নক্সাল আন্দোলনৰ প্রধান নেতা ভাস্কৰ নন্দীৰ মৃত্যু - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 5, 2018

নক্সাল আন্দোলনৰ প্রধান নেতা ভাস্কৰ নন্দীৰ মৃত্যু

গুৱাহাটী : জ্যেষ্ঠ নক্সালপন্থী নেতা আৰু ভাৰতৰ কমিউনিষ্ট পার্টি (মার্ক্সবাদী-লেনিনবাদী) অস্থায়ী কেন্দ্রীয় সমিতি (পি চি চি, চি পি আই (এম-এল)ৰ প্রধান সম্পাদক ভাস্কৰ নন্দী আৰু নাই। শুকুৰবাৰে জলপাইগুৰিত দুৰাৰােগ্য ৰােগত ভুগি থকা নন্দীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
বাতৰি কাকতলৈ দিয়া এটা বিবৃতিত এইকথা জনাইছে দলটোৰ সহ সম্পাদক সুভাষ দেবে। উল্লেখযােগ্য যে ইংলেণ্ডত শিক্ষা জীৱন কটোৱা আৰু আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যা
লয়ৰ সমাজতত্ত্ব বিভাগত অধ্যাপনা আৰম্ভ কৰা নন্দীয়ে ১৯৬৭ চনত দেশলৈ আহোঁতে নক্সাল আন্দোলনৰ প্রবাদ পুৰুষ চাৰু মজুমদাৰক লগ পাই সেই আন্দোলনত জঁপিয়াই পৰে। তেওঁ বিদেশৰ সন্মানজনক চাকৰি তথা পৰিয়াল বিদেশতে এৰি দেশতে থাকি যায়। আৰু চাৰু মজুমদাৰৰ নির্দেশ মতে সেই বছৰতে অসমত নক্সাল আন্দোলন সংগঠিত কৰিবলৈ আহে। সর্বক্ষণৰ কৰ্মীৰূপে ভাৰত বিপ্লৱৰ স্বাৰ্থত নিজকে উছৰ্গা কৰা নন্দীয়ে চাৰু মজুমদাৰৰ ছহীদীৰ পাছত আৰু চৰকাৰী দমনত প্রায় দহহেজাৰ নক্সালপন্থী মৃত্যুৰ পাছত বিক্ষিপ্ত হৈ পৰা নক্সাল আন্দোলনক পুনৰ সংগঠিত কৰাত আত্মনিয়ােগ কৰে। তেওঁ অসম আৰু ত্ৰিপুৰাৰ উপৰি বংগ আৰু বিহাৰৰ একাংশত চি পি আই (এম-এল)ৰ ঐক্য সমিতি গঢ়ি তােলে। পৰৱৰ্তী কালত এই ঐক্য সমিতিয়ে আন কেইবাটাও নক্সালপন্থী গােটৰ লগত ঐক্যবদ্ধ হৈ গঢ়ি তােলে চি পি আই (এমএল)ৰ অস্থায়ী কেন্দ্রীয় সমিতি (পি চি চি)। এই পি চি চিৰে মূল তাত্ত্বিক তথা মতাদর্শগত নেতা হিচাপে কমৰেড নন্দীয়ে নক্সাল আন্দোলনৰ ভিতৰত সশস্ত্র সংগ্রাম তথা সংগঠনৰ সমান্তৰালভাৱে, কিন্তু তাতােকৈ গুৰুত্ব সহকাৰে গণসংগ্রাম তথা গণসংগঠন গঢ়ি তােলা প্রসংগটো পােনপ্ৰথমবাৰৰ বাবে উত্থাপন কৰে। নক্সালপন্থীসকলৰ সংসদীয় নির্বাচনত অংশগ্ৰহণৰ প্রশ্নটোও বিপ্লৱৰ লক্ষ্য হিচাপে নহয়, সংগ্ৰামৰ ৰূপ হিচাপে পােনপ্ৰথমবাৰৰ বাবে উত্থাপন কৰে।

No comments:

Post a Comment

SPONSORED