গুৱাহাটী : অসম সাহিত্য সভাৰ উদ্যোগত বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অনুষ্ঠিত হয় এখন জাতীয় অভিৱৰ্তন। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দেওবাৰে একেটা ছাতিৰ তলত সমবেত হ’ল ৰাজ্যৰ ৯০টাৰো অধিক দল–সংগঠন। কেন্দ্ৰই জাপি দিব বিচৰা এই আইনখনক ঐক্যবদ্ধভাৱে বিৰোধিতা কৰিলে জাতীয় সংগঠনসমূহে।
অসম সাহিত্য সভাৰ আহ্বানত আজি গুৱাহাটীত অনুষ্ঠিত জাতীয় অভিৱৰ্তনত বিভিন্ন ব্যক্তি, দল-সংগঠনৰ মতামত,পৰামৰ্শৰ অন্তত সর্বসম্মতিক্রমে গৃহীত প্রস্তাৱ
(১) অসম সাহিত্য সভাৰ আমন্ত্রণক্রমে গুৱাহাটী জিলা পুথিভঁৰালত আজি ১২ জেঠ, ১৪২৫ ভাস্কৰাব্দ (২৭ মে, ২০১৮ খ্রীষ্টাব্দ) তাৰিখ দেওবাৰে অনুষ্ঠিত জাতীয় অভিৱর্তনে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্রতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰস্তাৱযােগে কয় যে পােনপটীয়া নিৰীক্ষণত অব্যাহত থকা আৰু ৩০ জুন, ২০১৮ খ্রীষ্টাব্দ তাৰিখে প্রকাশ পাবলগীয়া অসমৰ বাবে প্রস্তুত আৰু উন্নীতকৰণ কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূর্ণ শুদ্ধ আৰু বিদেশীমুক্ত হােৱাত গুৰুত্ব আৰােপ কৰি সংশ্লিষ্ট সকলােৰে সহায়-সহযােগিতা কামনা কৰে। নাগৰিকপঞ্জীখনি উন্নীতকৰণৰ লগত জড়িত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীৰে সততা, নিষ্ঠা আৰু ন্যায়নিষ্ঠা অসমৰ ভৱিষ্যতৰ বাবে সুদূৰ প্ৰসাৰী প্রভাবী দিকদর্শী হ'ব বুলি ঐক্যমত পােষণ কৰে। বিষয়া-কৰ্মচাৰীসকলে জাতীয় দায়িত্ব পালন কৰি নাগৰিকপঞ্জী উন্নীতকৰণত সহযােগ কৰাৰ এই ঐতিহাসিক ক্ষণত খিলঞ্জীয়াৰ স্বার্থৰ নামত শাসনৰ গাদী দখল কৰা জনপ্রতিনিধিসকলকো ঐতিহাসিক দায়িত্ব পালন কৰি স্বদেশীৰ পক্ষত থিয় হ'বলৈ আহ্বান জনায়। নাগৰিকপঞ্জীখনি সম্পূৰ্ণৰূপে বিদেশীমুক্ত হােৱাৰ ক্ষেত্ৰত কোনাে আপােচ কৰা নহ'ব বুলি আজিৰ অভিৱর্তনে সিদ্ধান্ত গ্রহণ কৰে। নাগৰিকপঞ্জী উন্নীতকৰণত জড়িত সকলাে বিষয়-কৰ্মচাৰীক যাৱতীয় নিৰাপত্তাৰে অভয় প্রদান কৰিবলৈ চৰকাৰক দাবী জনায়।
(2) অসম সাহিত্য সভাৰ আমন্ত্রণক্রমে গুৱাহাটী জিলা পুথিভঁৰালত আজি ১২ জেঠ, ১৪২৫ ভাস্কৰাব্দ (২৭ মে', ২০১৮ খ্রীষ্টাব্দ) তাৰিখ দেওবাৰে অনুষ্ঠিত জাতীয় অভিৱর্তনে অসমৰ জনজীৱন আৰু জাতীয় জীৱনৰ অতীত, বর্তমান আৰু ভৱিষ্যৎ পর্যালােচনা কৰি গভীৰভাৱে অনুভৱ কৰে যে, কেন্দ্রীয় চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশােধনী বিধেয়ক, ২০১৬’ সম্পূর্ণভাৱে সংবিধান, আইনগত, ঐতিহাসিক, সমাজতাত্ত্বিক আৰু নৈতিক দিশৰ পৰা এখন ভয়াৱহ জনহিত উলংঘাকাৰী আইন। এই প্রস্তাৱিত আইনে সংবিধানৰ মূল উদ্দেশ্য আৰু জনগণৰ মৌলিক অধিকাৰ উলংঘা কৰিছে, ভাৰতীয় নাগৰিকৰ স্বাভাৱিক ন্যায়িক অধিকাৰ আৰু ধর্ম-নিৰপেক্ষ চৰিত্ৰ। অসমৰ জাতীয় জীৱন, সমাজ, সংস্কৃতি, ভাষা-সংস্কৃতি-সাহিত্যৰ প্ৰতি অভাৱনীয় ভাবুকিৰ সৃষ্টি কৰিছে। অসমৰ সমাজৰ নৃগােষ্ঠীগত আৰু ভাষিক সন্তলন চৰিত্ৰকে বিনষ্ট কৰি অসমত অসমীয়া আৰু খিলঞ্জীয়া জনগােষ্ঠী আৰু জনজাতীয়সকলৰ অস্তিত্ব অধিকাৰ আৰু স্থিতিৰ প্রতি অভূতপূর্ব ভাবুকিৰ সৃষ্টি কৰিছে। এই বিধেয়ক গৃহীত হ'লে অসমৰ জনগাঠনিৰ সম্পূৰ্ণ আৰু চিৰস্থায়ী পৰিৱৰ্তন ঘটিব। অসম চুক্তি সম্পূর্ণ বিৰােধী বিধেয়কখনে চুক্তিখন আৰু ইয়াৰ সাংবিধানিক ৰক্ষাকবচৰ ব্যৱস্থাৰাজী সম্পূর্ণভাৱে নস্যাৎ কৰি পেলাব। এই বিধেয়কখনে ২০১৪ খ্রীষ্টাব্দৰ ৩১ ডিচেম্বৰলৈ সকলাে হিন্দু বাংলাদেশী প্ৰব্ৰজনকাৰীক শৰণার্থী সজাই নাগৰিকত্ব প্রদান কৰিব বিচৰা হৈছে। কোনাে পৰিস্থিতিতেই, কোনাে ৰূপতেই এই প্রস্তাৱিত জাতিধ্বংসী বিধেয়কখন আইনত পৰিণত হ'বলৈ দিব নােৱাৰি। দল-মত, জাতি-বর্ণ, ধর্ম-ভাষা নির্বিশেষে আজি এই অভিৱৰ্তনত সমবেত সকলাে দল, সংগঠন, ব্যক্তিয়ে প্রস্তাৱিত বিধেয়কৰ দুৰ্ঘোৰ বিৰােধিতা কৰে আৰু প্রয়ােজন সাপেক্ষে যিকোনাে মূল্যৰ বিনিময়ত এই বিধেয়ক প্রতিহত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে।
(৩) ৮৫৫ জন শ্বহীদৰ কেঁচা তেজেৰে ৰঞ্জিত ছবছৰীয়া গণ আন্দোনৰ ফলশ্ৰুতিত স্বাক্ষৰিত “অসম চুক্তি’খন আজি তিনিটা দশকেও ৰূপায়িত নােহােৱাত আজিৰ জাতীয় অভিৱর্তনে গভীৰ উদ্বেগ প্রকাশ কৰে। অসম চুক্তি'খন ৰূপায়ণৰ বাবে আজিৰ জাতীয় অভিৱর্তনে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰক ‘অসম চুক্তি’ৰ প্রতিটো দফা সুপৰিকল্পিতভাৱে এক সময় নির্ধাৰিত কাৰ্যপন্থাৰে ক্ষিপ্ৰ ৰূপায়নৰ ব্যৱস্থা কৰি অনিশ্চয়তাৰ গৰাহৰ পৰা অসমৰ ৰাইজক ৰক্ষা কৰি সুনির্দষ্ট সময়সূচী আৰু কর্মপন্থাৰে আশ্বস্ত কৰিবলৈ সজোৰে দাবী উত্থাপন কৰি তৎকালে এই সময়সূচী ঘােষণা কৰিবলৈ দাবী জনায় ।
এইমর্মে-
(ক) ‘অসম চুক্তি'ৰ আধাৰত খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকবচ প্রদান কৰি বিধায়িনী, সাংবিধানিক, প্রশাসনিক আৰু ভূমি-সম্পত্তিগত সুৰক্ষা প্রদান কৰাৰ লগতে খিলঞ্জীয়াৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য অক্ষুন্ন ৰখাৰ স্বাৰ্থত এইসমূহৰ সুৰক্ষা, সংৰক্ষণ, সংবর্ধনৰ নিশ্চয়তা প্রদান। কৰা হওক।
(খ) অসম বাংলাদেশ সীমান্ত ছীল কৰা হওক।
(গ) ১৯৭১ চনৰ ২৫ মার্চৰ পাছত অনুপ্রৱেশ কৰা সকলাে বিদেশীক বহিষ্কাৰৰ বাবে ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰৰ মাজত ‘প্রত্যাপর্ণ চুক্তি কৰা হওঁক।
(৪) আজিৰ অভিৱৰ্তনে ইতিমধ্যে চৰকাৰে ছেপ্টেম্বৰ, ২০১৫ আৰু ১৩ জুলাই, ২০১৬ খ্রীষ্টাব্দ তাৰিখে প্রবর্তন কৰা অধ্যাদেশ দুখন অত্যন্ত ক্ষতিকাৰক আৰু সংবিধান তথা সু-আইনী ব্যৱস্থাৰ পৰিপন্থী বুলি বিবেচনা কৰে আৰু এই জাতিধ্বংসী অধ্যাদেশ দুখন নাকচ কৰিবৰ বাবে মহামান্য উচ্চ আৰু উচ্চতম ন্যায়ালয়ত আইনী ব্যৱস্থা ল'বৰ বাবে সিদ্ধান্ত গ্রহণ কৰে। এইক্ষেত্ৰত আজিৰ অভিৱৰ্তনত অংশগ্রহণ কৰা সকলাে ব্যক্তি, দল, সংগঠনক বৌদ্ধিক, কায়িক আৰু আর্থিকভাৱে সাহায্য কৰাৰ বাবে আহ্বান জনােৱা হওক।
(৫) আজিৰ জাতীয় অভিৱর্তনে দেশ আৰু জাতিৰ এই সংকটকালত অসমৰ খিলঞ্জীয়া জাতি জনগােষ্ঠীসমূহৰ অস্তিত্ব ধ্বংস কৰিবলৈ প্ৰচেষ্টা কৰা এই বিধেয়কখনৰ বিৰােধীতা কৰাৰ প্ৰশ্নটোত অসমৰ সকলাে ব্যক্তি, দল, মত, সংগঠনক একত্রিত কৰাৰ ঐতিহাসিক দায়িত্ব পালন কৰিবলৈ এই জাতীয় অভিৱর্তনখন অনুষ্ঠিত কৰাৰ বাবে অসম সাহিত্য সভাক আন্তৰিকভাৱে ধন্যবাদ প্রদান কৰিছে আৰু এই পদক্ষেপক এক ঐতিহাসিক পদক্ষেপ হিচাপে চিনাক্ত কৰিছে আৰু ভৱিষ্যতলৈকো জাতীয় প্রশ্নত। ঐক্যবদ্ধভাৱে কাম কৰি যােৱাৰ ক্ষেত্ৰত ঐক্যমত প্রকাশ কৰিছে।
আজিৰ অভিৱর্তনে অসম আৰু অসমৰ সকলাে খিলঞ্জীয়া বাসিন্দা আৰু ইয়াত ঐতিহাসিকভাৱে বসবাস কৰি অহা সকলাে থলুৱা জনগােষ্ঠী আৰু জনসম্প্রদায়ৰ নিজস্ব মাতৃভাষা, উমৈহতীয়া যােগাযােগৰ ভাষা, চৰকাৰী ভাষাৰ সুৰক্ষা আৰু শ্ৰীবৃদ্ধিত সকলাে জনগােষ্ঠীৰেই অস্তিত্ব আৰু স্থিতিৰ এক প্রথম চর্ত হিচাপে ঘােষণা কৰে আৰু আমাৰ সকলােৰে অস্তিত্বৰ প্ৰসংগটো আমাৰ মাতৃভাষা আৰু ৰাজ্যভাষাৰ অস্তিত্বৰ লগত সুদৃঢ়ভাবে জড়িত হৈ আছে।
অসম সাহিত্য সভাৰ সুদক্ষ নেতৃত্বত ৰাজ্যখনত এক সুষম, গণতান্ত্রিক আৰু কাৰ্যকৰী ভাষানীতি প্রবর্তনৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ স্থিতিক আকুণ্ঠ সমর্থন জনায়।
(৬) অসমৰ জাতীয় স্বার্থত ৰাইজৰ সকলাে দল মত সংগঠনৰ লগত ঐক্যবদ্ধভাৱে কাম কৰি এই সংকটত কালত বৌদ্ধিক নেতৃত্ব প্রদান কৰি সময়পযােগী পদক্ষেপ লবলৈ আজিৰ অভিৱর্তনে অসম সাহিত্য সভাক আহ্বান জনায়।
(৭) সৰ্বভাৰতীয় পর্যায়ত সাহিত্যিক বুদ্ধিজীৱী সকলৰ এখনি সন্মিলন অনুষ্ঠিত কৰি ৰাজ্যখনে সন্মুখীন হােৱা আজিৰ এই অভূতপূর্ব পৰিস্থিতি ৰাষ্ট্ৰীয় প্রেক্ষাপটত দাঙি ধৰিবৰ বাবে আজিৰ অভিৱর্তনে অসম সাহিত্য সভাক আহ্বান জনায়।।
(৮) অসমৰ সকলাে জনজাতীয় আৰু জনগােষ্ঠীয় সাহিত্য সংগঠনক লৈ এখনি সম্মিলন অনুষ্ঠিত কৰা হওক।
No comments:
Post a Comment