আলফা- আৰক্ষীৰ তুমুল সংঘৰ্ষত অচি ভাস্কৰ কলিতা সহ নিহত ৩ জন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 5, 2018

আলফা- আৰক্ষীৰ তুমুল সংঘৰ্ষত অচি ভাস্কৰ কলিতা সহ নিহত ৩ জন

তিনিচুকীয়া : তিনিচুকীয়া জিলাত শেহতীয়াকৈ আলফাৰ (স্বাধীন) সদস্যৰ তৎপৰতা বৃদ্ধি পােৱাৰ সমান্তৰালকৈ নিৰাপত্তাৰক্ষীয়েও উগ্রপন্থী বিৰােধী অভিযান অব্যাহত ৰাখিছে। শুকুৰবাৰে বিয়লি প্রায় ৪ বজাত জিলাখনৰ সীমামূৰীয়া বৰডুমচা থানাৰ অন্তর্গত নয়া কুজু পথাৰত আলফা (স্বা) আৰু আৰক্ষীৰ মাজত প্রচণ্ড গুলীয়াগুলী সংঘটিত হােৱাৰ তথ্য পােৱা গৈছে। জানিব পৰা মতে আলফা(স্বা) আৰু আৰক্ষীৰ মাজত হােৱা প্রচণ্ড গুলীয়াগুলীত বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া ভাস্কৰ কলিতাৰ লগতে দুজন আলফা উগ্রপন্থী নিহত হােৱা বুলি জানিব পৰা গৈছে।
অৱশ্যে এটা সূত্ৰই আলফাৰ জান অসম নামৰ সদস্যগৰাকী নিহত হােৱাৰ লগতে এগৰাকী গাঁৱৰ মহিলাহে নিহত হােৱাৰ কথা উল্লেখ কৰিছে। ভাৰপ্রাপ্ত বিষয়া ভাস্কৰ কলিতাৰ নেতৃত্বত বৰডুমচা থানাৰ অন্তৰ্গত কুজুপথাৰ গাঁৱত ৮জনীয়া আলফাৰ দল এটাই আত্মগােপন কৰি থকাৰ তথ্য পাই শুকুৰবাৰে বিয়লি প্রায় ৪ বজাত অভিযান চলায়। গাঁৱৰ ভূপেন বৰা নামৰ ব্যক্তি এজনৰ ঘৰৰ সমীপত আলফাৰ দলটোৰ লগত আৰক্ষীৰ মুখামুখি হােৱাত আলফাৰ সদস্যই আৰক্ষীলৈ লক্ষ্য কৰি দুটা গ্রেনেড নিক্ষেপ কৰে। গ্রেনেড বিস্ফোৰণত আৰক্ষীৰ দুজন লােক আহত হােৱা বুলি স্থানীয় সূত্রসমূহে উল্লেখ কৰিছে। ইফালে গ্রেনেড নিক্ষেপ কৰিয়েই আলফাৰ দলটো গাঁৱত সােমাই পৰে। আৰক্ষীয়ে দলটোলৈ লক্ষ্য কৰি ভালে কেইজাঁই গুলীচালনা কৰে যদিও কোনাে হতাহত হােৱাৰ তথ্য পােৱা নাই। আনহাতে গাঁৱৰ বিভিন্ন স্থানত দুয়ােপক্ষৰ মাজত হােৱা গুলীয়াগুলীৰ শব্দ গাঁওবাসীয়ে শুনিবলৈ পায়। ইয়াৰ লগতে কুজু পথাৰৰ কাষৰ কনাই পথাৰতাে সংঘর্ষ হয়। শেহতীয়াকৈ অঞ্চলটোত সেনা বাহিনী উপস্থিত হৈ ব্যাপক অভিযান চলাইছে। জানিব পৰা মতে কাষৰ দুৱাৰমাৰা সংৰক্ষিত বনাঞ্চলখন নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰি ৰাখিছে। তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ঘটনাস্থলীলৈ গৈ অভিযানটোত অংশ লয়। সম্প্রতি কুজু পথাৰ গাঁৱৰ পৰা গৰিষ্ঠ সংখ্যক লােকে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ পােৱা তথ্য মতে আলফাৰ সৈতে হােৱা সংঘর্ষ আহত হােৱা ভাস্কৰ কলিতাক মৃত্যুঞ্জয় বাহনেৰে চিকিৎসালয়লৈ অনাৰ পথত মৃত্যু হােৱা বুলি জানিব পৰা গৈছে। নিশা ১০ বজালৈকে অঞ্চলটোত দুয়ােপক্ষৰ মাজত গুলীয়াগুলী চলি থকাৰ খবৰ পােৱা গৈছে। নিহত অচি কলিতা আজাৰা থানাৰ অন্তর্গত পলাশবাৰীৰ নিকটৱর্তী মাজিৰগাঁৱৰ নিৱাসী খগেন কলিতা আৰু ৰাজুবালা কলিতাৰ একমাত্র পুত্র। তিনি বছৰ পূর্বে বিবাহপাশত আৱদ্ধ হােৱা কলিতাৰ (৩৭) পত্নীসহ যুঁজা দুবছৰীয়া পুত্র-কন্যা আৰু এগৰাকী ভনীয়েক আছে। তেওঁ ২০০৮ চনত অসম আৰক্ষীত যােগদান কৰিছিল।

No comments:

Post a Comment

SPONSORED