এবছুৰ পৃথক ৰাজ্যৰ আন্দোলনত বি জে পিৰ একাংশ নেতা জড়িত-হাগ্ৰামা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, May 05, 2018

এবছুৰ পৃথক ৰাজ্যৰ আন্দোলনত বি জে পিৰ একাংশ নেতা জড়িত-হাগ্ৰামা


বাক্সাঃ বাক্সা জিলৰ বৰমা কালজাৰত ৫ এপ্ৰিলত বি এড কলেজৰ আধাৰশিলা স্থাপন কৰে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে৷ ইয়াৰ পাছতে মুছলপুৰত হাগ্ৰামা মহিলাৰীয়ে এখন দলীয় সভাত অংশগ্ৰহণ কৰি বি জে পি আৰু এবছুক তীব্ৰ সমালোচনা কৰি কয় যে এবছুৰ পৃথক বড়ো ৰাজ্যৰ ধাৰাবাহিক আন্দোলনত বি জে পিৰ একাংশ নেতা প্ৰত্যক্ষভাৱে জড়িত আছে; যাৰ ফলত এবছুৱে  ৰাষ্ট্ৰীয় ঘাইপথত চাহ-ভাত বনাই আন্দোলন কৰিবলৈ সাহস পাইছে৷
এবছুৰ এই আন্দোলনৰ দ্বাৰা বি জে পিয়ে বি পি এফক ৰাজনৈতিকভাৱে নিঃশেষ কৰিবলৈ উঠি-পৰি লাগিছে বুলিও তেওঁ অ‌ভিযোগ কৰে৷ দলীয় সভাৰ অন্ততঃ মহিলাৰীয়ে পুনৰ জিলাখনৰ জালাহত এখন নাগৰিক সভাত অংশগ্ৰহণ কৰে ৷

No comments:

Post a Comment

SPONSORED