হাউলীত অপহৰণ কাণ্ডৰ লগত জড়িত মহিলা আটক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, May 11, 2018

হাউলীত অপহৰণ কাণ্ডৰ লগত জড়িত মহিলা আটক

বৰপেটা : বৰপেটা জিলাৰ হাউলী নগৰত থকা এখন চাহৰ দোকানৰ ভিতৰৰ পৰা এগৰাকী মহিলাক অপহৰণ কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত বৰপেটাৰোড আৰু হাউলী মহিলা সমিতিৰ যৌথ অভিযানত এগৰাকী ২৭ বছৰীয়া মহিলাক আটক কৰি হাউলী আৰক্ষী থানাত চমজাই দিয়ে।
জানিব পৰামতে যোৱা ৪ মে'ত মৈৰামাৰা গাঁৱৰ জাকিৰ আলীৰ পত্নীক মহিলাগৰাকীৰ নেতৃত্বত চলা এটি দুষ্ট চক্ৰই অপহৰণ কৰি অজ্ঞাত স্থানত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহিলা সমিতিয়ে।
এই ঘটনা সন্দৰ্ভত ইতিমধ্যে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটকাধীন মহিলাগৰাকীৰ পৰা অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

No comments:

Post a Comment

SPONSORED