মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালক স্বৰ্গদেউ সর্বানন্দ সিংহ বঁটা প্রদান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 28, 2018

মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালক স্বৰ্গদেউ সর্বানন্দ সিংহ বঁটা প্রদান


স্বৰ্গদেউ সর্বানন্দ সিংহৰ আদর্শেৰে বৃহত্তৰ অসমীয়া জাতিৰ মাজত শান্তিসম্প্রীতি আৰু ভাতৃত্ববােধ জীয়াই ৰখাত বলিষ্ঠ ভূমিকা ল’বলৈ মুখ্যমন্ত্রী সােণােৱালৰ আহ্বান

গুৱাহাটী : ‘স্বৰ্গদেউ সর্বানন্দ সিংহই ৰাজ্য শাসনৰ ক্ষেত্ৰত জনগণৰ দ্বাৰা জনগণৰ বাবে নীতি আৰু আদর্শ প্রতিষ্ঠা কৰি গৈছে। এই মহান পুৰুষ গৰাকীৰ আদর্শেৰে অনুপ্রাণিত হৈ বৃহত্তৰ অসমীয়া জাতিৰ মাজত শান্তি-সম্প্রীতি আৰু ভাতৃত্ববােধ জীয়াই ৰখাত মটক জনগােষ্ঠীয়ে বলিষ্ঠ ভূমিকা গ্রহণ কৰিব লাগিব। মটক জনগােষ্ঠী অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ। সুকীয়া বৈশিষ্টৰে সমৃদ্ধ মটক সকল নির্ভীক আৰু সাহসী। এই জাতিয়ে বীৰ পুৰুষ গৰাকীৰ আদর্শ কর্মপথাৰত মূল্যাঙ্কন কৰিব লাগিব আৰু আগন্তুক দিনত ৰাজ্যখনক আগুৱাই নিবৰ বাবে গুরুত্বপূর্ণ ভূমিকা পালন কৰিব লাগিব।
আজি তিনিচুকীয়া জিলাৰ আই টি আই খেলপথাৰত মটক জনগােষ্ঠীৰ বিভিন্ন সামাজিক-সাংস্কৃতিক যুৱ আৰু ছাত্র সংগঠনৰ দ্বাৰা আয়ােজিত ২১৩ সংখ্যক স্বৰ্গদেউ সর্বানন্দ সিংহদিৱস আৰু মটক জনগােষ্ঠীয় সাংস্কৃতিক সমাৰােহৰ লগত সংগতি ৰাখি প্রদান কৰা স্বৰ্গদেউ সর্বানন্দ সিংহ বঁটা গ্ৰহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এইদৰে কয়।
মুখ্যমন্ত্রী সােণােৱালে কয় যে এটা জাতি আগবাঢ়ি যাবলৈ হলে প্রবাদপুৰুষ সকলৰ আদর্শ অনুকৰণ কৰিব লাগিব। আদর্শ পুৰুষ চাওলুং চুকাফা, স্বৰ্গদেউ সর্বানন্দ সিংহ, লাচিত বৰফুকন, বীৰাঙ্গনা সতি সাধনী, বড়ােচা আদিয়ে অসমীয়া জাতিক বিশ্ব দৰবাৰত বীৰদৰ্পে আগুৱাই যােৱাৰ ক্ষেত্ৰত দৃঢ়তা প্রদান কৰিছে। এই মহান পুৰুষসকলৰ আদর্শ অনুসৰণ কৰি তেখেতসকলৰ আদর্শ কর্মপথাৰত প্রতিফলন কৰিলেহে এই আদর্শ যুগে যুগে জীয়াই থাকিব বুলি মুখ্যমন্ত্রী সােণােৱালে কয়।
মুখ্যমন্ত্রী সােণােৱালে কয় যে অসমীয়া জাতিৰ সম্পদ আৰু সম্ভাৱনা আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, অনিৰুদ্ধদেৱ, হৰিদেৱ আৰু দামােদৰদেৱে জাতিটোক আধ্যাত্মিক দিশত শক্তিশালী কৰিছে। এই জাতিটোৰ মাজত শান্তি-সম্প্রীতি, সমন্বয় আৰু ভাতৃত্ববােধ জীয়াই ৰখাৰ বাবে সকলােৱে দায়িত্ব ল'ব লাগিব।
একবিংশ শতিকাৰ প্রতিযােগিতাত অসমীয়া জাতিয়ে যােগ্যতা প্রমাণ দিবলৈ হ'লে উঠি অহা প্ৰজন্মক অধিক প্রতিযােগিতামুখী কৰি গঢ়ি তুলিব লাগিব। এই কথা উল্লেখ কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে ৰাজ্য চৰকাৰৰ লক্ষ্য হৈছে ৰাজ্যখনৰ প্রতিটো সৰু-বৰ জাতি জনগােষ্ঠীৰ সামৰ্থ আৰু সম্ভাৱনাৰ বিকাশ ঘটোৱা তথা সংস্কৃতি আৰু ঐতিহ্য অক্ষুন্ন ৰখা। চৰকাৰে মুক্ত মনেৰে কাম কৰি আছে আৰু কোনাে কাৰণতে কোনাে জাতি-জনগােষ্ঠী শংকিত হ’ব নালাগে বুলিও মুখ্যমন্ত্রী সােণােৱালে কয়।
বৃটিছ শাসনৰ সময়ছােৱাত অসম দেশৰ ভিতৰতে এটা শক্তিশালী অর্থনৈতিক শক্তি হিচাপে পৰিগণিত হৈছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে পূর্বৰ চৰকাৰৰ অৱহেলাৰ বাবে অর্থনৈতিক দিশত স্বাধীনােত্তৰ কালত অসম পিছুৱাই গল। কৃষিখণ্ডৰ জৰিয়তে ৰাজ্যৰ অর্থনৈতিক বুনিয়াদ সুদৃঢ় কৰিবৰ বাবে অসম চৰকাৰে কাম কৰিছে বুলি উল্লেখ কৰি ৰাজ্যখনত বিনিয়ােগ আৰু ঔদ্যোগীকৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰাৰ কথা মুখ্যমন্ত্রী সােণােৱালে কয়। এডভান্টেজ আসাম নামেৰে আয়ােজন কৰা বিশ্ব বিনিয়ােগ সন্মিলনে দক্ষিণ-পূর্ব এছিয়াৰ দেশসমূহৰ সৈতে বাণিজ্যিক আৰু পাৰস্পৰিক যােগাযােগ সুদৃঢ় কৰাত সহায় কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে ৰাজ্য চৰকাৰে ব্যৱসায়-বাণিজ্য আৰু কর্মসংস্থাপনৰ এক উপযুক্ত পৰিৱেশ ৰচনা কৰাৰ বাবে বিগত দুবছৰ ধৰি কাম কৰি আহিছে।


গুৰুজনাই সমন্বয়ৰ আদর্শ সমাজত বিয়পাই গৈছে আৰু এই আদর্শেৰে অসম চৰকাৰে কাম কৰিছে বুলিও মুখ্যমন্ত্রী সােণােৱালে কয়। মুখ্যমন্ত্রী সােণােৱালে লগতে বৃহত্তৰ অসমীয়া জাতি জনগােষ্ঠীৰ সতিসন্ততি সকলে একত্ৰিত হৈ জাতিটোক আগুৱাই নিবৰ বাবে আহ্বান জনায়। ৰাজ্যখনৰ সকলাে জাতিজনগােষ্ঠীৰ সম্পদ আৰু সম্ভাৱনীয়তাসমূহৰ বিকাশ ঘটাবৰ বাবে সম গুৰুত্ব প্রদান কৰি ৰাজ্য চৰকাৰে কাম কৰিছে আৰু জাতি-জনগােষ্ঠীসমূহৰ মাজত সমন্বয় সুদৃঢ় কৰাৰ বাবে সহােদৰৰ দৰে কাৰ্যসূচী গ্রহণ কৰিছে বুলিও মুখ্যমন্ত্রী সােণােৱালে কয়।
মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কয় যে স্বৰ্গদেউ সর্বানন্দ সিংহৰ নামত শীঘ্ৰে গুৱাহাটীত এটা ভৱন নির্মাণ কৰা হ’ব তথা মটক ৰজাৰ শাসন কালছােৱাৰ সময়ৰ অস্ত্র-শস্ত্ৰ আৰু আপুৰুগীয়া সম্পদৰাজি প্রদর্শন বাবে এটা সংগ্রহালয়ে এই ভৱনতে নির্মাণ কৰা হ'ব। ইতিমধ্যে এই ভৱন নিৰ্মাণৰ বাবে প্রয়ােজনীয় মাটি আৱন্টন দিয়া হৈছে বুলি মুখ্যমন্ত্রী সােণােৱালে কয়। মুখ্যমন্ত্রী সােণােৱালে লগতে কয় যে ৰাজ্যখনৰ বিভিন্ন জাতি-জনগােষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্রদর্শনৰ বাবে ধলা-শদিয়াৰ দলঙৰ ওচৰত এটা একতা ভৱন নিৰ্মাণ কৰা হ'ব আৰু অনিৰুদ্ধদেৱৰ নামেৰে চাবুৱাত এখন ক্রীড়া বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰা হ'ব।
সাংস্কৃতিক মন্ত্রী নৱ কুমাৰ দলেয়ে অনুষ্ঠানত ভাষণ প্রদান কৰি কয় যে মুখ্যমন্ত্ৰীৰ নির্দেশ ক্রমে সাংস্কৃতিক পৰিক্ৰমা বিভাগে অহা বৰ্ষৰ পৰা স্বৰ্গদেউ সর্বানন্দ সিংহ দিৱস চৰকাৰী কাৰ্যসূচীৰূপে আয়ােজন কৰিব। ৰাজ্যখনৰ বিভিন্ন স্থানত এই দিৱস অনুষ্ঠিত কৰা হ’ব যাতে তাৰ জৰিয়তে স্বৰ্গদেউ সর্বানন্দ সিংহৰ আদর্শ প্রতিটো স্তৰতে বিয়পাই তুলিব পৰা যায় আৰু সমন্বয় সুদৃঢ় হয়।
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি শক্তি বিভাগৰ ৰাজ্যিক স্বতন্ত্র মন্ত্রী তপন কুমাৰ গগৈয়ে এখন স্মৃতি গ্রন্থও উন্মােচন কৰে। লগতে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্রলৈ বিশেষ বৰঙনি আগবঢ়োৱা মটক জনগােষ্ঠীৰ ১৪ গৰাকী বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনােৱা হয়।
সদৌ অসম মটক সন্মিলনৰ সভাপতি চন্দ্র সেনাপতিয়ে সভাপতিত্ব কৰা আজিৰ এই কাৰ্যসূচীত সাংসদদ্বয় ক্রমে প্রদান বৰুৱা আৰু ৰামেশ্বৰ তেলী, বিধায়কসকল ক্রমে বলিন চেতীয়া, বিনােদ হাজৰিকা, ঋতুপর্ণ বৰুৱা, সঞ্জয় কিষাণ, তেৰচ গােৱালা, সুৰেন ফুকন, ভাস্কৰ শৰ্মা, অসম হাইড্র কার্বন লিঃৰ অধ্যক্ষ পুনাকণ বৰুৱা, অসম হাউচিং ব'র্ডৰ উপাধ্যক্ষ সুভাষ দত্ত, সােণােৱালে কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দিপু ৰঞ্জন মাক্ৰাৰী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব প্রীতম কুমাৰ শইকীয়া, সঞ্চালক বর্ণালী শর্মা, উপায়ুক্ত অইনাম সৰণ কুমাৰ সিং, আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্ত আদি উপস্থিত থাকে।

No comments:

Post a Comment

SPONSORED