কোঁচ ৰাজবংশী সাহিত্য সভাৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, May 05, 2018

কোঁচ ৰাজবংশী সাহিত্য সভাৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুতি

গোঁসাইগাওঁ : অহা ২২ মে’ত কোঁচ-ৰাজবংশী সাহিত্য সভাৰ ২৬ তম্ প্ৰতিষ্ঠা দিৱস কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমত উলহ মালহৰে উদযাপন কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলিছে৷ শক্তি আশ্ৰমস্থিত সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ গিৰজা ভূষণ ৰায় ভৱনত আজি উপদেষ্টা গিৰিন্দ্ৰ নাৰায়ন ৰায়ৰ পৌৰহিত্যত অনুষ্ঠিত হৈ যোৱা সাধাৰন সভাত সদনৰ সৰ্বসন্মতি ক্ৰমে এখনি অভ্যৰ্থনা সমিতি গঠন কৰা হয়৷ কোঁচ ৰাজবংশী সাহিত্য সভাৰ সাধাৰন সম্পাদক কমল কুমাৰ বৰ্মন স্বাক্ষৰিত এক বিবৃতিত উল্লেখ কৰা মতে, প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে সভাপতি হিচাপে মুনিন্দ্ৰ চন্দ্ৰ ৰায় আৰু সম্পাদক হিচাপে দেৱ প্ৰসাদ বৰুৱাক লৈ মুঠ ৩৫ জনীয়া এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰে৷ ইয়াৰোপৰি উক্ত দিনটোতে কোঁচ ৰাজবংশী সাহিত্য সভাৰ নৱ নিৰ্মিত ভৱনটো আমন্ত্ৰিত অতিথিৰ জৰিয়তে শুভ উদ্বোধন কৰাৰো যো-জা কৰে৷

No comments:

Post a Comment

SPONSORED