বৰপেটাত ‘গােকুল পাঠক ৰচনাৱলী’ উন্মােচন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 28, 2018

বৰপেটাত ‘গােকুল পাঠক ৰচনাৱলী’ উন্মােচন


গােকুল পাঠক সাংস্কৃতিক আকাশৰ উজ্জল নক্ষত্র ও হােমেন বৰগােহাঞি

পুলেন্দ্র দাস, বৰপেটা :
শিল্পী পেঞ্চনাৰ, বিষ্ণুৰাভা বঁটা প্রাপক, শিল্পী, সাহিত্যিক তথা সাংবাদিক গােকুল পাঠকৰ সাহিত্যৰাজি একত্রিত সংকলন ‘গােকুল পাঠক ৰচনাৱলী’ আজি উন্মােচন কৰা হয়। এই উপলক্ষে বৰপেটা জিলা পুথিভৰাল প্রেক্ষাগৃহত অনুষ্ঠিত হয় এখন গাম্ভীর্যপূর্ণ সভা।
বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত উন্মােচনী সভাত গ্রন্থখন উন্মােচন কৰে লেখক, সাংবাদিক তথা চিন্তাবিদ হােমেন বৰগােহাঞিয়ে। গ্ৰন্থখন উন্মােচন কৰি বৰগােহাঞিয়ে কয় যে গােকুল পাঠক সাংস্কৃতিক আকাশৰ উজ্জ্বল নক্ষত্র। অনন্য, স্বতন্ত্র আদি বিভূষণেৰে বিভূষিত বৰপেটা চহৰৰ লােক সংগীতৰ পথাৰত নিৰবিচ্ছিন্ন ভাৱে গােকুল পাঠকে কাম কৰি আহিছে। বৃহত্তৰ অঞ্চলৰ পৰা শিক্ষালৈ গােকুল পাঠকৰ সৃষ্টি হৈছে।‘গােকুল পাঠক ৰচনাৱলী’য়ে অন্য এক মাত্রা প্রদান কৰিব বুলি আশা ব্যক্ত কৰে বৰগােহাঞিয়ে। পৃথিৱীখনক আমি যি দৰে পাও তাতকৈ অধিক ভাল দৰে যাতে পৃথিৱীখনক এৰি যাব পাৰাে তাৰ বাবে প্রত্যেকেই চেষ্টা কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে।
গােকুল পাঠক ৰচনাৱলী সম্পাদনা সমিতিৰ উদ্যোগত অনুষ্ঠিত উন্মােচনী সভাখনত মুখ্য অতিথি হিচাপে অংশ গ্রহণ কৰি বিশিষ্ট, সাহিত্যিক, সাংবাদিক হাইদৰ হুছেইনে কয় যে সাম্প্রতিক সময়ত স্বদেশ প্ৰেমৰ ভাও লােৱা লােক বেছি। বচন নমতাকৈও স্বদেশ প্রেম কৰিব পাৰি। গােকুল পাঠকৰ ৰক্তত দেশ প্রেম প্রবাহিত হােৱা বুলি উল্লেখ কৰি পাঠকে দেশ আৰু জাতিটোৰ বাবে বহু কাম কৰি যােৱা বুলিও হুছেইনে মন্তব্য কৰে। অভাৱ, লােভ, মােহ আদি জয় কৰা গুণৰ অধিকাৰী গােকুল পাঠকৰ একো নাই যদিও সকলাে আছে’বুলিও তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায় হুছেইনে। অসমীয়া জাতিক প্ৰেৰণা দিয়া বৈশিষ্টতাৰে ভৰা পাঠকৰ এনে গুণৰ বাবে পাঠক উৎসৱৰ কেন্দ্র বিন্দু হৈ পৰা বুলি কয় বিশিষ্ট সাংবাদিক গৰাকীয়ে।
সভাত উপস্থিত থাকি সভাৰ মধ্যমণি গােকুল পাঠকে ৰাইজক উদ্দেশ্যি চমু বক্তব্য আগবঢ়ায়। সভাত স্থানীয় বিধায়ক গুণীন্দ্র নাথ দাস, সাংস্কৃতিক কর্মী গােপাল জালান, সম্পাদনা সমিতিৰ সম্পাদক তথা জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰেও গােকুল পাঠকৰ ওপৰত চমু বক্তব্য দাঙি ধৰে।
সম্পাদনা সমিতিৰ সম্পাদক তথা জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে ভাষণ প্রসংগত উল্লেখ কৰে যে ‘গােকুল পাঠক ৰচনাৱলী’ গ্রন্থখন বিক্ৰী কৰি পােৱা ধনেৰে গােকুল পাঠকন্যাস গঠন কৰি সমাজৰ কিছু উল্লেখযােগ্য কাম কৰাৰ প্রচেষ্টা আৰম্ভ কৰিব। গাম্ভীর্যপূর্ণ সভাখনত ‘আৱাহন থিয়েটাৰৰ প্রযােজক কৃষ্ণ ৰয়, বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰ প্রাপ্ত অধ্যক্ষ অর্জুন চন্দ্র দাস, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আদিকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি আৰু বহু লােক উপস্থিত থাকে।

No comments:

Post a Comment

SPONSORED