লাহৰীঘাটত ''মাৰ্কাজুল মা'আৰিফ'' ৰ খাদ্য সামগ্ৰী বিতৰণত ভোট বেংকৰ ৰাজনীতি : তীব্ৰ প্ৰতিক্ৰিয়া স্থানীয় ৰাইজৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, May 16, 2018

লাহৰীঘাটত ''মাৰ্কাজুল মা'আৰিফ'' ৰ খাদ্য সামগ্ৰী বিতৰণত ভোট বেংকৰ ৰাজনীতি : তীব্ৰ প্ৰতিক্ৰিয়া স্থানীয় ৰাইজৰ

লাহৰীঘাট : ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সমাগত পবিত্ৰ ৰমজান মাহ উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে মৰিগাঁৱৰ লাহৰীঘাটতো খাদ্য সামগ্ৰী লৈ উপস্থিত হৈছে হোজাইৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা ''মাৰ্কাজুল মা'আৰিফ'' । কিন্তু দুখীয়া নিছলাক সহায়ৰ নামত আভুৱা ভাৰি থকা মাৰ্কাজুল মা'আৰিফ ৰ কাৰ্যই সকলোকে চিন্তিত কৰি তুলিছে।
এই সন্দৰ্ভত লাহৰীঘাট অঞ্চলৰ খাদ্য সামগ্ৰী বিতৰণৰ গুৰু দায়িত্বত থকা এ ইউ ডি এফ দলৰ জেষ্ঠ নেতা তথা লাহৰীঘাট সমবায় সমিতিৰ সভাপতি মঃ আব্দুল ৰেজাকে স্থানীয় সাংবাদিকক জনোৱা মতে , মাৰ্কাজুল মা'আৰিফ হৈছে এ আই ইউ ডি এফৰ শীৰ্ষ নেতা তথা সভাপতি বদৰুদ্দিন আজমল নেতৃত্বাধীন এটি সংস্থা আৰু খাদ্য সামগ্ৰী খিনি এ আই ইউ ডি এফ দলৰ। ইয়াৰ উপৰিও তেখেতে আৰু কয় যে, ইউ ডি এফ দলৰ বাবে পৰিশ্ৰম কৰা লোকৰ বাবেহে বিতৰণ কৰি থকা হৈছে খাদ্য সামগ্ৰী সমূহ। তেখেতৰ এনে উদ্ভট মন্তব্যৰ পাছত স্থানীয় ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। সচেতন মহলে এনে কাৰ্য্যক তীব্ৰ ভাষাৰে সমালোচনা কৰি এ আই ইউ ডি এফক ভোট বেংকৰ ৰাজনীতি এৰিবলৈ সকিয়াই দিয়ে৷

No comments:

Post a Comment

SPONSORED