কোকৰাঝাৰত ৰেফাৰীসকলৰ প্ৰশিক্ষণ শিবিৰ সম্পন্ন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 27, 2018

কোকৰাঝাৰত ৰেফাৰীসকলৰ প্ৰশিক্ষণ শিবিৰ সম্পন্ন


কোকৰাঝাৰ : কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ উদ্ধোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে ৰেফাৰীসকলৰ এটি বিশেষ গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থা চমুকৈ কে ডি এছ এ ৰ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি শতাধিক ৰেফাৰীসকলক ফুটবল প্ৰতিযোগিতা পৰিচালনা কৰাত কেনেকৈ পৰিচালন কৰিব লাগে সেই ফুটবলৰ কাৰিকৰীসমূহ বিশদভাৱে শিকাই দিয়ে অসম ফুটবল সন্থা ( এ এফ এ)ৰ ৰেফাৰী ইনষ্ট্ৰাক্তৰ গৌতম কলিতাই।
তাৰোপৰি ফুটবল খেলত খেলুৱৈসকলে কৰা বিভিন্ন ভুলৰ পৰা কেনেধৰণৰ সুহুৰী মাৰিব লাগে সেই বিষয়েও প্ৰশিক্ষকে শিকাই দিয়ে। উক্ত প্ৰশিক্ষণ শিবিৰত বি টি এ ডিৰ কোকৰাঝাৰ জিলাৰ বিষ্মুৰী, ফকিৰাগ্ৰাম, ছিমবোৰগাও, আদি ঠাইৰ পৰা শতাধিক উঠি অহা ৰেফাৰীসকলে অংশগ্ৰহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে।
বি টি চিৰ কাৰ্যবাহী সদস্য দনেস্বৰ গয়াৰীয়ে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা প্ৰশিক্ষণ শিবিৰত কে ডি এছ এৰ ৰেফাৰী বোৰ্ডৰ সম্পাদক প্ৰভিৰ ভট্টাচাৰ্য্য, উপদেষ্টা মাগুৰাম বালাৰী প্ৰমুখ্যে অন্য বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

SPONSORED