ডিটেনশ্বন কেম্পত আকস্মিক মৃত্যুৰ তদন্ত কৰক, নহলে জংগী আন্দোলন : মহানন্দ সৰকাৰ দত্ত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 27, 2018

ডিটেনশ্বন কেম্পত আকস্মিক মৃত্যুৰ তদন্ত কৰক, নহলে জংগী আন্দোলন : মহানন্দ সৰকাৰ দত্ত

বৰপেটা : গোৱালপাৰা ডিটেনশ্বন কেম্পত ৩৫/৪০ বছৰীয়া ব্যাক্তি সুব্ৰত দে'ৰ আকস্মিক মৃত্যুৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে বেংগুলী ইউনাইটেড ফ'ৰামে। সম্প্ৰতি হকে বিহকে বাংলাভাষী মানুহক বাংলাদেশী অথবা বিদেশী সন্দেহত নোটিচ প্ৰদান কৰা আৰু ডিটেনশ্বন কেম্পত নিক্ষেপ কৰা নিত্ত নৈমিত্তিক ঘটনাত পৰিণত হৈছে। চৰকাৰে ব'ৰ্ডাৰ পুলিচৰ হতুৱাই এনে ঘটনা সংঘটিত কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বেংগুলী ইউনাইটেড ফ'ৰাম অব আচামৰ মুখ্য সমন্বয়ক মহানন্দ সৰকাৰ দত্তই। 
দত্তই সুব্ৰত দে'ৰ মৃত্যুৰ অন্তৰালত গভীৰ ৰহস্য লুকাই আছে বূলি দাবী উত্থাপন কৰি ইয়াৰ তদন্ত বিচাৰে লগতে তদন্ত প্ৰক্ৰিয়াৰ মাজলৈ সুব্ৰত দে'ৰ উকীল পুলক ঘোষক আনিব লাগে বুলি কয়। তেওঁ কয় যোৱা কিছুদিন আগতেও গোৱালপাৰা ডিটেনশ্বন কেম্পত বন্দী সকলে অনশন কৰিবলৈ বাধ্য হোৱাৰ পিছতো গৃহ দপ্তৰৰ দায়িত্বত থকা সৰ্বানন্দ সনোৱাল ডাঙৰীয়াৰ লাজ নালাগিল, তেওঁ নিজে এবাৰৰ কাৰণে কেম্পলৈ যোৱাৰ সময় উলিয়াব নোৱাৰিলে। 
এক প্ৰেছ বিবৃত্তিৰ জৰিয়তে সোণোৱালৰ ওচৰত উত্তৰ বিচাৰি দত্তই কয় উপযুক্ত নথি পত্ৰ থকাৰ পিছতো কিয় এই অত্যাচাৰ? কেৱলমাত্ৰ বাংলাভাষী হিন্দু আৰু মুছলমান কিয় ডিটেনশ্বন কেম্পত? বাংলাভাষী হিন্দু আৰু বাংলাভাষী মুছলমান বাদে অন্য সম্প্ৰদায়ৰ লোক বাহিৰৰ পৰা আহি অসমত বসবাস কৰা নাই নেকি? বুলি তেওঁ বিবৃত্তিটোত প্ৰশ্ন উত্থাপন কৰে। 
তেওঁ তাৎপৰ্যপূৰ্ণ ভাৱে কয় যে অসমৰ অসমৰ হিন্দু বাঙালী সকলক ভীতিগ্ৰস্থ অথবা অপদস্ত কৰাৰ সময়ত একাংশ বুদ্ধিজীৱী, দল, সংগঠন, মিডিয়া একগোট হৈ পৰে অথচ ন্যায্য প্ৰাপ্তিৰ সময়ত কাৰো সদিচ্ছা দেখা নাযায়.. অসমখন দ্বিতীয় ত্ৰিপুৰা হোৱাৰ পৰা ৰক্ষা কৰিবলৈ বাঙালী সকলক ভীতিগ্ৰস্থ কৰি ৰখা হৈছে নে জাতিটোক নিশেষ কৰাৰ ষড়যন্ত্ৰ চলিছে, ইয়াৰ উত্তৰ সৰ্বানন্দ সনোৱাল ডাঙৰীয়াই দিব লাগে বুলি বিবৃত্তিটোত দাবী উত্থাপন কৰে শ্ৰী দত্তই। ইয়াৰ যথোচিত উত্তৰ নিদিলে আমি আৰু হাত সাবটি বহি নাথাকো, আমাৰ ধৈৰ্যৰ সীমা পাৰ হৈ গৈছে, আমাৰ গাত তেজ নাই বুলি কোনেও ভাবিব নালাগে, সুব্ৰত দে'ৰ উচ্চস্তৰৰ তদন্ত হোৱাৰ লগতে ডিটেনশ্বন কেম্পৰ ভিতৰৰ পৰিৱেশ আমাক মুকলিকৈ চাব নিদিলে অতি শীঘ্ৰে জংগী আন্দোলন গঢ়ি তোলা হব বুলি হুংকাৰ দিয়ে বেংগুলী ইউনাইটেড ফ'ৰাম অব আচামৰ মুখ্য সমন্বয়ক মহানন্দ সৰকাৰ দত্তই।

No comments:

Post a Comment

SPONSORED