তামুলপুৰ : বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটা বনাঞ্চলিক বিষয়াৰ কাৰ্যলৰ বন বিষয়া আৰু কৰ্মচাৰী সকলে কালি পুৱতি নিশা আকস্মিক ভাৱে এক অভিযান চলাই ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথত নদীৰ পৰা অতিৰিক্ত ভাৱে শিল - বালি কঢ়িওৱা চালান বিহীন ডাম্পাৰ এখন জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দকৃত ডাম্পাৰ খনৰ নং এছ ২৫ চি ৮ ১২৭৷ জব্দকৃত ডাম্পাৰ খন কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়লৈ আনে৷জানিব পৰা মতে বন বিভাগৰ অগোচৰে একাংশ অসাধু লোকে চোৰাং ভাৱে নদীৰ পৰা অবৈধ ভাৱে শিল বালি উঠাই নিশা নিশা সৰবৰাহ কৰি আহিছে৷ এই ক্ষেত্ৰত বনবিভাগ সক্ৰিয় হৈ আজি কিছুদিন ধৰি নিশা অভিযান চলাই আহিছিল৷

ইপিনে ডাম্পাৰখনৰ বিৰুদ্ধে বন বিভাগে এক গোচৰ ৰুজু কৰিছে ৷ আজি কিছুদিন আগতে ডাম্পাৰৰ দৌৰাত্মত কুমাৰীকাটাৰ ৰাইজ অতিষ্ঠ হৈ পৰাৰ সময়তে কালি নিশা এখন তীব্ৰবেগী ডাম্পাৰে নিয়ন্ত্ৰন হেৰুয়াই কুমাৰীকাটাৰ চোচামাৰা চ’কত এটি পৰিয়ালৰ ঘৰত সোমাই যায়৷ফলত পথৰ দাঁতিত থকা বিদ্যুতৰ খুঁটা মহতিয়াই নিয়াৰ লগতে পৰিয়ালটোৰ ঘৰবাৰীৰ অনিষ্ট সাধন কৰে ৷
আজি কিছুদিন আগতে ডাম্পাৰ আৰু টেক্টৰৰ দৌৰাত্মৰ ফলতে কুমাৰীকাটাৰ দুজনকৈ যুৱকক খুন্দিয়াই ঘুণীয়া কৰিছিল যাৰ ফলত সম্প্ৰতি দুয়ো চিকিৎসালয়তে মৃত্যুৰ সতে যুঁজ দি থাকিব লগা হৈছে৷
No comments:
Post a Comment