পৰীক্ষাৰ ফলাফলৰ পাছত..... - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 27, 2018

পৰীক্ষাৰ ফলাফলৰ পাছত.....





✍️ হিমাংশু ৰণ্ জন ভূঞা
তিয়া পৰীক্ষাৰ ফলাফলৰ বতৰ। যােৱা ২৫ মে'ত ঘােষনা কৰা হ'ল অসমৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। আনহাতে অহা ৩১ মে'ত ঘােষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল। জীৱনৰ এই প্রথম গুৰুত্বপূর্ণ পৰীক্ষাত যি সকল ছাত্র-ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হৈ নিজৰ লগতে পৰিয়াল, নিজৰ অঞ্চলটো তথা সমাজখনলৈ গৌৰৱ কঢ়িয়াই আনিলে সেইসকল কীর্তিমান ছাত্র-ছাত্রীলৈ আৰম্ভনীতে অকৃত্রিম মৰম, স্নেহ আৰু অভিনন্দন জনাইছাে। লগতে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হােৱা ছাত্র-ছাত্রীসকললৈও শুভকামনা জনাইছাে। জীৱনৰ প্রতিটো খােজত যাতে তােমালােক সফল হােৱা এই কামনা কৰিছাে।
কিন্তু এই ফলাফল ঘােষণাৰ সময়ত আন কিছু প্রাসংগিক চিন্তইহে আমাৰ মনত বাৰুকৈয়ে দোলা দি গৈছে। আজিআমাৰ ৰাজ্যখনৰ, অসমীয়া জাতিটোৰ এই জটিল সন্ধিক্ষণত আমাৰ ভৱিষ্যতৰ কৰ্ণধাৰস্বৰূপ এই উঠি অহা প্ৰজন্মৰ ভৱিষ্যত জীৱনৰ প্রস্তুতি কালৰ এই সময়ছােৱাত তেওঁলােকৰ ভালৰ বাবে কিছুমান দিশ প্ৰতিগৰাকী অভিভাৱক, শিক্ষাগুৰু আৰু আমাৰ সমাজখনে ভাবি ছােৱা ভাল। ফলাফল ঘােষণা কৰা বিশেষভাৱে স্থানপ্রাপ্ত (ষ্টেণ্ড কৰা), ডিষ্টিংচন আৰু ষ্টাৰমার্ক পােৱা বা সামগ্রিকভাৱে ভাল ফলাফল ডিভিজন পােবা ছাত্ৰ-ছাত্ৰীসকলৰ পৰা আমাৰ সমাজখনে, ওচৰ চুবুৰীয়া আৰু অঞ্চলটোৱে বহু আশা কৰে। সেইমতে বহুতৰ পৰা পৰৱৰ্তী কালত আশানুৰুপ ফলফলো পােৱা যায়। কিন্তু বহু এনে কীর্তিমান সময়ৰ সোঁতত হেৰাই যায়। হয়, তেওঁলােকৰ বহুত ডাঙৰ মানুহ হয়। চিকিৎসক, অভিযন্তা, প্রশাসনিক বিষয়া আৰু বহু উচ্চপদস্থ পদত চাকৰি কৰে। শৈক্ষিক জীৱনৰ সপােন সার্থক কৰে। পাছে তেওঁলােকে এই ‘ডাঙৰ মানুহ' হােৱাৰ পাছত সমাজখনৰ কাৰণে কি কৰে? মানুহৰ কাৰণে কি কৰে? তেওঁলােকৰ সামাজিক অৱদান কি হয়গৈ? নিশ্চিতভাৱে এইটো এটা গুৰুত্বপূর্ণ প্রশ্ন। কেৱল এটা ভাল উচ্চপদস্থ চাকৰি কৰিলেই সমাজখনে আশা কৰাবােৰ পাবনে? বহু ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীর্ণ হােৱাৰ পাছত উচ্চশিক্ষা গ্ৰহণৰ বাবে দুৰণিলৈ গুছি যায়। আজিৰ এই চুড়ান্ত প্রতিযােগিতামূলক যুগত নিজৰ ভৱিষ্যতৰ বাৰে যাব লগীয়া হয়- এইটো একেবাৰে সঁচা কথা। কিন্তু চিন্তণীয় দিশটো হৈছে, তেওঁলােক যে শিক্ষাগ্রহণ বাবে আঁতৰলৈ ওলাই গ'ল, যি গল গ'লেই, উভতি আৰু নাহিবও পাৰে।




তেওঁলােকে চহৰৰ অভিজাত শিক্ষানুষ্ঠানত পৰৱর্তী উচ্চশিক্ষা গ্রহণ কৰি প্রতিটো পৰীক্ষাতে পাৰদৰ্শীতাৰে উত্তীৰ্ণ হৈ এদিন বাহিৰে বাহিৰেই চাকৰি কৰে, আঁতৰৰ নগৰ চহৰতে ঘৰ দুৱাৰ নিৰ্মান কৰি প্রতিষ্ঠিত হয়। নিজৰ ঘৰখনলৈ, গাঁৱলৈ আৰু ঘুৰি নাহে। আহিলেও কিবা উৎসৱ-পার্বণ, বিহু-পূজাত আলহীৰ দৰে এদিন বা দুদিনৰ বাবে আহি কৰ্মৰ তাড়নাত পুনৰ উভতি যায়গৈ। গাঁৱৰ, পৰিয়ালৰ বা তেওঁলােকক লৈ এদিন সপােন দেখা, আশা কৰা মানুহখিনিৰ কাষত থিয় দিয়াৰ, খবৰ লােৱাৰ সময়েই নাপায়। অর্থাৎ আমাৰ মাজৰ পৰা এটা সম্পদ হেৰাই যােৱাৰ উপক্রম হয়। আকৌ আন এটা গুৰুত্বপূর্ণ দিশ হৈছে আমি দেখি আহিছে, বহু কীর্তিমান ছাত্র-ছাত্রী হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীর্ণ হয় ঠিকই, কিন্তু পৰৱৰ্তী সময়ত সেই ধাৰাবাহিকতা ৰখাত যেন ব্যর্থ হয়। অৱশ্যে এই ক্ষেত্ৰত বহুকেইটা কাৰকে প্রভাৱ পেলাই। হাইস্কুল শিক্ষান্ত পৰীক্ষা ষ্টাৰ বা ডিষ্টিংচন পালে বুলিয়েই বিজ্ঞান শাখাতে পঢ়িব লাগিব বুলি বহু অভিভাৱকে ছাত্র-ছাত্রীগৰাকীৰ পাৰদৰ্শীতাৰ প্ৰতি গুৰুত্ব নিদি জোৰ কৰি বিজ্ঞান শাখাত পঢ়িবলৈ বাধ্য কৰে। হয়তু ছাত্ৰগৰাকী বিজ্ঞানৰ ছাত্ৰ নহয়েই। তেনেস্থলত কেৱল এইটো শাখাত পঢ়িলেহে ভাল মানুহ হ'ব পাৰি বুলি এটা ভ্রান্ত ধাৰণাৰে ছাত্ৰগৰাকীৰ ভৱিষ্যৎ জীৱনলৈ অন্ধকাৰ নমাই অনা কোনাে কাৰণতে যুক্তিসংগত নহয়। বহু ছাত্ৰ-ছাত্ৰীয়ে নিজেই নিজকে চিনি নাপাইয়াে, অথাৎ তেওঁ কি শাখাত পঢ়িলে ভাল হ'ব তাৰ নিশ্চয়তা ঠিৰাং কৰিব নােৱাৰিও এনে ভুল কৰে, ফলত উচ্চতৰ মাধ্যমিক বা পৰবৰ্তী পৰ্যায়ত আশাহত হােৱা দেখা যায়। গতিকে ফলাফল ঘােষণাৰ পাছত নিজৰ শৈক্ষিক জীৱনৰ সিদ্ধান্ত লােৱাতাে অতি গুৰুত্বপূর্ণ বিষয়। এইসময়ত হােৱা এটা সৰু ভুলেই যাতে গােটেই জীৱনত প্ৰভাৱিত কৰিব নােৱাৰে তাৰ বাবে ছাত্ৰজনৰ লগতে প্ৰতিগৰাকী অভিভাৱক অত্যন্ত সচেতন হােৱা খুবেই প্রয়ােজন। আকৌ, ছাত্র-ছাত্রীৰ এই বয়সটো এটা অতি জটিল বয়স। বয়ঃসন্ধি কাল। এই বয়সতে জীৱনৰ গতিপথ সলনি হয়। তেওঁলােকৰ সন্মুখত ভাল আৰু বেয়া দুয়ােটা পথেই মুকলি হৈ থাকে। কোনটো পথে গলে ভাল হ’ব সিহঁতে ঠিৰাং কৰিব নােৱাৰে। ফলত ভাল ল’ৰা বা ছােৱালী এগৰাকীও বিভিন্ন কাৰণত বেয়াৰ দিশলৈ সহজতে গতি কৰে। মেট্ৰিকত ভাল ফলাফল দেখুৱালে বুলিয়েই বহু পিতৃ-মাতৃয়ে অপত্য স্নেহত অন্ধ হৈ আগ-পিছ নুগুনি সিহঁতে দাবী কৰা মতেই বাইক, মােবাইল আদি উপহাৰ দিয়ে। ভাল ফলাফল কৰিলে বাবেই পিতৃমাতৃ বা সমাজৰ অন্যান্য সকলেও সিঁহতৰ সন্মুখতে ইমানকৈ প্রশংসা কৰে যে সিঁহত জোখতকৈ অধিক আত্মবিশ্বাসী(অভাৰ কন্ ফিডেন্ট) হৈ পৰিব পাৰে ৷ "মই পঢ়াত চোকায়েই, নপঢ়িলেও পাৰিম" - এইধৰণৰ মানসিকতাই ক্রিয়া কৰিব পাৰে, যাৰফলত সিহঁতৰ ভৱিষ্যতত ই বিৰূপ প্রতিক্রিয়াৰ হে সৃষ্টি কৰাটো খাটাং। তাৰােপৰি মাক-দেউতাক বা পৰিয়ালৰ অকনমান অসচেতনতাৰ ফলতেই ছাত্ৰ-ছাত্ৰীসকল বহুতেই বিভিন্ন ৰাগীয়াল দ্রব্যৰ কৱলতপৰে। ফলত জীৱনলৈ অন্ধকাৰ নামি আহে। তাৰােপৰি এই বয়সত বিপৰীত লিংগৰ প্রতি হােৱা সহজাত আকর্ষণেও শৈক্ষিক দিশত প্ৰভাৱ পেলাই ক্ষতি কৰিব পাৰে। গতিকে এই 'বয়সৰ ভুল’ বােৰেই যাতে সিহতক বেয়া পথলৈ নিব নােৱাৰে, তাৰ বাবে সচেতন হ'ব লাগিব প্রতিগৰাকী পিতৃ-মাতৃ, অভিভাৱক তথা সমাজৰ জ্যেষ্ঠসকল। খুব সচেতনভাৱে, শাসন আৰু মৰম দুয়ােটাৰ মাজেৰে, বিশেষকৈ ল'ৰাৰ ক্ষেত্ৰত দেউতাক আৰু ছােৱালীৰ ক্ষেত্ৰত মাকে অতি বন্ধুত্বপূর্ণ ব্যৱহাৰৰে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ পথত দিক-নিৰ্ণায়কৰ ভুমিকাৰে তেওঁলােকক সঠিক পথ দেখুৱাই আগবঢ়াই নিব লাগিব। ল'ৰা ছােৱালীৰ ক্ষেত্ৰত অত্যাধিক বেছি শাসন আৰু মৰম দুয়ােটাই ক্ষতিকাৰক।


আমি আজি যিসকলে স্থানলাভ কৰিছে, ষ্টাৰ ডিষ্টিংচন আৰু প্রথম বিভাগ পাইছে, সেইসকলৰ খবৰ লৈছাে, অভিনন্দন জনাইছো । কিন্তু যিসকলে দ্বিতীয় বা তৃতীয় বিভাগ পাইছে আৰু সফলতা অর্জন কৰিব নােৱাৰিলে সেই সকলৰ কিমানে খবৰ ৰাখিছাে ? আজি দ্বিতীয় বা তৃতীয় বিভাগ পােৱা ছাত্র-ছাত্রীসকল বহুতে হয়তু আমাৰ অলপ শুভকামনা, মনােবল আৰু আশীষ পালে পৰৱৰ্তী পৰীক্ষাত কৃতীত্বৰে উত্তীর্ণ হব পাৰিব। ইয়াৰ উদাহৰণা নথকা নহয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বা তৃতীয় বিভাগ পােৱা বহু ছাত্ৰ-ছাত্ৰীয়ে সাহস নেহেৰুৱাই আৰু অধিক একাগ্রতা আৰু কষ্টৰে পঢ়ি পৰৱর্তী উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ষ্টাৰ মার্ক, প্রথম বিভাগ বা তাতােকৈও বেছি ভাল ফলাফল দেখুওবলৈ সক্ষম হয়। আকৌ উত্তীর্ণ হ'ব নােৱাৰা ছাত্র-ছাত্রীসকলক পাহৰি যােৱা কোনাে কাৰণতে উচিত নহয়। কাৰণ, ভাল ফলাফল দেখুওৱা ছাত্ৰ-ছাত্ৰীক জনােৱা অভিনন্দন আৰু শুভকামনাতকৈও অধিক প্রয়ােজন উত্তীর্ণ হ’ব নােৱাৰা সকলৰ কাষত থিয় দিয়াটো। তেওঁলােকক মানসিক সাহস যােগােৱাটো। তেওঁলােকনো কিয় উত্তীর্ণ হ’ব নােৱাৰিলে তাৰ কাৰণসমূহ জানি বুজি তেওঁলােকক উপযুক্ত পথ নিদের্শনাৰে সহায় কৰাটো এই সময়ত নিতান্তই প্রয়ােজনীয়। আৰু সর্বোপৰি অতিকে দৰকাৰী কথাটো হ'ল- যিসকলে জীৱন সংগ্ৰামৰ কঠিন পথত আগুৱাই প্ৰচুৰ অধ্যৱসায় আৰু সাধনাৰে এই পৰীক্ষাত জিলিকি উঠিবলৈ সক্ষম হৈছে, সেইসকলক এধানিমান সহায়ৰ হাত আগবঢ়োৱাতাে। এয়া অতি প্রয়ােজনীয় আৰু শুভ কাম। আমাৰ সমাজৰ বহুসংখ্যক অতি দৰিদ্ৰ ঘৰৰ সন্তানে নিজৰ মেধা আৰু প্রতিভাৰে এই পৰীক্ষাত স্থান লাভ কৰিছে, ষ্টাৰ, ডিষ্টিংচন পাইছে, ভাল ফলাফল দেখুৱাইছে। বহু দিনহাজিৰা কৰা লােক, মিস্ত্রী, ৰিক্সাচালক, ঠেলাচালকৰ সন্তান প্রতিবছৰে উজ্বলি উঠিবলৈ সক্ষম হৈছে। কোনােৱে নাঙলৰ শীৰলুত মানুহ হােৱাৰ সপােন ৰচিছে, কাৰােবাৰ পঢ়া শুনা কৰিবলৈ ঘৰত এখন টেবুল, এখন চকীৰ অভাৱ, বিচনাত বহি পঢ়িয়েই সাফল্য অর্জন কৰিছে, কোনােৱে চাকিৰ পােহৰত পঢ়িও আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। তেওঁলােক আমাৰ উঠি অহা প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস। তেওঁলােকক আমাৰ অকনমান আর্থিক সহায়ে আগবাঢ়ি যােৱাত বহু সহায় কৰিবপাৰে। আমি পৰাসকলে, আন নহলেও প্রতিগৰাকীয়ে অন্তঃত যদি আমাৰ অঞ্চলটোৰ তেনে অর্থনৈতিকভাৱে অতি দ্রৰিদ্র পৰিয়ালৰ মেধাবী ছাত্র-ছাত্রী এগৰাকী বা দুগৰাকীক কিছু পৰিমানে সহায় কৰিবলৈ আগবাঢ়ি আহাে, শৈক্ষিক জীৱনত প্রয়ােজনীয় কিতাপ-বহী, নামভৰ্তিকৰণৰ বাবে প্রয়ােজনীয় কিছু টকা-পইছা দি সহায় কৰিব পাৰাে, তাতকৈ ভাল কথা আৰু একো নহ'ব। গুণ নহ'লেও ধর্ম হ'ব। এয়া সহায় কৰােতাজনৰ আন এক মানসিক সন্তুস্তিৰ কাৰণ হ'ব। এক অনুকৰণীয় আৰ্হি হ'ব আজিৰ যান্ত্রিক সমাজ খনৰ বাবে। আমাৰ এই ক্ষুদ্র সহায়েই তেনে দ্ৰৰিদ্র অথচ মেধাবী, প্রতিভাবান ছাত্র-ছাত্ৰী সকলৰ জীৱন সলনি কৰি দিব পাৰে। এই দিশসমূহ সচেতনসকলে ভাবি ছােৱাতাে অতি প্রয়ােজন।




আজি সময়ৰ লগে লগে আমাৰ উঠি অহা প্ৰজন্মক ইমানেই বস্তুবাদী আৰু আত্মকেন্দ্রীক হৈ গঢ়ি উঠিছে যে, সকলােৱে কেৱল নম্বৰকেন্দ্রীক প্রতিযােগীতাৰ নিগনি দৌৰত নিজকে হেৰুৱাই পেলাইছে। এটা উচ্চ ডিগ্ৰী, ডিপ্লোমা, এখন ভাল পার্চেন্টেজ ৰ চার্টিফিকেট, এটা ভাল উচ্চপদস্থ চাকৰি - এইবােৰৰ সপােনে আন সকলাে দিশ পাহৰাই পেলাইছে। পাঠ্যপুথিৰ সীমিত জ্ঞানেৰে এগৰাকী ভাল মানুহ কেতিয়াও হ'ব নােৱাৰি। তাৰ সমান্তৰালভারে প্রয়ােজন সমাজ, দেশখনৰ, ৰাজ্যখনৰ আৰু নিজৰ অঞ্চলটোৰ প্রতিটো দিশৰ যথাযথ জ্ঞান অর্জন কৰাটো। কাৰণ সংশ্লিষ্ট সকলােৱে এটা কথা মনত ৰখা ভাল যে অনাগত সময়ৰ বিভিন্ন ক্ষেত্ৰত, বিভিন্ন প্রতিযােগীতামুলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ পাঠ্যপুথিকেন্দ্রীক জ্ঞানৰ লগতে অন্যান্য বহু দিশৰ সাধাৰণ জ্ঞান, অসম সম্পৰ্কীয়, জাতিটোৰ বিভিন্ন দিশৰ বিষয়ে যথাযথ জ্ঞান থাকিব লাগিব। বিভিন্ন প্রতিযােগিতামূলক পৰীক্ষাত এইবােৰ প্রাসংগিক বিষয় সম্পৰ্কীয় বিভিন্ন প্রশ্নৰ মূখামুখি হ'ব লাগিব। গতিকে সৰুৰে পৰাই এই দিশসমূহ সম্পর্কে সচেতন হােৱা অতি প্রয়ােজন। তাৰােপৰি, আজি নতুন প্রজন্মৰ অধিক সংখ্যকেই নম্রতা, ভদ্রতা, শিষ্টাচাৰ, সজ আচাৰ-ব্যৱহাৰ আদি ভালগুণ সমুহ যিধৰণে আয়ত্ব কৰিব লাগে, কৰিব পৰা নাই। সৎ চৰিত্ৰৱান, আদর্শবান, নিজৰ জাতিটোক, সমাজখনক,দেশখনক ভাল পাব পৰা, মানুহক ভাল পাব পৰা এজন প্রকৃতাৰ্থত ‘ভাল মানুহ' , সুনাগৰিক হিচাপে নিজক গঢ়াৰ বাবে আজিৰ প্ৰজন্মৰ যেন আজৰি নাই। আমি আমাৰ সন্তানসকলক একো একোটা টকা ঘটা মেচিন হিচাপেহে গঢ়ি তুলিব খুজিছো যাৰ ফলত জাতিটোৰ বাবে, সমাজখনৰ বাৰে, দেশৰ বাবে, দহৰ বাবে তেওঁলােকৰ কিবা কৰণীয় আছে, সেয়া ভাৰি ছােৱাৰ সময় নহয়গৈ। সেইবাবেই পৰিশেষত , জীনৰ প্ৰথম গুৰুত্বপূৰ্ণ পৰীক্ষাটিত সফলতাৰে উত্তীর্ণ হােৱা এই সকল কীর্তিমানৰ পৰা এটাই আশা কৰিছাে, অনাগত সময়ত তােমালােক চিকিৎসক, অভিযন্তা, প্রশাসনিক বিষয়া যিয়েই নােহােৱা তাৰ সমান্তৰালকৈ মানুহক ভালপােৱা, সমাজখনক নিজৰ জাতি মাটি, কৃষ্টি সংস্কৃতিক ভালপােৱা একো একোগৰাকী নিকামনৰ, নিভাঁজ ‘ভাল মানুহ', সুনাগৰিক হিচাপে প্রতিষ্ঠা লাভৰ বাবে পণ লােৱা। সমাজখনে তােমালােকলৈ অধীৰ আশাৰে বাট চাই আছে।
লেখক অসম সৰ্বশিক্ষা অভিযান মিচনৰ বিশ্বনাথ জিলাৰ নাগশংকৰ মণ্ডলৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক
ঠিকনা -
জামুগুৰিহাট শোণিতপুৰ, অসম




No comments:

Post a Comment

SPONSORED