অসমকে ধৰি উত্তৰ- পূর্বাঞ্চলৰ বিভিন্ন স্থানত ধুমুহা-বৰষুণৰ সম্ভাৱনা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 5, 2018

অসমকে ধৰি উত্তৰ- পূর্বাঞ্চলৰ বিভিন্ন স্থানত ধুমুহা-বৰষুণৰ সম্ভাৱনা

গুৱাহাটীঃ  ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শুক্ৰবাৰে জাৰি কৰা এটা সতর্কবাণীত এই বুলি কয় যে অহা ৫-৭ মে’ৰ ভিতৰত দেশৰ কেইবাখনো ৰাজ্যত প্রবল ধুমুহাৰ লগতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ আনহাতে অসমকে ধৰি উত্তৰ-পূর্বাঞ্চলৰ বিভিন্ন ঠাইত ১০ মে’লৈকে ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে৷ বতৰ বিজ্ঞান বিভাগৰ মতে, কাইলৈ জম্মু আৰু কাশ্মীৰ, হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডত গাজনি-ঢেৰেকনিয়ে ধুমুহা অহাৰ সম্ভাৱনা আছে৷
আনহাতে, পশ্চিম বংগ আৰু ওড়িষাৰ উপৰি অসম, নগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্রিপুৰাত প্রবল ধুমহাৰ লগতে ধাৰাসাৰ বৰষুণ হ’ব পাৰে৷ আনহাতে ৬ মে’ত অসম, ত্রিপুৰা আৰু মেঘালয়ত প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ উত্তৰাখণ্ড, জম্মু আৰু কাশ্মীৰ আৰু হিমাচল প্রদেশত শিলাবৃষ্টিৰ লগতে ধুমুহা-বৰষুণ, পশ্চিম বংগ আৰু ছিকিমত ধুমুহা-বৰষুণ আৰু উত্তৰ প্রদেশকে ধৰি আন কেইখনমান ৰাজ্যত ধুমুহা আৰু প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, ৮ মে’তো বতৰ প্রায় অপৰিৱর্তিত থাকিব৷আনহাতে ৯ আৰু ১০ মে’তো বিজুলি-গাজনিৰে পূব আৰু উত্তৰ-পূর্বাঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে সতর্ক কৰি দিয়ে৷ উল্লেখযোগ্য যে যোৱা বুধবাৰে উত্তৰ প্রদেশ, ৰাজস্থান, বিহাৰ, অন্ধ্র প্রদেশ আৰু পশ্চিম বংগত ধূলিৰ ধুমুহা আৰু প্রবল বৰষুণে বিস্তৰ ক্ষতিসাধন কৰে৷ এই ৰাজ্যকেইখনত প্রায় ১২৭জন লোকে প্রাণ হেৰুৱায়৷

No comments:

Post a Comment

SPONSORED