বাংলাদেশলৈ গোপনে চলিছে শিলৰ সৰবৰাহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 5, 2018

বাংলাদেশলৈ গোপনে চলিছে শিলৰ সৰবৰাহ

ৱেব সংবাদঃ যি সময়ত শিলৰ নাটনিৰ বাবে ৰাজ্যত পথ নির্মাণ, গৃহ নির্মাণত বিৰূপ প্রভাৱ পৰিছে, সেই সময়তেই বাংলাদেশলৈ অবৈধভাৱে দৈনিক পঠোৱা হৈছে হাজাৰ হাজাৰ ঘন ছেঃ মিঃ শিল৷ বাংলাদেশলৈ শিল ৰপ্তানিৰ নামত একপ্রকাৰ বৃহৎ ছিণ্ডিকেট গঢ়ি উঠিছে৷ ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত অৱস্থিত সোণাহাট আন্তর্তিক বাণিজ্য কেন্দ্রৰ জৰিয়তে বাংলাদেশলৈ ৰপ্তানি হোৱা শিলৰ নামত এই ছিণ্ডিকেট গঢ়ি উঠিছে৷
ভূটানৰ পৰা ক্রয় কৰা শিলক লৈ গঢ়ি উঠা বৃহৎ ছিণ্ডিকেটত কেন্দ্রীয় চৰকাৰৰ কাষ্টম বিভাগ আৰু ৰাজ্য চৰকাৰৰ বন, পৰিবহণ বিভাগৰ উপৰি আৰক্ষী প্রশাসন জড়িত থকাৰ অভিযোগ উঠিছে৷ বাংলাদেশলৈ কয়লা সৰবৰাহৰ নামত গঢ়ি উঠা ছিণ্ডিকেটৰ দৰেই এইবাৰ শিলক লৈ চলা ছিণ্ডিকেটে ব্যাপক চর্ লাভ কৰিছে৷ এই ছিণ্ডিকেটৰ সৈতে শাসকীয় বিধায়ক এগৰাকীৰ আশিসধন্য সৰকাৰ উপাধিৰ পালিনেতা জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে৷
উল্লেখযোগ্য যে ভূটানৰ শিল পশ্চিম বংগৰ আলিপুৰ দুৱাৰ-কামাখ্যাগুৰি হৈ বক্সিৰহাট সীমাইদি সোণাহাটৰ আন্তজার্তিক বাণিজ্য কেন্দ্রলৈ আহে৷ ভূটানৰ পৰা শিল ভাৰতীয় ব্যৱসায়ীয়ে প্রতি ছেঃমিটাৰত ৭০০ টকাকৈ ক্রয় কৰে৷ অসমত প্রৱেশ কৰাৰ বাবে বক্সিৰহাটত ৰাজ্যৰ বন বিভাগে প্রতিখন ট্রাকৰ বিপৰীতে ৫০০ টকা সংগ্রহ কৰে৷ সেইদৰে সীমা শুল্কও সোণাহাট বাণিজ্য কেন্দ্রত ব্যৱসায়ীসকলে আদায় দিব লাগে৷
বৈধভাৱে আন্তর্তিক বাণিজ্যৰ ক্ষেত্রত থকা সকলো নীতি-নিয়ম এইক্ষেত্রত শিল সৰবৰাহীসকলে পালন কৰে৷ কিন্তু কয়লাৰ দৰে শিলৰ ক্ষেত্রতো অভাৰল’ডিঙৰ নামতেই ছিণ্ডিকেট চলি আছে৷ বাংলাদেশক বিক্রী কৰা প্রতি ছেঃ মিঃ শিলৰ নির্ধাৰিত মূল্য হ’ল ১৪০০ টকা৷ কিন্তু কেন্দ্রীয় সীমা শুল্ক, ৰাজ্যৰ বন-পৰিবহণ বিভাগ, আৰক্ষী-প্রশাসন সকলোকে মেনেজ কৰি পশ্চিম বংগ আৰু অসমৰ প্রভাৱশালী ব্যৱসায়ী চক্রটোৱে ৰাজহ আদায় দিয়াতকৈ দুগুণ পৰিমাণৰ শিল অভাৰল’ডিঙকৈ প্রেৰণ কৰি আছে৷
অভাৰল’ডিঙত পঠোৱা শিলখিনিৰ মূল্যও নির্ধাৰিত ১৪০০ টকাৰ বিপৰীতে বেছিকৈ সংগ্রহ কৰে ব্যৱসায়ীসকলে৷ সপ্তাহৰ দেওবাৰ আৰু শুকুৰবাৰক বাদ দি আনকেইটা দিনত দৈনিক ১২৫-১৩০খন ট্রাক-ডাম্পাৰেৰে বাংলাদেশলৈ শিল ৰপ্তানি কৰা হয়৷ ৰাজ্যৰ বন বিভাগে প্রতিদিনে বক্সিৰহাটত প্রায় ৬৫,০০০ টকা ৰাজহ সংগ্রহ কৰাৰ বিপৰীতে ছিণ্ডিকেট চক্রই দৈনিক দহ লক্ষাধিক টকা অবৈধভাৱে উপার্জন কৰে৷
বাংলাদেশত শুকুৰবাৰ আৰু ভাৰতত দেওবাৰ চৰকাৰী বন্ধ হোৱা হেতুকে প্রতি সপ্তাহৰ এই দুটা দিনক বাদ দি মাহৰ ২৪ দিনেই বাংলাদেশলৈ সোণাহাট বাণিজ্য কেন্দ্রৰ যোগেদি শিল ৰপ্তানি হৈ আছে৷ তেনেক্ষেত্রত ছিণ্ডিকেট চক্রই বাংলাদেশলৈ অবৈধভাৱে শিল সৰবৰাহৰ নামত মাহিলি ২ কোটি ৪০ লাখ টকা উপার্জন কৰি আছে৷ বক্সিৰহাটত পৰিবহণৰ চে’কগে’ট বন্ধ কৰি দিয়া হৈছে যদিও অভাৰল’ডিং ট্রাকৰ পৰা পৰিবহণ বিভাগৰ বিষয়া-কর্মচাৰীয়ে নিয়মিত ধন সংগ্রহ কৰি আহিছে৷ বক্সিৰহাট আৰু সোণাহাটত আৰক্ষী-প্রশাসনৰ নাকৰ তলত চলি থকা ছিণ্ডিকেটৰাজৰ বিষয়ে দিছপুৰ জ্ঞাত হয় নে নহয় সেয়া প্রশ্নৰ বিষয়৷
নে শাসকীয় বিধায়কৰ ছাঁ দেখি দিছপুৰৰ বৰমূৰীয়াসকলে মৌনতা অৱলম্বন কৰিছে, সেয়া ৰহস্যৰ বিষয়৷ আনহাতে ৰাজ্যত শিলৰ নাটনিৰ সময়ত ভূটানৰ পৰা আমদানিকৃত সামগ্রীবিধক লৈ ৰাজ্যত কিয় ছিণ্ডিকেট গঢ়ি তুলিবলৈ চৰকাৰে সুৰুঙা দিছে তাক লৈও সচেতন মহলৰ মাজত প্রশ্ন উত্থাপন হৈছে৷ উল্লেখ কৰাটো সমীচীন যে ৰাজ্যৰ উত্তৰ-পশ্চিম প্রান্তত ভূটানৰ শিলে ঘৰ-পথ নির্মাণত চাহিদা পূৰণ কৰি আহিছে৷



No comments:

Post a Comment

SPONSORED