মৰিগাঁৱত এম এছ ডি পি আচনি ৰূপায়নত ব্যাপক অনিয়ম - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, May 16, 2018

মৰিগাঁৱত এম এছ ডি পি আচনি ৰূপায়নত ব্যাপক অনিয়ম

লাহৰীঘাট : মৰিগাঁও জিলাত এম এছ ডি পি আঁচনি ৰূপায়নৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে। ৰাজ্যখনৰ আন জিলা সমূহৰ লগতে মৰিগাঁও জিলাৰ উন্নয়ন খণ্ড সমূহৰ দৰিদ্ৰ সংখ্যালঘু জনগণৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে এম এছ ডি পি আঁচনিৰ অধীনত ৫৯০০ লাখ টকাৰ অনুমোদন জনোৱা হৈছিল। মূলত : জিলাখনৰ উন্নয়ন খণ্ড সমূহৰ এলেকাধীন সংখ্যালঘু অধ্যুষিত গাঁৱত দৰিদ্ৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক ইন্দিৰা আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণ কৰি দিয়া, অংগনবাদী কেন্দ্ৰ, শিক্ষা প্ৰতিষ্ঠানৰ অতিৰিক্ত শ্ৰেণীকোঠা, জিৰণী চৰা, ছাত্ৰাবাস, মাৰ্কেট ছেড, ৰাজহুৱা শৌচাগাৰ, সমূহীয়া ভৱন, ৰাজহুৱা পুথিভঁৰাল আদি কেতবোৰ কামৰ উদ্দেশ্য এম এছ ডি পি আচনিৰ অধীনত বৃহৎ পৰিমাণৰ ধনৰাশি আবন্টন দিয়া হৈছিল যদিও আঁচনি সমূহ ৰূপায়নত ব্যাপক দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা বিভাগৰ এম এছ ডি পি আচনিৰ অধীনত মৰিগাঁও জিলাৰ সংখ্যালঘু ৰাইজৰ বাবে ইন্দিৰা আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ বাবদ ২০০৯-২০১০ বিত্তীয় বৰ্ষত ৫১৯৩ টা ইন্দিৰা আৱাস গৃহ নিৰ্মাণৰ বাবে ১৯৯৯.৩১ লাখ টকা আবন্টন লাভ কৰিছিল । একেদৰে ২০১০-২০১১ বিত্তীয় বৰ্ষত ১২২৬.৮ লাখ টকাৰ আবন্টন লাভ কৰিছিল । জানিব পৰা মতে, অনুমোদিত পুঁজিৰ মুঠ ৯০ শতাংশ ধন কেন্দ্ৰীয় চৰকাৰৰ আৰু মাত্ৰ ১০ শতাংশ ধন ৰাজ্য চৰকাৰৰ । কিন্তু অতি পৰিতাপৰ বিষয় যে, বহু দৰিদ্ৰ পৰিয়াল এনে জনকল্যাণমূলক আঁচনিৰ পৰা বঞ্চিত আছিল । ইয়াৰ উপৰিও একাংশই আবাস গৃহ লাভ কৰিছিল যদিও সেইসমূহ বসবাসৰ মুঠেই উপযোগী নাছিল । আনহাতে জিলাখনৰ সংখ্যালঘু এলেকাত সমূহীয়া ভৱন, ৰাজহুৱা শৌচাগাৰ আদি সহস্ৰাধিক নিৰ্মাণ কামৰ বাবে কেন্দ্ৰীয় চৰকাৰে এম এছ ডি পি আচনিৰ অধীনত বিগত ২০১৬-২০১৭ বৰ্ষৰ ৩১ মাৰ্চ ২০১৭ তাৰিখে ১,৮৬,২৩,০০০ টকা মোকলাই দিছিল বুলি জানিব পৰা গৈছে । কিন্তু চৰকাৰে বৰ্ষ কেইটাত এনে বিশাল ধনৰাশি আবন্টন দিছিল যদিও সেই অনুপাতে কাম হোৱা নাছিল। একাংশ ৰাজনৈতিক নেতা আৰু ঠিকাদাৰে মিলি চলাই আহিছিল লুণ্ঠনৰাজ। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ স্থিতি গ্ৰহণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে ইয়াৰ উচিত তদন্ত কৰিলে যে বহু সৰু বৰ ৰৌ বৰালি খালত সোমাব সেয়া কোনেও নুই কৰিব নোৱাৰি। ভূক্তভোগী দৰিদ্ৰ সংখ্যালঘু ৰাইজে বিভাগীয় কৰ্তৃপক্ষক উচিত তদন্তৰ দাবী জনাইছে।

No comments:

Post a Comment

SPONSORED