নাইজেৰিয়ান খেলুৱৈক সতর্কবাণী প্রশিক্ষকৰ
আবুজা (নাইজেৰিয়া) : ৰাছিয়ান সুন্দৰীৰে সম্ভোগত লিপ্ত হৈ বিশ্বকাপত মনােবল বৃদ্ধি কৰিবলৈ আর্জেন্টিনা ফুটবল সন্থাই দেশখনৰ খেলুৱৈসকলক পৰামর্শ দিয়াৰ বিপৰীতে নাইজেৰিয়ান খেলুৱৈসকলক আয়ােজক দেশখনৰ মহিলাৰে সম্ভোগ নকৰিবলৈ সকীয়াই দিছে দলটোৰ প্ৰশিক্ষক গান’ট ৰৰাহে।
বিশ্বকাপৰ প্রস্তুতি সন্দৰ্ভত প্রশিক্ষকগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কয় যে বিশ্বকাপৰ সময়ছােৱাত কোনাে ৰাছিয়ান যুৱতীৰ সৈতে খেলুৱৈসকলক সম্ভোগৰ অনুমতি দিয়া নহ’ব। অৱশ্যে সকলাে খেলুৱৈয়ে মেচৰ পাছত পত্নী, প্রেয়সী আৰু পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰিব পাৰিব।
মন কৰিবলগীয়া যে কিছুদিন পূর্বে ব্রাজিলৰ কিংবদন্তি স্ট্রাইকাৰ ৰােমাৰিঅ'ই যথেষ্ট পৰিমাণে সম্ভোগ কৰি বিশ্বকাপৰ পূর্বে মনােসংযােগ বৃদ্ধি কৰিবলৈ দেশখনৰ খেলুৱৈসকলক পৰামর্শ দিছিল।
No comments:
Post a Comment