মুম্বাই : শ্বেন ৱাটছনৰ বেটিং বিক্ৰমৰ সহায়ত চেন্নাই ছপাৰ কিংছে তৃতীয়বাৰৰ বাবে ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ খিতাপ হস্তগত কৰিলে। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত প্রতিযােগিতাখনৰ ফাইনেল মেচখনত মহেন্দ্র সিং ধােনী নেতৃত্বাধীন চেন্নাইয়ে ২০১৬ চনৰ চেম্পিয়ন ছানৰাইজার্ঘ হায়দৰাবাদক ৮ উইকেটত পৰাস্ত কৰে। মেচখনত ছানইজাছে জয়ৰ বাবে বান্ধি দিয়া ১৭৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ৱাটছনৰ অপৰাজিত ১১৭ ৰানৰ সহায়ত চেন্নায়ে ১৮.৩ অভাৰত দুটা উইকেট হেৰুৱাই বিজয়ী হয়। ৰাইনাই ৩২ ৰানৰ অৱদান দললৈ আগবঢ়ায় যদিও ডু প্লেছিছে ১০ ৰান কৰি বিদায় লয়। ৰাইড্ৰৱে ১৭ ৰান কৰি অপৰাজিত হৈ থাকে। ৫৭টা বলত ১১টা চাৰি আৰু ৮টাকৈ অভাৰ বাউণ্ডৰীৰে শতক অর্জন কৰা ৱাটছনে মেচখনত শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।
ব্রটছন আৰু ৰাইনাই দ্বিতীয় উইকেটৰ যুটিত ১১৭ ৰান সংগ্রহ কৰি দলৰ জয়ৰ পথ প্রশস্ত কৰি তুলিছিল। চেন্নাইয়ে ২০১০ আৰু ২০১১ চনৰ প্ৰতিযােগিতাতাে চেম্পিয়ন হৈছিল। ইতিমধ্যে তিনিবাৰকৈ চেম্পিয়ন হােৱা মুম্বাই ইণ্ডিয়ানছৰ সৈতে চেন্নাই ছুপাৰ কিংছাে এতিয়া আই পি এলৰ সবাতােকৈ সফল দল হিচাপে পৰিগণিত হল।
ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও অধিনায়ক কেন উইলিয়ামছনৰ ৪৭ আৰু ইউছুফ পাঠানৰ বিস্ফোৰক অপৰাজিত ৪৫ ৰানৰ সহায়ত ছানৰাইজাৰ্ছ হায়দৰাবাদে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৭৮ ৰান সংগ্রহ কৰে। শ্রীবটছ গােস্বামী আৰু শিখৰ ধাবনে ইনিংছ মুকলি কৰিবলৈ আহে যদিও দলীয় স্ক’ৰ ১৩ ৰানত গােস্বামী ব্যক্তিগত ৫ ৰানত পেভিলিয়নমুখী হয়। ধাৱনেও দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয় আৰু ২৬ ৰানৰ অৱদানহে দললৈ আগবঢ়ায়। সেই সময়ত দলটোৰ স্ক’ৰ আছিল দুই উইকেটত ৬৪ | অৱশ্যে ইপিনে উইলিয়ামছন আৰু ছাকিবে তৃতীয় উইকেটৰ যুটিত ৩৭ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় কিছু পৰিমাণে ৰােধ কৰে। ছাকিবে ১৫ বলত ২৩ ৰান কৰে। শেষৰপিনে ইউছুফে ২৫টা বলত চাৰিটা চাৰি আৰু দুটা ছয়েৰে ৪৫ ৰান কৰি দলক সন্তোষজনক স্থিতিত উপনীত কৰায়। ব্রেথৱেইটে ১১টা বলত তিনিটা ছয়েৰে ২১ ৰান কৰে।
আইপিএল ফাইনালৰ দল
চেন্নাই ছুপাৰ কিংছ:
শেন ৱাটচন, ফাফ ডু প্লেছি, সুৰেশ ৰাইনা, অম্বাতি ৰাইডু, এম এস ধোনি, ডোয়েন ব্রাভো, ৰবীন্দ্র জাদেজা, দীপক চাহাৰ, কর্ণ শর্মা, শার্দূল ঠাকুৰ, লুঙ্গি এনগিডি।
ছানৰাইজাৰ্ছ হায়দৰাবাদ:
শিখৰ ধাবন, শ্রীবৎস গোস্বামী, কেন উইলিয়ামছন, শাকিব আল হাসান, দীপক হুদা, ইউছুফ পঠান, কার্লোচ ব্রাথওয়েট, ৰশিদ খান, ভুবনেশ্বৰ কুমাৰ, সিদ্ধার্থ কল, সন্দীপ শর্মা।
-: ২০১৮ আইপিএল এৱাৰ্ড :-
বেস্ট ইমাৰজিং ক্রিকেটাৰ: ঋষভ পন্থ (৬৮৪ ৰান)
ফেয়াৰ প্লে এৱাৰ্ড: মুম্বাই ইন্ডিয়ান্স
সুপাৰ কেচ এৱার্ড: ট্রেন্ট ব’ল্ট
সুপাৰ স্ট্রাইকাৰ এৱার্ড: সুনীল নাৰিন (গড় স্ট্রাইক ৰেট ১৯০.৯৬)
মোস্ট স্টাইলিশ ক্রিকেটাৰ: ঋষভ পন্থ
নতুন ভাবনা পুরস্কাৰ: মহেন্দ্র সিং ধোনি
পার্পেল ক্যাপ (সর্বোচ্চ উইকেট): এন্ড্রু টাই (২৪ উইকেট)
অৰেঞ্জ কেপ (সর্বোচ্চ ৰান): কেন উইলিয়ামচন (৭৩৫ ৰান)
টুর্নামেন্টৰ মুল্যবান ক্রিকেটাৰ: সুনীল নাৰিন (৩৭৯.৫ পইন্ট)
আইপিএল ২০১৮ৰ শ্ৰেষ্ঠ স্থান-ষ্টেডিয়াং: ইডেন গার্ডেন
আইপিএল ২০১৮ৰ শ্ৰেষ্ঠ পিটচ: ইন্দোর হোলকাৰ স্টেডিয়াম (কিংস ইলিভেন পঞ্জাব)
২০১৮ আইপিএলৰ ৰানাৰ্ছ আপ: ছানৰাইজাৰ্ছ হায়দৰাবাদ
২০১৮ আইপিএলৰ চেম্পিয়ন: চেন্নাই সুপাৰ কিংছ
No comments:
Post a Comment