশখন, একেটা বছৰৰ ১ জুনত পাঁচশখন, ১ জুলাইত পাঁচশখন, ১৫ জুলাইত তিনিশখন, ২৩ জুলাইত এশখন, ১০ আগষ্টত ছশখন, ২৪ ছেপ্টেম্বৰত চাৰিশখন, ৪ ডিচেম্বৰত পাঁচশখন, ২০১৬ চনৰ ১৩ জানুৱাৰীত তিনিখন, একেটা বছৰৰ ৯ ফেব্ৰুৱাৰীত দুশখন, ২ মার্চত তিনিখন জন্মৰ প্রমাণপত্র যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিছিল। ধলাই প্রাথমিক চিকিৎসা কেন্দ্র এলেকাত এনেদৰে একোটা মাহত অস্বাভাৱিক হাৰত জন্মৰ প্রমাণপত্র জাৰি কৰা বিষয়টো সেই সময়ত যুটীয়া স্বাস্থ্য সঞ্চালকে কিয় গুৰুত্বসহকাৰে নল'লে বুলি যুৱ মঞ্চই প্রশ্ন কৰিছে। আজিৰ সংবাদমেলত যুৱ মঞ্চই ডাঃ ৰমেন্দু চৌধুৰীয়ে জাৰি কৰা জন্মৰ প্রমাণপত্ৰৰ প্রতিলিপি এখন প্রদর্শন কৰি কয় যে ১৯৯৮ চনৰ এপ্রিলত চিকিৎসকজনে এগৰাকী ব্যক্তিক জন্মৰ প্রমাণপত্র জাৰি কৰি স্বাক্ষৰ কৰিছে। অথচ সেই সময়ত ধলাই প্রাথমিক স্বাস্থ্য কেন্দ্ৰত মহকুমা স্বাস্থ্য বিষয়া হিচাপে কার্যনির্বাহ কৰিছিল ডাঃ আৰ বি সিনহাই। তদুপৰি যিখন প্রমাণপত্ৰত ডাঃ ৰমেন্দু চৌধুৰীয়ে ১৯৯৮ চনত স্বাক্ষৰ কৰা দেখুৱাইছে, সেই প্রমাণপত্ৰখন আকৌ কাছাৰৰ যুটীয়া স্বাস্থ্য সঞ্চালকে ২০০৯ চনৰ ১৭ ফেব্ৰুৱাৰীতহে ধলাই প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ নামত জাৰি কৰিছিল। গতিকে এই তথ্যৰ জৰিয়তে প্রাথমিক স্বাস্থ্য কেন্দ্ৰটোত জন্মৰ প্রমাণপত্র জাৰি কৰাক লৈ কি এক ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে, সেই কথা ওলাই পৰে। নাগৰিকপঞ্জী উন্নীতকৰণৰ প্রক্রিয়া চমু চপাৰ সময়তে জন্মৰ প্রমাণপত্ৰৰ এই কেলেংকাৰীৰ উচ্চ পর্যায়ৰ তদন্ত দাবী কৰিছে সংগঠনটোৱে।
Responsive Ads Here
Saturday, May 05, 2018

অবৈধভাৱে ৭,১০০ খন জন্মৰ প্রমাণপত্র জাৰি কৰি এন আৰ চি উন্নীতকৰণত বৰাকত ভয়ংকৰ জালিয়তি
Tags
# Regional
Share This

About Sangbad Prahari
Regional
Labels:
Regional
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment