মন্দিয়া : সদিচ্ছা থাকিলে সকলো ভাল কামতে সফল হ’ব পাৰি৷ তেনেই এক ভাল কামেৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে মন্দিয়া আৰক্ষীয়ে৷কিয়নো জিলাখনৰ ভিন্ন প্ৰান্তত আৰক্ষী প্ৰশাসনৰ ছত্ৰছায়াত জুৱা-মদৰ আড্ডা চলি থকাৰ মুকলি অভিযোগ উত্থাপন হোৱাৰ সময়তেই বৰপেটা জিলাৰ মন্দিয়া ২ নং দলনি গাঁৱৰ পৰা নগদ ধনসহ ৮ জনীয়া জুৱাৰীৰ দল এটাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে।
জানিব পৰা মতে জিলাখনৰ আন্ আন প্ৰান্তৰ লগতে বৃহত্তৰ মন্দিয়া অঞ্চলৰ ২ নং বৰদলনি গাঁৱত দীর্ঘদিনৰ পৰাই বিভিন্ন অসামাজিক কার্যকলাপ অব্যাহত আছিল। বৰপেটা জিলা আৰক্ষী অধীকৰ নিৰ্দেশত মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মন্টু দাসে ২৩ মে’ৰ নিশা এনে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে আকস্মিক অভিযান চলায়।
অভিযানত উক্ত গাঁৱৰ এগৰাকী বাসিন্দাৰ ঘৰত জুৱা খেলি থকা অৱস্থাত আঠজনীয়া জুৱাৰীৰ দল এটাক গ্রেপ্তাৰ কৰে। জুৱাৰীৰ দলটোৰ পৰা নগদ ২৭,৩৬০ টকা আৰক্ষীয়ে জব্দ কৰে। ধৃত জুৱাৰীৰ দলটোক ২৪ মেত বৰপেটা ফৌজদাৰী আদালতত হাজিৰ ৰাৰ লগতে একেদিনাই জেললৈ প্ৰেৰণ কৰে।
আৰক্ষীয়ে গ্রেপ্তাৰ কৰা জুৱাৰীৰ দলটোত ইমৰাণ হােছেইন, দুলাল মণ্ডল, বাছিদ্রুল হক, প্রণৱ দে,নুৰ মহম্মদ, গােলাম নবী, মােবাৰক ইছলাম, মেহবুব ৰহমান আছে। আৰক্ষীৰ এই পদক্ষেপক স্থানীয় ৰাইজে প্রশংসা কৰাৰ লগতে জিলাখনৰ আন আন প্ৰান্তত চলি থকা জুৱা-মদৰ আড্ডা সমুলি উৎখাত কৰিবলৈ জিলাখনৰ আৰক্ষী অধীক্ষকক আহ্বান জনাইছে৷
No comments:
Post a Comment