মাণিকপুৰ : আজি ৰাতিপুৱা চিৰাং জিলাৰ পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত আলুখুন্দা বৌপাৰাত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। ৰাতিপুৱা মুকলি পথাৰত ভাত কেৰেলা তুলি থকা অৱস্থাত এগৰাকী মহিলাক মনোৱাৰ হুছেইন নামৰ যুৱকে হত্যাকাণ্ড সংঘটিত কৰিছে বুলি পৰিয়ালৰ লোকে উল্লেখ কৰিছে। ঘটনা সংঘটিত কৰি যুৱকজনে পলায়ন কৰা ঘটনাত অঞ্চল ব্যাপী তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী মতে, ৰাতিপুৱা আমিৰ হামজাৰ পত্নী তথা দুই সন্তানৰ মাতৃ সাহিদা খাতুনে বৌপাৰা গাঁৱৰ পথাৰত ভাত কেৰেলা খেতিত কাম কৰি থকাৰ সময়তে মনোৱাৰ হুছেইনে চোকা অস্ত্ৰৰে হাত, আৰু ডিঙি কাটি হত্যা কৰে। ৰাতিপুৱা খেতিত কাম কৰি থকাৰ সময়ত গাওঁ খনৰে চিনোৰ উদ্দিনৰ পুত্ৰ মনোৱাৰ হুছেইনে হত্যাকাণ্ড সংঘটিত কৰিছে বুলি মহিলাৰ স্বামী আমিৰ হামজাই সাংবাদিকৰ আগত মন্তব্য কৰে। ঘটনাস্থলীত চিৰাং জিলাৰ আৰক্ষী অধীক্ষক, বিজনী মহকুমা আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি নাথ আৰু পানবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
যদিও কাকো গ্ৰেপ্তাৰ কৰা নাই। হত্যাকাৰীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দাবী জনাইছে এবিএমছুৰ নেতা কৰ্মী সকলে।
No comments:
Post a Comment