ফে’চবুকত বিধায়িকা আঙুৰলতা সন্দৰ্ভত অশ্লীল মন্তব্য প্ৰিয়ংকাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, May 28, 2018

ফে’চবুকত বিধায়িকা আঙুৰলতা সন্দৰ্ভত অশ্লীল মন্তব্য প্ৰিয়ংকাৰ

বটদ্ৰৱা : বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে ছচিয়েল মিডিয়া ফে’চবুকত অত্যন্ত অশ্লীল, আপত্তিজনক আৰু সন্মান হানিকৰ মন্তব্য প’ষ্ট কৰিছে তিনিচুকীয়া জিলাৰ প্ৰিয়ংকা কলিতা নামৰ এগৰাকী মহিলাই। বিধায়িকাগৰাকীৰ বিষয়ে ফে’চবুকত অত্যন্ত অশ্লীল, সন্মান হানিকৰ মন্তব্য কৰা মহিলাগৰাকীৰ বিৰুদ্ধে দেওবাৰে নগাঁও সদৰ আৰক্ষী থানাত বটদ্ৰৱা সমষ্টিৰ চকলাঘাটৰ লোকেন্দ্ৰ কুমাৰ নাথ নামৰ লোক এজনে এখন এজাহাৰ দাখিল কৰিছে। 
এজাহাৰ দ‌িয়া লোকজনে প্ৰিয়ংকা কলিতা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত গোচৰ পঞ্জীভুক্ত কৰি তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আৱেদন জনাইছে। বিধায়িকাগৰাকীক অযথা আক্ৰমণ কৰি তেওঁৰ বিৰুদ্ধে অত্যন্ত অশ্লীল-সন্মান হানিকৰ মন্তব্য কৰা প্ৰিয়ংকা কলিতা নামৰ মহিলাগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈকো বটদ্ৰৱা সমষ্টিৰ ৰাইজে দাবী জনাইছে।

No comments:

Post a Comment

SPONSORED